--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ লণ্ডনত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া বক্তব্যক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত এক উত্তপ্ত বিতৰ্ক  চলি আছে। ইফালে, কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ৰাহুলৰ এখন ছবি পোষ্ট কৰি লিখিছে, “আপুনি যিটো বিশ্বাস কৰে তাৰ বাবে থিয় দিয়ক, যদিও ইয়াৰ অৰ্থ অকলে থিয় হোৱা।”

ফটোখনত ৰাহুল গান্ধীয়ে লণ্ডনৰ চাথাম হাউচত ইন্টাৰেক্টিভ চেচনত অংশগ্ৰহণ কৰি তুলিছিল। গান্ধীয়ে চুট পিন্ধি হাত দুখন পকেটত ভৰাই ফটোখনৰ বাবে পোজ দিয়া দেখা গৈছে।

নাগালেণ্ড বিজেপিৰ মুৰব্বী  টেমজেন ইমনা আলঙে এই ফটোখনৰ পোষ্টটোক লৈ বিশেষ মন্তব্য কৰিছে। টেমজেনে ৰাহুলৰ ছবিখনৰ প্ৰশংসা কৰি লিখিছে – ''মানিবই লাগিব যে ফটোখন ভাল হৈছে। আত্মবিশ্বাস আৰু ভংগীমা নেক্সট লেভেলৰ।’’

ছ’চিয়েল মিডিয়াত এনেধৰণৰ মন্তব্যৰ বাবে পৰিচিত টেমজেন। যিহেতু বিজেপি নেতাগৰাকীয়ে ৰাহুল গান্ধীৰ বিষয়ে মন্তব্য কৰিছে আৰু ইয়াত কোনো তুচ্ছ-তাচ্ছিল্যমূলক নহয়, সেয়েহে বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বাবে সেয়া আছিল এক আমোদজনক মুহূৰ্ত।

পিছত মন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীৰ ফটোখনৰ সৈতে কেপচনটো অৰিজিনেল নহয় বুলি ইংগিত দি আন এটা পোষ্ট কৰে। লিখে- ''কমচেকম কেপচনটো নিজে লিখা কৰক!’’
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত