--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশত প্ৰৱেশ কৰিলেই বোমা নিক্ষেপ কৰা হ’ব৷ হত্যা কৰা হ’ব ৰাহুল গান্ধীক৷ এনেধৰৰ এটা ভাবুকি লাভ কৰা গৈছে৷

ভাবুকি লাভ কৰাৰ পাছতে মধ্যপ্ৰদেশৰ আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিছে৷ জানিব পৰামতে, ইন্দোৰৰ জুনি থানাৰ অন্তৰ্গত এখন মিঠাইৰ দোকানৰ বাহিৰত এই ভাবুকিৰ এখন চিঠি উদ্ধাৰ কৰা হৈছে৷

মিঠাইৰ দোকানৰ আগত কোনে এই চিঠি ৰাখিলে, তাৰ তদন্ত আৰম্ভণি কৰিছে আৰক্ষীয়ে৷ অঞ্চলটোৰ চিচিটিভি ফুটেজসূমূহো আৰক্ষীয়ে পৰীক্ষা কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৮০৭ ধাৰাত এই সম্পৰ্কীয় এটা গোচৰ ৰুজ কৰিছে৷

উল্লেখ্য যে বীৰ চাভাৰকাৰক লৈ শেহতীয়াকৈ ৰাহুল গান্ধীয়ে কৰা মন্তব্যই ব্যাপক চৰ্চা চলি আছে৷ মন্তব্যটোৰ কাৰণেই গান্ধীক হত্যাৰ ভাবুকি দিছে বুলি আৰক্ষীয়ে আশংকা কৰিছে৷

আনহাতে, অহা ২০ নৱেম্বৰত ভাৰত জোড়ো যাত্ৰাই মধ্যপ্ৰদেশত সোমাব৷ তাৰ পূৰ্বে এই ভাবুকিয়ে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক
৭৫ বছৰ! কাক লক্ষ্য কৰি মন্তব্য মোহন ভাগৱতৰ