--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সাংসদৰ পদ কৰ্তনৰ জোকাৰণি গৈ ৰাষ্ট্ৰসংঘৰ মজিয়াও পালেগৈ৷ ৰাষ্ট্ৰসংঘই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ বিষয়ে জানিব পাৰিছে৷ কেৱল সেয়াই নহয়, ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ কথাও ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাণত পৰিছে৷ ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ' গুটেৰেছৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে ৰাহুল গান্ধীৰ প্ৰতি ৰাষ্ট্ৰসংঘই সমমৰ্মিতা প্ৰকাশ কৰিছে৷  

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ  উপ-মুখপাত্ৰ ফাৰহান হকে  এক সংবাদমেলত গুটেৰেছ ভাৰতৰ "গণতন্ত্ৰক লৈ চিন্তিত" নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰ দিয়ে ৷ তেওঁ কয় মই ক'ব পাৰোঁ যে ৰাষ্ট্ৰসংঘই  ৰাহুল গান্ধীৰ ঘটনা সম্পৰ্কে  অৱগত।এইক্ষেত্ৰত ৰাহুল গান্ধীৰ দলে আদালতৰ  সিদ্ধান্তটোৰ বিৰুদ্ধে উচ্চ আদালতত আবেদন  কৰাৰ পৰিকল্পনা কৰি বুলিও ৰাষ্ট্ৰসংঘ অৱগত। এই পৰ্যায়ত ৰাষ্ট্ৰসংঘই এনে আইনী যুঁজৰ কথাই সমৰ্থন জনাব বুলিও তেওঁ উল্লেখ কৰে৷  

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে  কালি   লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।

ইপিনে ৰাহুল গান্ধীয়ে হিন্দীত মহাত্মা গান্ধীৰ উদ্ধৃতি দি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।টুইটাৰত ৰাহুলে লিখিছে" মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত আধাৰিত। সত্য হৈছে মোৰ ঈশ্বৰ, অহিংসা ইয়াক প্ৰাপ্ত কৰাৰ উপায়। - মহাত্মা গান্ধী" ৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা