--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিৰণ ৰাওৰ ছবি ‘লাপাটা লেডিজ’ক অস্কাৰ ২০২৫ৰ বাবে ভাৰতৰ অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত কৰা হৈছে। এই ছবিখনে শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ শাখাত মনোনয়ন লাভ কৰিছে। ‘লাপাটা লেডিজ’ৰ সকলো অভিনেতাই নিজৰ শক্তিশালী অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিছে। এই বৰ্ষতে ছবিগৃহত মুক্তি পোৱা এই ছবিখনে কম বাজেটত বহুত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । একে সময়তে অ’টিটিত মুক্তি পোৱাৰ পিছতো ছবিখনে অ’টিটি প্ৰেমীৰ পৰা অতি ভাল সঁহাৰি লাভ কৰিছিল আৰু এতিয়া ছবিখনে অস্কাৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।


Laapataa Ladies (2024) - Movie | Reviews, Cast & Release Date - BookMyShow

বিশেষ কথাটো হ’ল যে আমিৰ খানে নিজেই এই ছবিখনত এটা চৰিত্ৰত অভিনয় কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল, যাৰ বাবে তেওঁ অডিচনো দিছিল। অৱশ্যে ছবিখনৰ বাবে তেওঁক বহুত ডাঙৰ তাৰকা বুলি কৈ নাকচ কৰা হয়। ইয়াৰ পিছত সেই চৰিত্ৰটোত অভিনয় কৰিছিল ৰবি কিষাণে। এক সাক্ষাতকাৰত এই কথা প্ৰকাশ কৰে আমিৰ খানে। চলিত বৰ্ষৰ আৰম্ভণিতে আমিৰ খানে জনায়, ‘কাহিনীটো সঁচাকৈয়ে ভাল আছিল আৰু ইয়াতো এটা মুখ্য চৰিত্ৰ আছিল। মই ভাবিলোঁ এই কাহিনীটো কিৰণক দিম, হয়তো তেওঁ ভাল পাব।’

আমিৰ খানে ছবিখনত ৰবি কিষাণে অভিনয় কৰা থানেদাৰৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰিছিল। আমিৰ খানে কয়, ‘মই ছবিখনত এটা ভূমিকা ল’ব বিচাৰিছিলো, কিন্তু কিৰণে ক’লে, আপুনি বহুত ডাঙৰ তাৰকা, মোৰ ছবিখন সৰু, আপুনি ইয়াক নষ্ট কৰিব। মই ক’লোঁ, অন্ততঃ মোক স্ক্ৰীণ টেষ্ট এটা কৰিবলৈ দিয়া, সকলো সদস্যই চাব যে এই ভূমিকাটোৰ বাবে মই উপযুক্ত হয় নে নহয়। সেইবাবেই স্ক্ৰীণ টেষ্টটো দিলোঁ।’ 

তেওঁ  কয়, ‘স্ক্ৰীণ টেষ্টৰ পিছত কিৰণ আৰু মই ভূমিকাটো ভাল পাইছিলোঁ, কিন্তু মই যদি তাৰকা হিচাপে দেখা পাওঁ তেন্তে সমস্যাৰ সৃষ্টি হ’ব ৷ কিৰণে সেই চৰিত্ৰত মোক বিচৰা নাছিল’। মোৰ পৰা মানুহে বহুত আশা কৰে। আমি অনুভৱ কৰিছিলো যে মই ছবিখনত থাকিব নালাগে।’ 

'लापता लेडीज' में काम करना चाहते थे आमिर

ইয়াৰ পিছত আমিৰে পুনৰ কিৰণ ৰাওক ক’লে যে তেওঁ ট্ৰপিক থাণ্ডাৰত ৰবাৰ্ট ডাউনী জুনিয়ৰৰ দৰে চেহেৰা সলনি কৰিবলৈ সাজু, কিন্তু পৰিচালকৰ প্ৰতিক্ৰিয়াই তেওঁক ৰখাই দিলে। তেওঁ ক’লে, ‘মই মোৰ চেহেৰা সলনি কৰিম’, যাৰ উত্তৰত কিৰণে ক’লে, ‘তেন্তে কি লাভ’?’ একেখন ৰেলতে হেৰাই যোৱা দুগৰাকী নৱবিবাহিত কইনাৰ ওপৰত আধাৰিত ছবিখন। এই ছবিখন বিপ্লৱ গোস্বামীৰ বঁটা বিজয়ী কাহিনীৰ আধাৰত নিৰ্মিত।’


এই ছবিখনৰ কাহিনী আৰু সংলাপ স্নেহা দেশাই লিখিছে, অতিৰিক্ত সংলাপ লিখিছে দিব্যনিদী শৰ্মাই। আমিৰ খান প্ৰডাকচন আৰু কিণ্ডলিং প্ৰডাকচনৰ অধীনত নিৰ্মিত কিৰণ ৰাওৰ ছবি ‘লাপাটা লেডিজ’ ছবিগৃহত মুক্তিৰ পূৰ্বে ২০২৩ চনত টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (টিআইএফএফ) প্ৰদৰ্শিত হৈছিল। এই ছবিখন চলিত বৰ্ষৰ মাৰ্চ মাহত মুক্তি পাইছিল, তাৰ পিছত কেইমাহমানৰ পিছত অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত মুক্তি পায়। তাতো ছবিখনে যথেষ্ট সঁহাৰি পালে।

Laapataa Ladies review: Kiran Rao weaves content, comedy and conversations  | Bollywood - Hindustan Times


শেহতীয়াকৈ কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ‘লাপাটা লেডিজ’ ছবিখনক অস্কাৰ বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হৈছে। ভাৰতীয় ফিল্ম ফেডাৰেচনে অস্কাৰৰ বাবে ‘লাপাটা লেডিজ’ক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৰে মন সুখেৰে ভৰি পৰিছে ৷

আপোনালোকে জানি আচৰিত হ’ব যে কিৰণ ৰাওৰ এই ছবিখনক অসমৰ সুনামধন্য চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ নেতৃত্বত গঠিত ১৩ জনীয়া প্ৰতিষ্ঠিত জুৰীৰ দ্বাৰা নিৰ্বাচিত কৰা হয় ।


Oscars 2025 Date & Timeline Set ...


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু