--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে ভাৰতৰ এখন যুদ্ধ হ’ব নেকি? এই প্ৰশ্নই বহু সময়ত বহুতৰে মনত ক্ৰিয়া কৰে৷ পাকিস্তানে ভাৰত বিৰোধী সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন কৰাৰ এক দীঘলীয়া ইতিহাস আছে ৷ পাক সন্ত্ৰাসবাদীয়েই কাশ্মীৰক অশান্ত কৰি ৰাখিছে৷ এনে সময়তে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে পাকিস্তানক সামৰিক প্ৰত্যুত্তৰ  দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

মাৰ্কিন চোৰাংচোৱাই শেহতীয়াকৈ তেনে এক প্ৰতিবেদনেই দিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাৰ বাৰ্ষিক প্ৰতিবেদন  অনুসৰি,ভাৰতে পাকিস্তানে সন্ত্ৰাসবাদীক দি থকা উচটনিৰ বিৰুদ্ধে সামৰিক প্ৰত্যুত্তৰ  দিয়াৰ সম্ভাৱনা আছে৷ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰত আৰু পাকিস্তান দুয়োখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ। 

প্ৰতিবেদন কোৱা হৈছে  "দুখন পাৰমাণৱিক সশস্ত্ৰ ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা  সংকট বিশেষভাৱে চিন্তাৰ বিষয়। নতুন দিল্লী আৰু ইছলামাবাদে সম্ভৱতঃ ২০২১ চনৰ আৰম্ভণিতে নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতিৰ চুক্তি  নৱীকৰণৰ পিছত তেওঁলোকৰ সম্পৰ্কত শক্তিশালী কৰিবলৈ আগ্ৰহী৷ অৱশ্যে ইমানৰ পিছতো পৰিস্থিতি সুস্থিৰ হোৱা নাই" । প্ৰতিবেদনত লগতে  কোৱা হৈছে, "পাকিস্তানৰ ভাৰত বিৰোধী সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন কৰাৰ এক দীঘলীয়া ইতিহাস আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে  সামৰিক শক্তিৰে পাকিস্তানক  এনে কাৰ্যৰ  সঁহাৰি দিয়াৰ সম্ভাৱনা আছে।" 

প্ৰতিবেদন খনত কোৱা হৈছে যে  ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ আৰু কোভিড-১৯ মহামাৰীৰ ফলত দৰিদ্ৰতা বৃদ্ধি হৈছে, অৰ্থনৈতিক বিকাশত বাধা আহিছে, আৰু বৈষম্য বৃদ্ধি হৈছে, বৃদ্ধি হৈছে ঘৰুৱা অস্থিৰতা, বিদ্ৰোহ, গণতান্ত্ৰিক বেকস্লাইডিং আৰু আধিপত্যবাদৰ বাবে উপযুক্ত পৰিস্থিতি। ইউক্ৰেইনৰ যুদ্ধই প্ৰমাণ  কৰিছে যে  আন্তঃৰাজ্যিক সংঘৰ্ষই কেৱল প্ৰত্যক্ষভাৱে জড়িত পক্ষবোৰক প্ৰভাৱান্বিত নকৰে, কিন্তু বিশ্বব্যাপী  নিৰাপত্তা, অৰ্থনৈতিক আৰু মানৱীয় দিশতো প্ৰভাৱ পেলাব পাৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত