--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংসদ হৈয়েই পিন্ধিব লাগিছিল ফুলৰ মালা, কিন্তু পালে কাণতলীয়া চৰ! সেয়াই হয়তো তেওঁৰ ভাগ্যত লিখা আছিল। কংগনা ৰাণাৱট, বহু সাধনাৰ অন্তত সাংসদ হৈছে তেওঁ। বলীউডৰ অভিনেত্ৰীগৰাকীক চণ্ডীগড়ৰ বিমান বন্দৰতে চৰ মাৰিছিল চি আই এছ এফৰ এগৰাকী মহিলা কনিষ্টবলে। কংগনাক চৰ মৰা চি আই এছ এফৰ এগৰাকী মহিলা কনিষ্টবলগৰাকীৰ নাম  কুলৱিন্দৰ কৌৰ। তেওঁ এগৰাকী আগশাৰীৰ কৃষক নেতাৰ ভগ্নী। কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ নেতাগৰাকীৰ সংগঠনটো এতিয়া বাতিল হোৱা তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ আছিল।মাণ্ডিৰ পৰা হিমাচল প্ৰদেশৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি লোকসভা নিৰ্বাচনত জয়ী হোৱা বিজেপিৰ নিৰ্বাচিত সাংসদ কংগনাই এই ঘটনা সংঘটিত হোৱাৰ সময়ত চণ্ডীগড় বিমানবন্দৰলৈ গৈছিল দিল্লীমুখী বিমানত আৰোহণ কৰাৰ বাবে । 

৩৫ বছৰীয়া এতিয়া নিলম্বিত কনিষ্টবলগৰাকীয়ে ২০০৯ চনত চিআইএছএফত যোগদান কৰিছিল আৰু ২০২১ চনৰ পৰা চণ্ডীগড় বিমানবন্দৰত বাহিনীটোৰ বিমানবন্দৰ নিৰাপত্তা গোটৰ সৈতে জড়িত হৈ আছে । তেওঁৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ নজিৰ নাছিল। তেওঁৰ স্বামীয়েও একেটা বিমানবন্দৰতে কাম কৰে। কৃষকৰ প্ৰতিবাদৰ ক্ষেত্ৰত ৰানাৱটৰ স্থিতিৰ বাবে কৌৰ উত্তেজিত হোৱা বুলি  বিষয়াসকলে জনাইছে। এসময়ত কংগনাই কৈছিল যে দিল্লীত কৃষকসকলে প্ৰতিবাদ কৰিছিল, কাৰণ তেওঁলোকক ১০০ বা ২০০ টকা দিয়া হৈছিল। কংগনাই আনকি প্ৰতিবাদী কৃষকসকল খালিস্তানী বুলিও কৈছিল।  বিমানবন্দৰত নিৰাপত্তা প্ৰদানৰ দায়িত্বত  থকা কৌৰ হয়তো কংগনাৰ বিৰুদ্ধে ক্ষোভত উতলি আছিল। ইতিমধ্যে চৰ শোধৱা  কাণ্ডৰ তদন্তৰ  নিৰ্দেশ দিয়া হৈছে আৰু কুলৱিন্দাৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। এই কাণ্ডক গুৰুতৰ বিষয় বুলি অভিহিত কৰি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কৌৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই  চিআইএছএফৰ সৈতে কথা পাি আছে। বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকাসকলে নিজেই নিৰাপত্তা ভংগ কৰিছে বুলি এক্সত   এটা পোষ্টত বিৰোধী দলৰ নেতা তথা হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে এই কাণ্ডক অতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি গৰিহণা দিছে।

 নিৰ্বাচনত ৰানাৱটৰ হাতত পৰাস্ত হোৱা জনশিক্ষা দপ্তৰৰ মন্ত্ৰী বিক্ৰমাদিত্য সিঙেও কয় যে বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে নিৰ্বাচিত প্ৰতিনিধিৰ সৈতে কৰা এনে আচৰণ অতি দুৰ্ভাগ্যজনক । তেওঁ কৌৰৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। ঘটনাটোৰ পিছতে কংগনাই কয় “তেওঁ মোৰ মুখত আঘাত কৰি মোক গালি-গালাজ কৰিবলৈ ধৰিছিল। মই তেওঁক  কিয় এনে কৰিলে বুলি সুধিছিলোঁ আৰু তেওঁ কৃষকৰ প্ৰতিবাদক সমৰ্থন কৰে বুলি কৈছিল। মই নিৰাপদ, কিন্তু মোৰ চিন্তা হৈছে যে পঞ্জাৱত সন্ত্ৰাসবাদ বৃদ্ধি পাইছে... আমি সেয়া কেনেকৈ চম্ভালিম?” । উল্লেখ্য  কৃষি আইনৰ আইনৰ বিৰুদ্ধে কৃষকৰ  আন্দোলনৰ সময়ত ৰাণাৱটে ট পঞ্জাৱৰ এগৰাকী মহিলা কৃষকক ভুলকৈ চিনাক্ত কৰি তেওঁক বিলকিছ বানো বুলি কৈছিল। , দুগৰাকী বৃদ্ধাৰ ছবিৰে পোষ্ট ৰিটুইট কৰি কংগনাই লিখিছিল যে টাইম মেগাজিনত প্ৰকাশ পোৱা “একেজন দাদী” এতিয়া “১০০ টকাত উপলব্ধ”।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু