--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈয়েই আছে মণিপুৰ। ৰাজ্য খনত শেহতীয়াকৈ  কেইবাটাও স্থানৰ পৰা  সংঘৰ্ষৰ খবৰ পোৱা গৈছে। জনতাৰ আক্ৰমণত  ইম্ফলত এজন আৰক্ষী নিহত হোৱাৰ লগতে  আন দুজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। খবৰ অনুসৰি উন্মত্ত জনতাই কেৰেনফেবি আৰু থাঙ্গালাভাইৰ আৰক্ষী চকীত  আক্ৰমণ কৰে আৰু আৰক্ষী চকীত থকা সকলো  অস্ত্ৰ-শস্ত্ৰ লুটি লৈ যায়। হেংগাং আৰু চিংজামেই অঞ্চলতো একাংশ লোকে আৰক্ষীৰ পৰা  অস্ত্ৰ-শস্ত্ৰ লুটিবলৈও চেষ্টা কৰাৰ খবৰ আহিছে।

শেহতীয়াকৈ  ক্ষুব্ধ জনতাই বিষ্ণুপুৰ জিলাৰ এটা আৰক্ষী চকীত আক্ৰমণ চলাইছে। আৰক্ষী চকী খনত  ৫০০ ৰো অধিক  পুৰুষ আৰু মহিলা সমবেত হৈ আক্ৰমণ চলায়।  তেওঁলোকে এএফ ৰাইফল, আইএনএছএএছ ৰাইফলৰ লগতে লাইট মেচিনগান আৰু পিষ্টলকে ধৰি বহু  অস্ত্ৰ-শস্ত্ৰ সুটি লৈ যায়। আৰক্ষীয়ে প্ৰায় ৩৫০ ৰাউণ্ড গুলীচালনা কৰি  জনতাক বাধা দিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয়।

  আনহাতে, পশ্চিম ইম্ফলৰ চেঞ্জাম চিৰাং অঞ্চলত , আৰক্ষী বাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে সন্দেহ কৰিছে যে উগ্ৰপন্থীয়ে এই  গুলীচালনা কৰিছে। এজন  আৰক্ষীজনৰ মূৰত গুলী লাগে আৰু তেওঁৰ মৃত্যু হয়। এই ঘটনাত কমেও ২৫ জন  লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

 ৰাজ্যজুৰি সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মণিপুৰ আৰক্ষীয়ে এটা বিবৃতি জাৰি কৰিছে। আৰক্ষীয়ে বিবৃতিত কৈছে "যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ পৰিস্থিতি অতি সংবেদনশীল হৈ পৰিছে। উত্তেজিত লোকসকলে প্ৰতিবাদ কৰিবলৈ কেইবাঠাইতো সমবেত হৈছিল। কেইবাঠাইতো গুলীচালনাৰ ঘটনা ঘটিছে । ইতিমধ্যে ১,০০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। " 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ