--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰী কামকাজত হিন্দী ভাষা ব্যৱহাৰৰ সপক্ষে মাত মাতি অহা নেতাসকলক শলঠেকত পেলালে আদালতৰ এক মন্তব্যই। আজি উচ্চতম ন্যায়ালয়ে এক বিশেষ পৰিস্থিতিত কয় যে আদালতত হিন্দী নহয়, ইংৰাজী ভাষাতেই হ’ব লাগিব সকলো কাম। 

ইংৰাজী বুজি নোপোৱা বাবে এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়লৈ আহি তেওঁৰ গোচৰটো হিন্দীত শুনানি হ’ব লাগে বুলি আবেদন কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আদালতৰ কামত হিন্দী ব্যৱহাৰ কৰিব নোৱাৰিব। যদি প্ৰয়োজন হয়, গোচৰটোৰ শুনানিৰ সময়ত ইংৰাজী বুজাই দিব পৰা  আন এজন অধিবক্তাৰ সহায় ল’ব লাগিব। সমগ্ৰ দেশজুৰি হিন্দী ভাষাৰ প্ৰসাৰকলৈ চলি থকা বিতৰ্কৰ মাজতে ন্যায়ালয়ৰ এনে সিদ্ধান্তক বহুতে আদৰণি জনাইছে। 

ইপিনে ন্যায়ালয়ৰ এনে মন্তব্যত শলঠেকত পৰিছে বিজেপিৰ একাংশ নেতা। কেইদিনমান আগতে তামিলনাডু চৰকাৰেও হিন্দীৰ আগ্ৰাসনৰ  বিৰুদ্ধে বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ  কৰিছিল। উল্লেখ্য শংকৰ লাল শৰ্মা নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত গোচৰটো দাখিল কৰিছিল। শুনানিৰ সময়তে তেওঁ থিয় হৈ হিন্দীত কথা ক’বলৈ আৰম্ভ কৰিলে। ন্যায়াধীশ কে এম যোচেফ আৰু ন্যায়াধীশ হৃষীকেশ ৰয়ে সেই সময়ত বিচাৰকৰ আসনত আছিল। তেওঁলোকে স্পষ্ট কৰি দিয়ে যে ইংৰাজীৰ বাহিৰে আন কোনো ভাষা আদালতৰ কাৰ্য্যক্ৰমত ব্যৱহাৰ কৰিব নোৱাৰিব। ন্যায়াধীশ যোচেফে কয়, "মই আপোনাৰ গোচৰটো পৰ্যালোচনা কৰিছো। গোটেই বিষয়টো অতি জটিল। আপুনি ইয়াৰ বিষয়ে কি কৈছে আমি বুজি পোৱা নাই। আদালতৰ ভাষা ইংৰাজী। যদি আপুনি অনুমতি দিয়ে, আমি আন এজন উকীলৰ ব্যৱস্থা কৰিব পাৰোঁ। "
অতিৰিক্ত ছলিচিটৰ জেনেৰেল মাধৱী দিৱানক লগে লগে মাতি পঠোৱা হয়। 

তেওঁ বিচাৰকসকলৰ কথা  শংকৰক বুজাই দিয়ে। সেই সময়ত আদালতত উপস্থিত থকা এজন উকীলক শংকৰৰ হৈ যুঁজিবলৈ অনুৰোধ কৰা হয়। তেওঁ সন্মত হোৱাৰ লগে লগে গোটেই গোচৰটোৰ শুনানি পুনৰ ইংৰাজীত আৰম্ভ হয়। উচ্চতম ন্যায়ালয়েও পৰৱৰ্তী শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰি দিয়ে।  উল্লেখ্য কেইদিনমান আগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহে  হিন্দীক ৰাষ্ট্ৰসংঘত ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া উচিত বুলি কৈছিল।

পত্ৰ খনত  লগতে কোৱা হৈছিল যে হিন্দীক হিন্দীভাষী ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ কামকাজৰ ভাষা হিচাবেও ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰি চৰকাৰী চাকৰিৰ পৰীক্ষাত  ইংৰাজীৰ ঠাইত হিন্দীক বাধ্যতামূলক  কৰিব লাগে বুলিও শ্বাহে কৈছিল।  কিন্তু আজি উচ্চতম ন্যায়ালয়ে হিন্দী ভাষাকলৈ গ্ৰহণ কৰা স্থিতিয়ে শ্বাহৰ ইচ্ছাত যেন চেঁচাপানী ঢালিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মছনদত অধিষ্ঠিত হোৱাৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিজেপিৰ নখন ৰাজ্য দখল
উপকাৰী পাচলি গাজৰ; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে থালাপতি বিজয়ে
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক
৮ মে’ত ৰাজ্যৰ নতুন চৰকাৰৰ শপতগ্রহণ
কানাডাত লৰেন্স বিষ্ণইৰ ঘনিষ্ঠক গুলীয়াই হত্যা ; দায়িত্ব স্বীকাৰ ৰোহিত গোদাৰা গেঙৰ
জনপ্রিয় অভিনেতাৰ পৰা সফল ৰাজনীতিকলৈ থালাপতি বিজয়ৰ বিশাল পৰিক্ৰমা
পাকিস্তান সেনাৰ বৃহৎ স্বীকাৰোক্তি: হাফিজ ছৈয়দ আৰু মাছূদ আজহাৰক ৰক্ষা কৰিবলৈ যুঁজ দিছে চুবুৰীয়া দেশে
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত