--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত হৈয়েই আছে মণিপুৰ। ৰাজ্য খনত শেহতীয়াকৈ  কেইবাটাও স্থানৰ পৰা  সংঘৰ্ষৰ খবৰ পোৱা গৈছে। জনতাৰ আক্ৰমণত  ইম্ফলত এজন আৰক্ষী নিহত হোৱাৰ লগতে  আন দুজন আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। খবৰ অনুসৰি উন্মত্ত জনতাই কেৰেনফেবি আৰু থাঙ্গালাভাইৰ আৰক্ষী চকীত  আক্ৰমণ কৰে আৰু আৰক্ষী চকীত থকা সকলো  অস্ত্ৰ-শস্ত্ৰ লুটি লৈ যায়। হেংগাং আৰু চিংজামেই অঞ্চলতো একাংশ লোকে আৰক্ষীৰ পৰা  অস্ত্ৰ-শস্ত্ৰ লুটিবলৈও চেষ্টা কৰাৰ খবৰ আহিছে।

শেহতীয়াকৈ  ক্ষুব্ধ জনতাই বিষ্ণুপুৰ জিলাৰ এটা আৰক্ষী চকীত আক্ৰমণ চলাইছে। আৰক্ষী চকী খনত  ৫০০ ৰো অধিক  পুৰুষ আৰু মহিলা সমবেত হৈ আক্ৰমণ চলায়।  তেওঁলোকে এএফ ৰাইফল, আইএনএছএএছ ৰাইফলৰ লগতে লাইট মেচিনগান আৰু পিষ্টলকে ধৰি বহু  অস্ত্ৰ-শস্ত্ৰ সুটি লৈ যায়। আৰক্ষীয়ে প্ৰায় ৩৫০ ৰাউণ্ড গুলীচালনা কৰি  জনতাক বাধা দিবলৈ চেষ্টা চলায়ো ব্যৰ্থ হয়।

  আনহাতে, পশ্চিম ইম্ফলৰ চেঞ্জাম চিৰাং অঞ্চলত , আৰক্ষী বাহিনীৰ ওপৰত গুলীবৰ্ষণ কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে সন্দেহ কৰিছে যে উগ্ৰপন্থীয়ে এই  গুলীচালনা কৰিছে। এজন  আৰক্ষীজনৰ মূৰত গুলী লাগে আৰু তেওঁৰ মৃত্যু হয়। এই ঘটনাত কমেও ২৫ জন  লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।

 ৰাজ্যজুৰি সংঘটিত হিংসাত্মক ঘটনাৰ পিছত মণিপুৰ আৰক্ষীয়ে এটা বিবৃতি জাৰি কৰিছে। আৰক্ষীয়ে বিবৃতিত কৈছে "যোৱা ২৪ ঘণ্টাত ৰাজ্যখনৰ পৰিস্থিতি অতি সংবেদনশীল হৈ পৰিছে। উত্তেজিত লোকসকলে প্ৰতিবাদ কৰিবলৈ কেইবাঠাইতো সমবেত হৈছিল। কেইবাঠাইতো গুলীচালনাৰ ঘটনা ঘটিছে । ইতিমধ্যে ১,০০০ ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। " 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস