--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ চৰকাৰী কামকাজত হিন্দী ভাষা ব্যৱহাৰৰ সপক্ষে মাত মাতি অহা নেতাসকলক শলঠেকত পেলালে আদালতৰ এক মন্তব্যই। আজি উচ্চতম ন্যায়ালয়ে এক বিশেষ পৰিস্থিতিত কয় যে আদালতত হিন্দী নহয়, ইংৰাজী ভাষাতেই হ’ব লাগিব সকলো কাম। 

ইংৰাজী বুজি নোপোৱা বাবে এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়লৈ আহি তেওঁৰ গোচৰটো হিন্দীত শুনানি হ’ব লাগে বুলি আবেদন কৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে আদালতৰ কামত হিন্দী ব্যৱহাৰ কৰিব নোৱাৰিব। যদি প্ৰয়োজন হয়, গোচৰটোৰ শুনানিৰ সময়ত ইংৰাজী বুজাই দিব পৰা  আন এজন অধিবক্তাৰ সহায় ল’ব লাগিব। সমগ্ৰ দেশজুৰি হিন্দী ভাষাৰ প্ৰসাৰকলৈ চলি থকা বিতৰ্কৰ মাজতে ন্যায়ালয়ৰ এনে সিদ্ধান্তক বহুতে আদৰণি জনাইছে। 

ইপিনে ন্যায়ালয়ৰ এনে মন্তব্যত শলঠেকত পৰিছে বিজেপিৰ একাংশ নেতা। কেইদিনমান আগতে তামিলনাডু চৰকাৰেও হিন্দীৰ আগ্ৰাসনৰ  বিৰুদ্ধে বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ  কৰিছিল। উল্লেখ্য শংকৰ লাল শৰ্মা নামৰ এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত গোচৰটো দাখিল কৰিছিল। শুনানিৰ সময়তে তেওঁ থিয় হৈ হিন্দীত কথা ক’বলৈ আৰম্ভ কৰিলে। ন্যায়াধীশ কে এম যোচেফ আৰু ন্যায়াধীশ হৃষীকেশ ৰয়ে সেই সময়ত বিচাৰকৰ আসনত আছিল। তেওঁলোকে স্পষ্ট কৰি দিয়ে যে ইংৰাজীৰ বাহিৰে আন কোনো ভাষা আদালতৰ কাৰ্য্যক্ৰমত ব্যৱহাৰ কৰিব নোৱাৰিব। ন্যায়াধীশ যোচেফে কয়, "মই আপোনাৰ গোচৰটো পৰ্যালোচনা কৰিছো। গোটেই বিষয়টো অতি জটিল। আপুনি ইয়াৰ বিষয়ে কি কৈছে আমি বুজি পোৱা নাই। আদালতৰ ভাষা ইংৰাজী। যদি আপুনি অনুমতি দিয়ে, আমি আন এজন উকীলৰ ব্যৱস্থা কৰিব পাৰোঁ। "
অতিৰিক্ত ছলিচিটৰ জেনেৰেল মাধৱী দিৱানক লগে লগে মাতি পঠোৱা হয়। 

তেওঁ বিচাৰকসকলৰ কথা  শংকৰক বুজাই দিয়ে। সেই সময়ত আদালতত উপস্থিত থকা এজন উকীলক শংকৰৰ হৈ যুঁজিবলৈ অনুৰোধ কৰা হয়। তেওঁ সন্মত হোৱাৰ লগে লগে গোটেই গোচৰটোৰ শুনানি পুনৰ ইংৰাজীত আৰম্ভ হয়। উচ্চতম ন্যায়ালয়েও পৰৱৰ্তী শুনানিৰ তাৰিখ নিৰ্ধাৰণ কৰি দিয়ে।  উল্লেখ্য কেইদিনমান আগতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয়  গৃহমন্ত্ৰী অমিত শ্বাহে  হিন্দীক ৰাষ্ট্ৰসংঘত ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া উচিত বুলি কৈছিল।

পত্ৰ খনত  লগতে কোৱা হৈছিল যে হিন্দীক হিন্দীভাষী ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ কামকাজৰ ভাষা হিচাবেও ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰি চৰকাৰী চাকৰিৰ পৰীক্ষাত  ইংৰাজীৰ ঠাইত হিন্দীক বাধ্যতামূলক  কৰিব লাগে বুলিও শ্বাহে কৈছিল।  কিন্তু আজি উচ্চতম ন্যায়ালয়ে হিন্দী ভাষাকলৈ গ্ৰহণ কৰা স্থিতিয়ে শ্বাহৰ ইচ্ছাত যেন চেঁচাপানী ঢালিলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
বেলুচ যুঁজাৰুৰ বৃহৎ সামৰিক অভিযান
পথাৰত ছিঁৰাল ফাট! পানীৰ অভাৱত ভূঁই ৰুব নোৱাৰি চিন্তিত কৃষক
৭৫ বছৰ! কাক লক্ষ্য কৰি মন্তব্য মোহন ভাগৱতৰ