--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত কিছুদিনৰ অপেক্ষাৰ অন্তত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে যেনন্যায় পালে। মোদী উপাধি বিতৰ্কৰ গোচৰত দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত হোৱা ৰাুল গান্ধীক শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে সকাহ দিয়ে।  উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে মোদী উপাধি গোচৰত কংগ্ৰেছৰ নেতা  ৰাহুল গান্ধীক প্ৰদান কৰা দুবছৰীয়া কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে।  ফলত ৰাহুল গান্ধীয়ে তেওঁৰ খাৰিজ হোৱা সাংসদৰ পদ পুনৰ ঘূৰাই পোৱাৰ সম্ভাৱনাই দেখা দিছে। একেদৰে তেওঁ ২০২৪ৰ লোকসভা নিৰ্বাচনতো প্ৰতিদ্বন্বিতা কৰাৰ পথ প্ৰশ্স্ত হৈছে।  

শুকুৰবাৰে ৰাহুুল গান্ধীৰ আবেদনৰ শুনানিৰ সময়ত  আদালতে আদালতে প্ৰশ্ন কৰে  ৰাহুলক সৰ্বাধিক শাস্তি কিয় বিহা হ’ল ?  তেওঁক কম শাস্তিও বিহিব পাৰিলেহেঁতেন। তেওঁক দুবছৰৰ কাৰাদণ্ডৰ সলনি ১ বছৰ ১১ মাহৰ শাস্তি বিহিলেও তেওঁৰ সাংসদ পদ খাৰিজ নহ’লহেঁতেন বুলি আদালতে কয়। 

আজি ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰাৰ পূৰ্বে  উচ্চতম ন্যায়ালয়ত এই বিষকলৈ  ৩ ঘণ্টা ধৰি বিতৰ্ক চলে। ৰাহুলৰ অধিবক্তাই কয় যে মানহানিৰ গোচৰ ৰুজু কৰা পূৰ্ণেশ মোদীয়ে তেওঁৰ উপাধি সলনি কৰিছে, তেওঁৰ প্ৰকৃত উপাধি মোদী নহয়েই। ৰাহুলৰ হৈ  জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে আজি আদালতত উপস্থিত থাকে ।সিংভিয়ে কয় "ৰাহুলৰ বিৰুদ্ধে অভিযোগকাৰী পূৰ্ণেশ মোদীৰ প্ৰকৃত উপাধি মোদী নহয়। তেওঁ পিছত এই উপাধিটো গ্ৰহণ কৰিছিল।’’

ন্যায়াধীশ বি আৰ গাভাই, পি এছ নৰসিংহ আৰু সঞ্জয় কুমাৰৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি ৰায়টোত স্থগিতাদেশ জাৰি কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ শাস্তি স্থগিত ৰখাৰ বাবে কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। ইয়াৰ পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়ে মানহানিৰ গোচৰত ৰাহুল গান্ধীক বিহা দুবছৰৰ শাস্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল।
শুনানি আৰম্ভ হোৱাৰ সময়তে  উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীৰ অধিবক্তা  অভিষেক মনু সিংভিক কৈছিল- শাস্তিত স্থগিতাদেশ আনিবলৈ  আপুনি এই গোচৰটোৰ সকলো দিশ  বিশেষভাবে  প্ৰমাণ কৰিব পাৰিব লাগিব, অন্যথা ৰায় কৰাটো সম্ভৱ নহ’ব।

ৰাহুলৰ অধিবক্তা সিংভিয়ে কয় - মানহানিৰ গোচৰ দ্বাৰা  বাবে ৰাহুল গান্ধীক ৮ বছৰৰ বাবে নীৰৱ কৰি ৰখাৰ চেষ্টা কৰা হৈছে।  মই এয়া  নাভাবো যে ৰাহুল গান্ধীয়ে  মোদী উপাধি থকা কাকো হেয় প্ৰতিপ্ন্ন কৰিবলৈ তেনে মন্তব্য কৰিছিল। এনে কৰাৰ তেওঁ কোনো উদ্দেশ্য নাছিল। এনে মন্তব্য কৰাৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে নৈতিক অৱনতিৰ বিষয়ে আলোচনা হৈছে। কিন্তু ৰাহুলৰ ক্ষেত্ৰত তেনে কোনো প্ৰমাণ নাই। এয়া কোনো গুৰুতৰ অপৰাধ নহয়, ই জামিনযোেগ্য এটা  ঘটনা। এয়া  কেনেকৈ নৈতিক অৱনতিৰ সৈতে জড়িত এটা ঘটনা হৈ পৰিল?

সিংভিয়ে লগতে যুক্তি দিয়ে যে  এয়া গুৰুতৰ অপৰাধ নহয়। ৰাহুলৰ বক্তব্যত অসন্তুষ্ট মোদী সম্প্ৰদায়ৰ লোকসকল কেৱল বিজেপি নেতা আৰু কৰ্মীহে।  এয়া এনে  এক গুৰুতৰ বিষয় নহয় যে এজন মানুহক অযোগ্যতা যোষণা কৰি দিয়া হ’ব।
তেওঁ লগতে কয়-  মোৰ যুক্তি  স্বত্বেও আদালতে ৰায়টো ৬৬ দিনৰ বাবে সংৰক্ষিত ৰাখিছিল। মই মে’ মাহত যুক্তি দিছিলো আৰু ৰায়টো জুলাইত দিয়া হৈছিল। 

ৰাহুলৰ অধিবক্তাই কয়-অভিযোগকাৰীয়ে  হোৱাটছএপত এখন বাতৰি কাকতৰ ক্লিপিং  পাইছিল আৰু তাৰ ভিত্তিতে অভিযোগ দাখিল কৰিছিল। তেওঁ  কোৱা নাই যে তেওঁ কেনেকৈ এই কাটিংটো পাইছিল আৰু কোনে তেওঁলৈ  পঠিয়াইছিল। প্ৰকৃততে যি ঘটিছিল সেয়া আইনৰ অধীনত প্ৰমাণিত হোৱা নাছিল। 

 ইপিনে অভিযোগকাৰী পূৰ্ণেশ মোদীৰ অধিবক্তাই কয়- সমগ্ৰ ভাষণটো ৫০ মিনিটতকৈও অধিক সময়ৰ আছিল। ৰাহুলে বিৰূপ মন্তব্য কৰাৰ বহু প্ৰমাণ আছে। এই ভাষণৰ ক্লিপিংবোৰ নিৰ্বাচন আয়োগৰ ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে।
এনে যুক্তি-তৰ্কৰ মাজতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয়-  আমি জানিব বিচাৰো যে ন্যায়াধীশে কিয় সৰ্বাধিক শাস্তি দিছিল? যদি ন্যায়াধীশে তেওঁক ১ বছৰ আৰু ১১ মাহৰ শাস্তি বিহিলেহেঁতেন তেন্তে  ৰাহুল গান্ধীক অযোগ্য ঘোষণা কৰা নহ'লহেঁতেন।

উচ্চতম ন্যায়ালয়ে লগতে কয়  সৰ্বাধিক শাস্তিৰ বাবে এখন আসন প্ৰতিনিধিত্ব বিহীনভাবে  এৰি দিয়া হ'বনেি?  এয়া কেৱল এজন ব্যক্তিৰ অধিকাৰতে সীমাবদ্ধ  হৈ থকা থকা বিষয় নহয়, ই সেই আসনৰ ভোটাৰসকলৰ অধিকাৰৰ সৈতেও সম্পৰ্কিত এটা বিষয়। বিচাৰ কৰোতাজনে তেওঁক কিয় সৰ্বাধিক শাস্তি বিহিছিল সেয়া  বুজাব পাৰিব লাগিছিল, কিন্তু তেওঁ এই বিষয়ে একো কোৱা নাছিল।

উল্লেখ্য মোদী উপাধি বিতৰ্কৰ গোচৰত ৰাহুল গান্ধীক চলিত বৰ্ষৰ  ২৩ মাৰ্চত গুজৰাটৰ সত্ৰ আদালতে দুবছৰৰ কাৰাদণ্ড প্ৰদান বিহিছিল। ফলত তেওঁৰ ন্যায়সংগতভাবে তেওঁৰ সাংসদ পদ কৰ্তন হৈছিল। পিছত ৰাহুলে ৰায়ত স্থগিতাদেশ বিচাৰি গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু  তাতো তেওঁ শাস্তিৰ ৰায়ৰ  পৰা সকাহ পোৱা নাছিল। ৭ জুলাইত গুজৰাট উচ্চ ন্যায়ালয়েৰাহুল গা্ন্ধীৰ  দুবছৰৰ শাস্তি বাহাল  ৰাখিছিল। অৱশেষত,১৫ জুলাইত ৰাহুলে এই শাস্তিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰে।

 ১৫ জুলাইত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পিছত ন্যায়াধীশ বি আৰ গাভাই আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে ২১ জুলাইত বিষয়টোৰ ওপৰত প্ৰথম শুনানি অনুষ্ঠিত কৰিছিল। শুনানি আৰম্ভ কৰাৰ আগতে ন্যায়াধীশ গাভাইয়ে  কৈছিল যে তেওঁৰ পিতৃ  কংগ্ৰেছৰ সৈতে জড়িত আছিল আৰু তেওঁৰ ভাতৃও কংগ্ৰেছৰ সৈতে জড়িত আছিল। এনে পৰিস্থিতিত, কোনো পক্ষৰ  কিবা আপত্তি আছে নেকি? এই সন্দৰ্ভত দুয়োপক্ষই কৈছিল  যে গাভাই বিচাৰপীঠত থকাত তেওঁলোকৰ ইয়াত কোনো আপত্তি নাই।


২ আগষ্টত পুনৰ  উচ্চতম ন্যায়ালয়ত গোচৰটোৰ  শুনানি আৰম্ভ হয়। প্ৰথম শুনানিত আদালতে দুয়োপক্ষক তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ কৈছিল। পূৰ্ণেশ মোদীয়ে আদালতত ২১ পৃষ্ঠাৰ শপতনামা দাখিল কৰি কৈছিল  যে মোদী উপাধিৰ গোচৰত ৰাহুলে অহংকাৰী মনোভাৱৰ পৰিচয় দিছিল। সেয়ে শাস্তি স্থগিত ৰখাৰ তেওঁৰ আবেদন খাৰিজ কৰা উচিত।
ৰাহুলে আদালতত উত্তৰ দাখিল কৰি কৈছিল যে তেওঁৰ ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰা হৈছে।ৰাহুলে কৈছিল- ক্ষমা বিচাৰিবলৈ অস্বীকাৰ কৰাৰ বাবে মোক অহংকাৰী বুলি কোৱা হৈছে, এয়া নিন্দনীয়।

২০১৯ চনৰ ১১ এপ্ৰিলত  ৰাহুল গান্ধীয়ে বাংগালুৰুৰ কোলাৰত এখন নিৰ্বাচনী সভাত ভাষণ দি মোদী উপাধি সম্পৰ্কে মন্তব্য কৰিছিল। ইয়াৰ পিছতে  বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে তেওঁৰ বিৰুদ্ধে মানহানিৰ অভিযোগ দাখিল কৰিছিল। গোচৰটো গুজৰাটৰ  সত্ৰ আদালতত চাৰি বছৰ ধৰি চলিছিল আৰু  চলিত বৰ্ষৰ ২৩ মাৰ্চত গুজৰাটৰ ছুৰাট দণ্ডাধীশৰ আদালতৰ ন্যায়াধীশ এইচ এইচ বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত 'মোদী' উপাধি ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্য কৰাৰ বাবে ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহিছিল। ২৪ মাৰ্চত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১০২(১)- আৰু চুৰাট দণ্ডাধীশৰ আদালতৰ ৰায়ৰ ওপৰত ভিত্তি কৰি জনপ্ৰতিনিধিত্ব আইনৰ (১৯৫১) অনুচ্ছেদ ৮(৩)ৰ অধীনত ৰাহুলৰ সংসদৰ সদস্যপদ খাৰিজ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ