--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ দ্বীপটোৰ একমাত্ৰ মহিলা। এই দ্বীপত বাস কৰা বাকী লোকসকল কেৱল পুৰুষ । তেওঁলোক সকলোৱে দুৰ্ধৰ্ষ  অপৰাধী। শাস্তি প্ৰদানৰ বাবে সেই অপৰাধীবোৰক দ্বীপটোলৈ প্ৰেৰণ কৰা হৈছে। অপৰাধীসকলৰ মাজত বেছিভাগেই হত্যা আৰু ধৰ্ষণত দোষী সাৱস্ত্য হৈছে। কিন্তু গিউলিয়া মানকা নামৰ মহিলাগৰাকীয়ে স্বেচ্ছাই অপৰাধীসকলৰ মাজত দ্বীপটোত থাকিবলৈ সিদ্ধান্ত লৈছিল। বহুদিন ধৰি তেওঁ অপৰাধীসকলৰ সৈতে একেলগেই আছে।তেওঁ কিয় এনে কাম কৰিছে তাকেলৈ এতিয়া বহুতৰ মনত প্ৰশ্ন উদয় হৈছে। 


টাস্কানিৰ দ্বীপ পিয়ানোচা দ্বীপটোক এটা ভৌতিক  দ্বীপ বুলি বহুতে ক’ব খোজে। সেয়ে  এই দ্বীপত আন কোনো লোকে  বাস নকৰে।  কেৱল দুৰ্ধৰ্ষ বন্দীসকলকহে  ইয়ালৈ বিতাড়িত কৰা হয়। এতিয়া এই মহিলাগৰাকী  দ্বীপটোত বাস কৰিবলৈ লৈছে।  তেওঁৰ সংগী কেৱল অপৰাধীৰ এটা দল। কিন্তু এই মহিলাগৰাকীয়ে  কিয় সমাজৰ বেছিভাগ মানুহে এৰাই চলিব বিচৰা অপৰাঝীসকলৰ সৈতে বাস কৰে।  তেওঁক অপৰাধীসকলে বন্দী কৰি ৰাখিছে  নেকি? কিন্তু  তেনে কোনো ঘটনা সংঘটিত হোৱা নাই। এটা সময়ত মহিলাগৰাকীয়ে এই দ্বীপটো ভ্ৰমণ কৰিবলৈ আহিছিল আৰু তাৰ পিছতেই  স্বেচ্ছাই ইয়াত থাকিবলৈ সিদ্ধান্ত লৈছিল।

দৰাচলতে মহিলাগৰাকীয়ে নিজৰ সৈতে সময় কটোৱাৰ বাবেই এনে এক নিৰ্জন দ্বীপ বাছি লৈছিল। তেওঁৰ নাম গিউলিয়া মানকা। ২০১১ চনত তেওঁ ইটালীৰ পিয়ানোচা নামৰ দ্বীপটো ভ্ৰমণ কৰিছিল। এই দ্বীপটোত  এখন হোটেল আছে। নাম 'হোটেল মিলেনা'। হোটেল খনৰ  সকলো কৰ্মচাৰী কলংকিত অপৰাধী। তেওঁলোকক মূল সমাজৰ পৰা বিচ্ছিন্ন কৰা হৈছে আৰু দ্বীপটোত ৰখা হৈছে। অৱশ্যে, অপৰাধীসকলক হোটেলখনৰ সকলো কাম চম্ভালিবলৈ দায়িত্ব দিয়া হৈছে যাতে তেওঁলোকক সংশোধন কৰিব পৰা যায়। ভ্ৰমণৰ সময়ত গিউলিয়াই এনে ঘটনা দেখি আকৰ্ষিত  হৈছিল। 

তাৰ পিছত তেওঁ দ্বীপটোতে  থাকিবলৈ সিদ্ধান্ত লৈছিল। তেওঁ বৰ্তমান হোটেলখনৰ মেনেজাৰ। হোটেলখনত ১১ টা কোঠা আছে। য'ৰ পৰা পৰ্যটকসকলে দ্বীপটোৰ চাৰিওফালৰ  প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। হোটেল খনৰ ৰন্ধনৰ পৰা পৰিষ্কাৰ কৰালৈকে সকলোবোৰ ১০ জন অপৰাধীয়ে চম্ভালে।তেওঁলোকৰ বাবে এজন কাৰাগাৰ ৰক্ষী মোতায়েন কৰা হৈছে। আৰু হোটেলখনৰ সকলো দায়িত্ব গোটেই দ্বীপটোৰ একমাত্ৰ মহিলা গিউলিয়াৰ ওপৰত।

 মহিলাগৰাকীয়ে  আগতে পৰ্যটকৰ এজেণ্ট হিচাপে কাম কৰিছিল। সেই অভিজ্ঞতা ব্যৱহাৰ কৰি তেওঁ এই হোটেলখনৰ পৰিচালনাৰ দায়িত্ব লৈছে।   হোটেলখন পৰিচালনা কৰাৰ উপৰি  তেওঁ দ্বীপটোত অভিযুক্তসকলৰ বাবে স্থাপন কৰা পুনৰ্সংস্থাপন কেন্দ্ৰটোও  তত্বাৱধান কৰে। বহুতে তেওঁক ভয়ংকৰ অপৰাধীৰ সৈতে বাস কৰা দেখি ভয় খাইছিল। কিছুমানে তেওঁক পাগল বুলিও ক’বলৈ লৈছে।  কাৰণ দ্বীপটোত থকা সকলোৱেই পুৰুষ । তেওঁৰ ওপৰত অপৰাধীসকলে  যৌন উৎপীড়ন চলাব পাৰে বুলিও বহুতে আশংকা কৰি আহিছে।  কিন্তু বাস্তৱত তেওঁৰ তেনে  একো হোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে  বাহিৰৰ পৃথিৱীতকৈ দ্বীপটোত  অধিক সুৰক্ষিত অনুভৱ কৰে বুলিও  গিউলিয়া মানকাই কয়। 















FOLLOW US F
POPULAR
FEATURE
TRENDY
'ভিলেজ ৰকষ্টাৰ্ছ-২'ৰ বাবে ৰীমা দাসলৈ শ্রেষ্ঠ পৰিচালকৰ সন্মান
১২০ টকা পর্যন্ত বৃদ্ধি হ'ব পাৰে পেট্ৰলৰ দাম
মুম্বাই বন্দৰত পৰি আছে ১৫০ কোটি টকাৰ চাহ
শিৱসাগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড
মাতৃহাৰা হ'ল আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য
অস্ত্ৰোপচাৰৰ পাইপ বুকুৰ অংশত সংযুক্ত হৈ থকা অৱস্থাতেই হাস্পাতালৰ বিছনাৰ পৰাই গীত জুৰিলে শিল্পী চৈয়দ চাদুল্লাই
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত