--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কাৰ বাবে কেতিয়া ক'ত ৰৈ থাকে সেয়া কোনেও নাজানে। এগৰাকী যুৱতীয়েও জনা নাছিল কালিৰ দিনটোৱেই যে তেওঁৰ শেষ দিন হ'ব। মনৰ উলাহত তেওঁ ওলাই গৈছিল ভাবীস্বামীক লগ কৰিবৰ বাবে। অহা মাহত বিয়াৰ দিন ঠিক কৰা হৈছিল যুৱতীগৰাকীৰ। পাছে ভাবীস্বামীক লগ কৰা নহ'ল..ৰাজপথত তেওঁৰ বাবে অপেক্ষা কৰি আছিল কাল নিয়তিয়ে। এক অনাকাংক্ষিত ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীগৰাকীয়ে।



২৮ বছৰীয়া যুৱতীগৰাকীৰ নাম ৰীমা সিং। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰীমা। পিতৃয়ে কাম কৰা কাৰখানাটো ৫ বছৰ ধৰি বন্ধ হৈ থকাত পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল ৰীমা সিঙে।একমাত্ৰ ভাতৃৰ পঢ়া-শুনাৰ দায়িত্বও ৰীমাই বহন কৰি আহিছে। শুকুৰবাৰে ভাৱীস্বামীক দেখা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল পেছাত ফিজিঅ’থেৰাপিষ্ট যুৱতীগৰাকীয়ে। ভাৱীস্বামীক লগ কৰাৰ পূৰ্বেই ৰাজপথত এজন আৰক্ষী কনিষ্টবলৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় ৰীমাই।

 

শুকুৰবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় কলকাতাৰ ৰাজপথত। হাওৰাৰৰ দশনগৰৰ ১৩৩ নম্বৰ ফকিৰ মিস্ত্ৰী বাগানৰ বাসিন্দা আছিল ৰীমা সিং। ৰীমাই শুকুৰবাৰে তেওঁৰ ভাৱীস্বামীক প্ৰবীৰ ৰয়ক লগ কৰিবলৈ ওলাই আহিছিল ঘৰৰ পৰা। অহাৰ সময়ত মাকক সন্ধিয়া হোৱাৰ আগেয়ে উভতি আহিম বুলি কৈ গৈছিল।

 

দুপৰীয়া প্ৰায় আঢ়ৈ বজাত পাৰ্ক চাৰ্কাছৰ বাংলাদেশৰ দূতাবাসৰ সমীপত কলকতা আৰক্ষী সশস্ত্ৰ বাহিনীৰ কনিষ্টবল চোডুপ লেপচাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত মূৰত গুলী লাগে ৰীমাৰ। যুৱতীগৰাকীক হাস্পতাললৈ নিয়া হয় যদিও অধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু ঘটে ৰীমা সিঙৰ। এই খবৰ লাভ কৰাৰ পাছতেই শোকত ভাগি পৰিছে ৰীমাৰ পৰিয়াল। ৰীমা সিঙৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে