--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু কাৰ বাবে কেতিয়া ক'ত ৰৈ থাকে সেয়া কোনেও নাজানে। এগৰাকী যুৱতীয়েও জনা নাছিল কালিৰ দিনটোৱেই যে তেওঁৰ শেষ দিন হ'ব। মনৰ উলাহত তেওঁ ওলাই গৈছিল ভাবীস্বামীক লগ কৰিবৰ বাবে। অহা মাহত বিয়াৰ দিন ঠিক কৰা হৈছিল যুৱতীগৰাকীৰ। পাছে ভাবীস্বামীক লগ কৰা নহ'ল..ৰাজপথত তেওঁৰ বাবে অপেক্ষা কৰি আছিল কাল নিয়তিয়ে। এক অনাকাংক্ষিত ঘটনাত প্ৰাণ হেৰুৱালে যুৱতীগৰাকীয়ে।



২৮ বছৰীয়া যুৱতীগৰাকীৰ নাম ৰীমা সিং। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল ৰীমা। পিতৃয়ে কাম কৰা কাৰখানাটো ৫ বছৰ ধৰি বন্ধ হৈ থকাত পৰিয়ালৰ সমস্ত দায়িত্ব মূৰ পাতি ল’বলগীয়া হৈছিল ৰীমা সিঙে।একমাত্ৰ ভাতৃৰ পঢ়া-শুনাৰ দায়িত্বও ৰীমাই বহন কৰি আহিছে। শুকুৰবাৰে ভাৱীস্বামীক দেখা কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল পেছাত ফিজিঅ’থেৰাপিষ্ট যুৱতীগৰাকীয়ে। ভাৱীস্বামীক লগ কৰাৰ পূৰ্বেই ৰাজপথত এজন আৰক্ষী কনিষ্টবলৰ নিৰ্বিচাৰ গুলীবৰ্ষণৰ বলি হৈ অকাল মৃত্যুক সাৱটি ল’বলগীয়া হয় ৰীমাই।

 

শুকুৰবাৰে এই শোকাবহ ঘটনা সংঘটিত হয় কলকাতাৰ ৰাজপথত। হাওৰাৰৰ দশনগৰৰ ১৩৩ নম্বৰ ফকিৰ মিস্ত্ৰী বাগানৰ বাসিন্দা আছিল ৰীমা সিং। ৰীমাই শুকুৰবাৰে তেওঁৰ ভাৱীস্বামীক প্ৰবীৰ ৰয়ক লগ কৰিবলৈ ওলাই আহিছিল ঘৰৰ পৰা। অহাৰ সময়ত মাকক সন্ধিয়া হোৱাৰ আগেয়ে উভতি আহিম বুলি কৈ গৈছিল।

 

দুপৰীয়া প্ৰায় আঢ়ৈ বজাত পাৰ্ক চাৰ্কাছৰ বাংলাদেশৰ দূতাবাসৰ সমীপত কলকতা আৰক্ষী সশস্ত্ৰ বাহিনীৰ কনিষ্টবল চোডুপ লেপচাৰ নিৰ্বিচাৰ গুলীবৰ্ষণত মূৰত গুলী লাগে ৰীমাৰ। যুৱতীগৰাকীক হাস্পতাললৈ নিয়া হয় যদিও অধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু ঘটে ৰীমা সিঙৰ। এই খবৰ লাভ কৰাৰ পাছতেই শোকত ভাগি পৰিছে ৰীমাৰ পৰিয়াল। ৰীমা সিঙৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ