--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  অহা ১১ অক্টোবৰত ছবিগৃহত মুক্তি পাবলগীয়া তেওঁৰ আটাইতকৈ প্ৰত্যাশিত একচন থ্ৰিলাৰ ছবি ‘দেৱৰা - পাৰ্ট ১’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে ছাইফ আলী খানে। আনহাতে তেওঁৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত বৰ্তমান চৰ্চাত আছে। ভিডিঅ’টোত তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰশংসা কৰা দেখা গৈছে।




Saif Ali Khan ने की राहुल गांधी की तारीफ, कहा- अपनी मेहनत से उन्होंने सब  बदल दिया | Devara actor saif ali khan praised rahul gandhi for his  dedicated brave and honest

কেৱল এয়াই নহয়, আন ব্যৱহাৰকাৰীসকলেও এই ভিডিঅ’টোক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁৰ কথাত একমত হোৱাৰ বিপৰীতে কিছুমানে ইয়াৰ বাবেও তেওঁক সমালোচনা কৰি আছে। ছাইফ আলী খানৰ এই ভিডিঅ'টো এটা সাক্ষাৎকাৰৰ সময়ৰ। য’ত তেওঁক সোধা হৈছিল যে তেওঁ কেনেকুৱা নেতাক ভাল পায়? ইয়াৰ উত্তৰত ছাইফে কয়, ‘যিসকল নেতা সৎ আৰু সাহসী,তেওঁলোকক মই ভাল পাওঁ’। ইয়াৰ পিছত তেওঁৰ আগত দেশৰ একাংশ ভৱিষ্যত নেতাৰ নাম লোৱা হয় ।


তেওঁক প্ৰশ্ন কৰা হয় যে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অৰবিন্দ কেজৰিৱাল আৰু ৰাহুল গান্ধীৰ ভিতৰত তেওঁ কাক আটাইতকৈ সৎ আৰু সাহসী বুলি বিবেচনা কৰে?’ এই বিষয়ে ছাইফে ক’লে, ‘মই ভাবো এই তিনিওজন নেতা সাহসী, কিন্তু ৰাহুল গান্ধীয়ে যি কৰিছে সেয়া প্ৰশংসনীয়। আগতে মানুহে তেওঁৰ কথাক সহজভাৱে লৈছিল কিন্তু তেওঁ বহুত কষ্ট আৰু সাধনাৰে এই ধাৰণা সলনি কৰিছে। ছাইফ আলী খানৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত তীব্ৰভাৱে শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীৰ অনুৰাগীয়ে।


Devara Part 1 (2024) - IMDb

উল্লেখ্য যে ,আমাজন প্ৰাইমত প্ৰচাৰিত ‘টাণ্ডৱ’ ধাৰাবাহিকত প্ৰধানমন্ত্ৰীৰ উত্তৰাধিকাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল ছাইফে। এই ধাৰাবাহিকখন মুক্তি পোৱাৰ সময়ত বহুতে তেওঁৰ চৰিত্ৰক ৰাহুল গান্ধীৰ লগত তুলনা কৰিছিল। বৰ্তমান ছাইফ আলী খানক চাউথ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ আৰু জানহৱী কাপুৰৰ সৈতে ‘দেৱৰা - ১ ত দেখা যাব। ছবিখনত তেওঁক খলনায়কৰ চৰিত্ৰত দেখা যাব। ইয়াৰ উপৰিও তেওঁৰ অনুৰাগীসকলেও তেওঁৰ ছবিখন মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু