--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে ভাৰতৰ এখন যুদ্ধ হ’ব নেকি? এই প্ৰশ্নই বহু সময়ত বহুতৰে মনত ক্ৰিয়া কৰে৷ পাকিস্তানে ভাৰত বিৰোধী সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন কৰাৰ এক দীঘলীয়া ইতিহাস আছে ৷ পাক সন্ত্ৰাসবাদীয়েই কাশ্মীৰক অশান্ত কৰি ৰাখিছে৷ এনে সময়তে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে পাকিস্তানক সামৰিক প্ৰত্যুত্তৰ  দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে৷ 

মাৰ্কিন চোৰাংচোৱাই শেহতীয়াকৈ তেনে এক প্ৰতিবেদনেই দিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱাৰ বাৰ্ষিক প্ৰতিবেদন  অনুসৰি,ভাৰতে পাকিস্তানে সন্ত্ৰাসবাদীক দি থকা উচটনিৰ বিৰুদ্ধে সামৰিক প্ৰত্যুত্তৰ  দিয়াৰ সম্ভাৱনা আছে৷ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ভাৰত আৰু পাকিস্তান দুয়োখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ। 

প্ৰতিবেদন কোৱা হৈছে  "দুখন পাৰমাণৱিক সশস্ত্ৰ ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা  সংকট বিশেষভাৱে চিন্তাৰ বিষয়। নতুন দিল্লী আৰু ইছলামাবাদে সম্ভৱতঃ ২০২১ চনৰ আৰম্ভণিতে নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতিৰ চুক্তি  নৱীকৰণৰ পিছত তেওঁলোকৰ সম্পৰ্কত শক্তিশালী কৰিবলৈ আগ্ৰহী৷ অৱশ্যে ইমানৰ পিছতো পৰিস্থিতি সুস্থিৰ হোৱা নাই" । প্ৰতিবেদনত লগতে  কোৱা হৈছে, "পাকিস্তানৰ ভাৰত বিৰোধী সন্ত্ৰাসবাদী গোটসমূহক সমৰ্থন কৰাৰ এক দীঘলীয়া ইতিহাস আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে  সামৰিক শক্তিৰে পাকিস্তানক  এনে কাৰ্যৰ  সঁহাৰি দিয়াৰ সম্ভাৱনা আছে।" 

প্ৰতিবেদন খনত কোৱা হৈছে যে  ইউক্ৰেইনত ৰাছিয়াৰ যুদ্ধ আৰু কোভিড-১৯ মহামাৰীৰ ফলত দৰিদ্ৰতা বৃদ্ধি হৈছে, অৰ্থনৈতিক বিকাশত বাধা আহিছে, আৰু বৈষম্য বৃদ্ধি হৈছে, বৃদ্ধি হৈছে ঘৰুৱা অস্থিৰতা, বিদ্ৰোহ, গণতান্ত্ৰিক বেকস্লাইডিং আৰু আধিপত্যবাদৰ বাবে উপযুক্ত পৰিস্থিতি। ইউক্ৰেইনৰ যুদ্ধই প্ৰমাণ  কৰিছে যে  আন্তঃৰাজ্যিক সংঘৰ্ষই কেৱল প্ৰত্যক্ষভাৱে জড়িত পক্ষবোৰক প্ৰভাৱান্বিত নকৰে, কিন্তু বিশ্বব্যাপী  নিৰাপত্তা, অৰ্থনৈতিক আৰু মানৱীয় দিশতো প্ৰভাৱ পেলাব পাৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ