--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মাতৃয়ে ঘৰৰ মজিয়াত বহি সকলোৰে বাবে খাদ্য যোগাৰ কৰি আছিল। পুত্ৰই পিছফালৰ পৰা মনে মনে আহি মাকৰ ডিঙিত সোণৰ চেইন এডাল পিন্ধাই দিলে। সন্তানৰ পৰা এনে উপহাৰ পাই মাক আচৰিত হৈ পৰে। মাতৃগৰাকীৰ চকুৱে-মুখে বিয়পি পৰে সুখৰ হাঁহি। শেহতীয়াকৈ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

সন্তানক ডাঙৰ-দীঘল কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰে। সকলোৱে বিচাৰে নিজৰ সন্তানে নিজৰ ভৰিৰ ওপৰত থিয় হওক, সফল হওক। জীৱনৰ এটা অধ্যায় পাৰ হোৱাৰ পিছত সন্তানক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠে পিতৃ-মাতৃৰ জগতখন। নিজৰ সকলো চখ বাদ দি পিতৃ-মাতৃয়ে সন্তানৰ চখ পূৰণ কৰে। সেই সন্তানে যেতিয়া ডাঙৰ হৈ পিতৃ-মাতৃৰ চখ পূৰণ কৰে, তাতকৈ ভাল মুহূৰ্ত আৰু একো হ’ব নোৱাৰে। মাতৃ আৰু সন্তানৰ এক আৱেগিক মুহূৰ্তটোও ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। 

চাওক ভিডিঅ’



ভিডিঅ'টোৰ কেপচনত লিখা আছিল, "মাৰ বাবে এটা সৰু উপহাৰ।" সৰুৰে পৰা মাতৃগৰাকীয়ে কষ্ট কৰি পুত্ৰক ডাঙৰ-দীঘল কৰিছিল। নিজৰ বাবে একো চিন্তা কৰা নাছিল। সেই ল’ৰাটোৱে যেতিয়া স্বাধীন হৈ নিজৰ উপাৰ্জনেৰে উপহাৰ আনিছিল তেতিয়া মাতৃগৰাকীৰ হৃদয়ত এক স্বৰ্গীয় অনুভূতিয়ে আৱৰি ধৰিছিল। পুত্ৰই দিয়া ছাৰপ্ৰাইজত মাতৃ বাকৰুদ্ধ হৈ পৰিছে। 

এই ভিডিঅ’টো মুক্তিৰ কিছু মুহূৰ্তৰ ভিতৰতে লাখ লাখ চায়। নেটিজেনসকলে যাচিছে শুভেচ্ছা। বহুতে ভিডিঅ'টোৰ কেপচনত লিখিছে, "প্ৰতি ঘৰতে মাতৃ-পুত্ৰৰ এনে সম্পৰ্কৰ ছবি ভৰি পৰক।"









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক