--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সাংসদৰ পদ কৰ্তনৰ জোকাৰণি গৈ ৰাষ্ট্ৰসংঘৰ মজিয়াও পালেগৈ৷ ৰাষ্ট্ৰসংঘই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ দুবছৰৰ কাৰাদণ্ডৰ বিষয়ে জানিব পাৰিছে৷ কেৱল সেয়াই নহয়, ৰাহুল গান্ধীৰ সাংসদ পদ কৰ্তনৰ কথাও ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাণত পৰিছে৷ ৰাষ্ট্ৰসংঘৰ মুৰব্বী এণ্টনিঅ' গুটেৰেছৰ এজন মুখপাত্ৰই প্ৰকাশ কৰা মতে ৰাহুল গান্ধীৰ প্ৰতি ৰাষ্ট্ৰসংঘই সমমৰ্মিতা প্ৰকাশ কৰিছে৷  

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ  উপ-মুখপাত্ৰ ফাৰহান হকে  এক সংবাদমেলত গুটেৰেছ ভাৰতৰ "গণতন্ত্ৰক লৈ চিন্তিত" নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰ দিয়ে ৷ তেওঁ কয় মই ক'ব পাৰোঁ যে ৰাষ্ট্ৰসংঘই  ৰাহুল গান্ধীৰ ঘটনা সম্পৰ্কে  অৱগত।এইক্ষেত্ৰত ৰাহুল গান্ধীৰ দলে আদালতৰ  সিদ্ধান্তটোৰ বিৰুদ্ধে উচ্চ আদালতত আবেদন  কৰাৰ পৰিকল্পনা কৰি বুলিও ৰাষ্ট্ৰসংঘ অৱগত। এই পৰ্যায়ত ৰাষ্ট্ৰসংঘই এনে আইনী যুঁজৰ কথাই সমৰ্থন জনাব বুলিও তেওঁ উল্লেখ কৰে৷  

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ২০১৯ চনত চুৰাট আদালতৰ দ্বাৰা মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে  কালি   লোকসভাৰ সাংসদ পদ কৰ্তনৰ  সন্মুখীন হ'বলগীয়া হয়। তেওঁক বৃহস্পতিবাৰে গোচৰটোত দোষী সাব্যস্ত কৰা হৈছিল আৰু ২ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। অৱশ্যে তেওঁ বৰ্তমান জামিনত আছে। ৰাজ্যজুৰি কংগ্ৰেছ নেতাসকলে ৰাহুলৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ কৰিছে।

ইপিনে ৰাহুল গান্ধীয়ে হিন্দীত মহাত্মা গান্ধীৰ উদ্ধৃতি দি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।টুইটাৰত ৰাহুলে লিখিছে" মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত আধাৰিত। সত্য হৈছে মোৰ ঈশ্বৰ, অহিংসা ইয়াক প্ৰাপ্ত কৰাৰ উপায়। - মহাত্মা গান্ধী" ৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন