--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষনিশ্বাহ ত্যাগ কৰিলে প্ৰখ্যাত পৰিৱেশ কৰ্মী মনোজ মিশ্ৰই। দেশৰ অন্যতম প্ৰকৃতি সুৰক্ষা আন্দোলন ‘যমুনা জিয়ে অভিযান’ৰ মূল হোতা আছিল মিশ্ৰ। শাৰীৰিক অসুস্থতাৰ সৈতে শেহতীয়া কিছুদিন ধৰি চলা যুঁজৰ অন্তত আজি দিনৰ ১২.৪০ বজাত ভোপাল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে পৰিৱেশ কৰ্মীগৰাকীয়ে।

ভাৰতীয় বন সেৱা আয়োগৰ প্ৰাক্তন বিষয়াগৰাকীয়ে জীৱনৰ শেষ মুহূৰ্তলৈকে যুঁজি গ’ল প্ৰকৃতি সুৰক্ষাৰ হেতু। প্ৰায় দুমাহ পূৰ্বে তেওঁৰ শৰীৰত ক’ভিদ সংক্ৰমণ ধৰা পৰাৰ পিছৰ পৰাই অসুস্থ হৈ পৰিছিল মনোজ মিশ্ৰ। ইয়াৰ পিছতে হাওঁফাওঁৰ ক্ষতি হৈছিল।

উল্লেখ্য যে, যমুনাৰ নদী পৰিষ্কাৰকৰণৰ উদ্দেশ্যে ২০০৭ ‘যমুনা জিয়ে অভিযান’ আৰম্ভ কৰিছিল মিশ্ৰই। ১৯৯৪ চনত যমুনাত সৃষ্টি হোৱা প্ৰদূষণ ৰাষ্ট্ৰীয় চিন্তাৰ বিষয় হৈ পৰিছিল যদিও মিশ্ৰৰ এই আন্দোলনে যমুনাৰ পৰিৱেশৰ আৰু নদীৰ কাষৰীয়া সমতল ভূখণ্ডৰ ভয়াৱহ প্ৰদূষণৰ বিষয়ে চৰ্চালৈ আনিছিল।

মিশ্ৰৰ নেতৃত্বত যমুনা জিয়ে অভিযানৰ প্ৰচেষ্টাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৫ চনত নদীখন পৰ্যায়ক্ৰমে সজীৱ কৰি তোলাৰ আহ্বান জনায়।

মিশ্ৰই যমুনা আৰু ইয়াৰ কাষৰীয়া সমভূমি ৰক্ষাৰ বাবে অসংখ্য আইনী যুঁজত অৱতীৰ্ণ হৈছিল। মেট্ৰ’ ডিপো (২০০৭), মিলেনিয়াম বাছ ডিপো (২০১১), নিৰ্মাণৰ ধ্বংসাৱশেষ পেলোৱা (২০১২), পৰিৱেশ অধ্যয়ন অবিহনে এটা উচ্চ পথ নিৰ্মাণ (২০১৫) আৰু আৰ্ট অৱ লিভিঙৰ উদ্যোগত আয়োজিত সাংস্কৃতিক উৎসৱ (মাৰ্চ ২০১৬) ইত্যাদি বিভিন্ন নিৰ্মাণ তথা কাৰ্যাৱলীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল।

যমুনা জিয়ে অভিযানৰ সমান্তৰালভাৱে মিশ্ৰই প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে আইনী পথ ব্যৱহাৰ কৰি বনাঞ্চল ধ্বংস, অবৈধ খনন আৰু প্ৰদূষণৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজিছিল। বনাঞ্চল আৰু নদী বচাবলৈ তেওঁ চলোৱা আইনী যুঁজে ব্যাপক স্বীকৃতি লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক