--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষনিশ্বাহ ত্যাগ কৰিলে প্ৰখ্যাত পৰিৱেশ কৰ্মী মনোজ মিশ্ৰই। দেশৰ অন্যতম প্ৰকৃতি সুৰক্ষা আন্দোলন ‘যমুনা জিয়ে অভিযান’ৰ মূল হোতা আছিল মিশ্ৰ। শাৰীৰিক অসুস্থতাৰ সৈতে শেহতীয়া কিছুদিন ধৰি চলা যুঁজৰ অন্তত আজি দিনৰ ১২.৪০ বজাত ভোপাল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে পৰিৱেশ কৰ্মীগৰাকীয়ে।

ভাৰতীয় বন সেৱা আয়োগৰ প্ৰাক্তন বিষয়াগৰাকীয়ে জীৱনৰ শেষ মুহূৰ্তলৈকে যুঁজি গ’ল প্ৰকৃতি সুৰক্ষাৰ হেতু। প্ৰায় দুমাহ পূৰ্বে তেওঁৰ শৰীৰত ক’ভিদ সংক্ৰমণ ধৰা পৰাৰ পিছৰ পৰাই অসুস্থ হৈ পৰিছিল মনোজ মিশ্ৰ। ইয়াৰ পিছতে হাওঁফাওঁৰ ক্ষতি হৈছিল।

উল্লেখ্য যে, যমুনাৰ নদী পৰিষ্কাৰকৰণৰ উদ্দেশ্যে ২০০৭ ‘যমুনা জিয়ে অভিযান’ আৰম্ভ কৰিছিল মিশ্ৰই। ১৯৯৪ চনত যমুনাত সৃষ্টি হোৱা প্ৰদূষণ ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈ পৰিছিল যদিও মিশ্ৰৰ এই আন্দোলনে যমুনাৰ পৰিৱেশৰ আৰু নদীৰ কাষৰীয়া সমতল ভূখণ্ডৰ ভয়াৱহ প্ৰদূষণৰ বিষয়ে চৰ্চালৈ আনিছিল।

মিশ্ৰৰ নেতৃত্বত যমুনা জিয়ে অভিযানৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৫ চনত নদীখন পৰ্যায়ক্ৰমে সজীৱ কৰি তোলাৰ আহ্বান জনায়।

মিশ্ৰই যমুনা আৰু ইয়াৰ কাষৰীয়া সমভূমি ৰক্ষাৰ বাবে অসংখ্য আইনী যুঁজত অৱতীৰ্ণ হৈছিল। মেট্ৰ’ ডিপো (২০০৭), মিলেনিয়াম বাছ ডিপো (২০১১), নিৰ্মাণৰ ধ্বংসাৱশেষ পেলোৱা (২০১২), পৰিৱেশ অধ্যয়ন অবিহনে এটা উচ্চ পথ নিৰ্মাণ (২০১৫) আৰু আৰ্ট অৱ লিভিঙৰ উদ্যোগত আয়োজিত সাংস্কৃতিক উৎসৱ (মাৰ্চ ২০১৬) ইত্যাদি বিভিন্ন নিৰ্মাণ তথা কাৰ্যাৱলীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল।

যমুনা জিয়ে অভিযানৰ সমান্তৰালভাৱে মিশ্ৰই প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে আইনী পথ ব্যৱহাৰ কৰি বনাঞ্চল ধ্বংস, অবৈধ খনন আৰু প্ৰদূষণৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজিছিল। বনাঞ্চল আৰু নদী বচাবলৈ তেওঁ চলোৱা আইনী যুঁজে ব্যাপক স্বীকৃতি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস