--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংসদ হৈয়েই পিন্ধিব লাগিছিল ফুলৰ মালা, কিন্তু পালে কাণতলীয়া চৰ! সেয়াই হয়তো তেওঁৰ ভাগ্যত লিখা আছিল। কংগনা ৰাণাৱট, বহু সাধনাৰ অন্তত সাংসদ হৈছে তেওঁ। বলীউডৰ অভিনেত্ৰীগৰাকীক চণ্ডীগড়ৰ বিমান বন্দৰতে চৰ মাৰিছিল চি আই এছ এফৰ এগৰাকী মহিলা কনিষ্টবলে। কংগনাক চৰ মৰা চি আই এছ এফৰ এগৰাকী মহিলা কনিষ্টবলগৰাকীৰ নাম  কুলৱিন্দৰ কৌৰ। তেওঁ এগৰাকী আগশাৰীৰ কৃষক নেতাৰ ভগ্নী। কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ নেতাগৰাকীৰ সংগঠনটো এতিয়া বাতিল হোৱা তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ আছিল।মাণ্ডিৰ পৰা হিমাচল প্ৰদেশৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি লোকসভা নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ নিৰ্বাচিত সাংসদ কংগনাই এই ঘটনা সংঘটিত হোৱাৰ সময়ত চণ্ডীগড় বিমানবন্দৰলৈ গৈছিল দিল্লীমুখী বিমানত আৰোহণ কৰাৰ বাবে । 

৩৫ বছৰীয়া এতিয়া নিলম্বিত কনিষ্টবলগৰাকীয়ে ২০০৯ চনত চিআইএছএফত যোগদান কৰিছিল আৰু ২০২১ চনৰ পৰা চণ্ডীগড় বিমানবন্দৰত বাহিনীটোৰ বিমানবন্দৰ নিৰাপত্তা গোটৰ সৈতে জড়িত হৈ আছে । তেওঁৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ নজিৰ নাছিল। তেওঁৰ স্বামীয়েও একেটা বিমানবন্দৰতে কাম কৰে। কৃষকৰ প্ৰতিবাদৰ ক্ষেত্ৰত ৰানাৱটৰ স্থিতিৰ বাবে কৌৰ উত্তেজিত হোৱা বুলি  বিষয়াসকলে জনাইছে। এসময়ত কংগনাই কৈছিল যে দিল্লীত কৃষকসকলে প্ৰতিবাদ কৰিছিল, কাৰণ তেওঁলোকক ১০০ বা ২০০ টকা দিয়া হৈছিল। কংগনাই আনকি প্ৰতিবাদী কৃষকসকল খালিস্তানী বুলিও কৈছিল।  বিমানবন্দৰত নিৰাপত্তা প্ৰদানৰ দায়িত্বত  থকা কৌৰ হয়তো কংগনাৰ বিৰুদ্ধে ক্ষোভত উতলি আছিল। ইতিমধ্যে চৰ শোধৱা  কাণ্ডৰ তদন্তৰ  নিৰ্দেশ দিয়া হৈছে আৰু কুলৱিন্দাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই কাণ্ডক গুৰুতৰ বিষয় বুলি অভিহিত কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কৌৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই  চিআইএছএফৰ সৈতে কথা পাি আছে। বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকাসকলে নিজেই নিৰাপত্তা ভংগ কৰিছে বুলি এক্সত   এটা পোষ্টত বিৰোধী দলৰ নেতা তথা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এই কাণ্ডক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি গৰিহণা দিছে।

 নিৰ্বাচনত ৰানাৱটৰ হাতত পৰাস্ত হোৱা জনশিক্ষা দপ্তৰৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙেও কয় যে বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে কৰা এনে আচৰণ অতি দুৰ্ভাগ্যজনক । তেওঁ কৌৰৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। ঘটনাটোৰ পিছতে কংগনাই কয় “তেওঁ মোৰ মুখত আঘাত কৰি মোক গালি-গালাজ কৰিবলৈ ধৰিছিল। মই তেওঁক  কিয় এনে কৰিলে বুলি সুধিছিলোঁ আৰু তেওঁ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰে বুলি কৈছিল। মই নিৰাপদ, কিন্তু মোৰ চিন্তা হৈছে যে পঞ্জাৱত সন্ত্ৰাসবাদ বৃদ্ধি পাইছে... আমি সেয়া কেনেকৈ চম্ভালিম?” । উল্লেখ্য  কৃষি আইনৰ আইনৰ বিৰুদ্ধে কৃষকৰ  আন্দোলনৰ সময়ত ৰাণাৱটে ট পঞ্জাৱৰ এগৰাকী মহিলা কৃষকক ভুলকৈ চিনাক্ত কৰি তেওঁক বিলকিছ বানো বুলি কৈছিল। , দুগৰাকী বৃদ্ধাৰ ছবিৰে পোষ্ট ৰিটুইট কৰি কংগনাই লিখিছিল যে টাইম মেগাজিনত প্ৰকাশ পোৱা “একেজন দাদী” এতিয়া “১০০ টকাত উপলব্ধ”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ