--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃত্ৰিপুৰাৰ  ৰাজ বংশধৰ আৰু ত্ৰিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুত কিশোৰ দেববৰ্মাই  এতিয়াও অটল হৈ আছে তেওঁৰ স্থিতিত৷ কোনো কাৰণতে তেওঁ ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ স্বাধিকাৰকলৈ কাৰো সৈতে আপোচ নকৰে বুলি আজি পুনৰবাৰ দোহাৰে৷  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আজি বৈঠকত মিলিত হোৱাৰ পিছতে তেওঁ কয় যে শ্বাহে ত্ৰিপুৰাৰ  'ভূমি  পুত্ৰৰ প্ৰকৃত সমস্যা' বুজি পোৱা বুলি কৈছে আৰু ইয়াৰ বাবে তেওঁ  কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক  ধন্যবাদ জ্ঞাপন কৰে। 

উল্লেখ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দাবী পূৰণৰ বাবে "সাংবিধানিক সমাধান"ৰ বাবে সন্মত হয় । প্ৰদ্যুত কিশোৰ দেববৰ্মাৰ নেতৃত্বততিপ্ৰা মথাৰ প্ৰতিনিধিৰ  সৈতে নিৰ্বাচনোত্তৰ বৈঠকৰ পিছতে শ্বাহে ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ স্বাধিকাৰৰ বিষয়টো মানি লয়  ৷ এই প্ৰসংগত  টুইটাৰত  দেৱবৰ্মাই কয়, "ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ বাবে সাংবিধানিক সমাধানৰ প্ৰক্ৰিয়া গৃহমন্ত্ৰীয়ে আৰম্ভ কৰিব বুলি কথা দিছে৷ এই প্ৰক্ৰিয়াটোৰ বাবে এজন মধ্যস্থতাকাৰী নিয়োগ কৰা হ'ব আৰু এয়া  এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।" নেতাজনে গৃহমন্ত্ৰীক "ভূমিপুত্ৰৰ প্ৰকৃত সমস্যা" বুজি পোৱাৰ বাবে ধন্যবাদো  জনায়। 

ব্ৰু চুক্তি স্বাক্ষৰ কৰি আমি ২৩ বছৰৰ পিছত আমাৰ ৰাজ্যত আমাৰ ব্ৰু লোকসকলৰ পুনৰ্সংস্থাপন সফলতাৰে কৰিব পাৰিছো আৰু আজি আমি আমাৰ  অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে এক বৃহৎ আলোচনা প্ৰক্ৰিয়া  আৰম্ভ কৰিছো। বৈঠকত  মিত্ৰতা আৰু কেবিনেটৰ  বিষয়-বাবকলৈ কোনো  আলোচনা কৰা হোৱা নাই৷  কেৱল আমাৰ লোকসকলৰ স্বাৰ্থৰ বিষয়ে আলোচনা কৰা হৈছে,"৷  

আগৰতলাৰ ৰাজ্যিক অতিথিশালাত অমিত শ্বাহৰ সৈতে বৈঠক অনুষ্ঠিত  হৈছিল ৷ বৈঠকত  বিজেপি সভাপতি জে পি নাড্ডা আৰু ত্ৰিপুৰাৰ নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী মানিক সাহাও  উপস্থিত আছিল। বিজেপিয়ে আগতেই স্পষ্ট কৰি দিছিল যে তেওঁলোকে ত্ৰিপুৰাৰ বিভাজন স্বীকাৰ কৰিবলৈ অনিচ্ছুক। অৱশ্যে বিজেপিয়ে  ত্ৰিপুৰা জনজাতীয় স্বায়ত্তশাসিত পৰিষদক অধিক আইনী, বিত্তীয় আৰু কাৰ্যবাহী ক্ষমতা প্ৰদান কৰাৰ ইচ্ছাৰ কথাও সদৰি কৰিছিল৷জনজাতীয় সম্প্ৰদায়ৰ লোকৰ  আধিপত্য থকা অঞ্চলবোৰত তেনে ক্ষমতা বৃদ্ধিৰ পোষকতা কৰি আহিছে বিজেপিয়ে। 

ত্ৰিপুৰাৰ প্ৰাক্তন শাসক পৰিয়ালৰ বংশধৰ দেব্বাৰ্মাই দীৰ্ঘদিন ধৰি  পৃথক ৰাজ্য টিপ্ৰাছাৰ দাবী জনাই আহিছে আৰু এই বিষয়ত   সাংবিধানিক প্ৰতিকাৰ বিচাৰি আহিছে। টিপ্ৰা মথাই শেহতীয়াকৈ ৬০ জনীয়া ত্ৰিপুৰা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ১৩ খন আসন লাভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ