--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃত্ৰিপুৰাৰ  ৰাজ বংশধৰ আৰু ত্ৰিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুত কিশোৰ দেববৰ্মাই  এতিয়াও অটল হৈ আছে তেওঁৰ স্থিতিত৷ কোনো কাৰণতে তেওঁ ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ স্বাধিকাৰকলৈ কাৰো সৈতে আপোচ নকৰে বুলি আজি পুনৰবাৰ দোহাৰে৷  গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে আজি বৈঠকত মিলিত হোৱাৰ পিছতে তেওঁ কয় যে শ্বাহে ত্ৰিপুৰাৰ  'ভূমি  পুত্ৰৰ প্ৰকৃত সমস্যা' বুজি পোৱা বুলি কৈছে আৰু ইয়াৰ বাবে তেওঁ  কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক  ধন্যবাদ জ্ঞাপন কৰে। 

উল্লেখ্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ দাবী পূৰণৰ বাবে "সাংবিধানিক সমাধান"ৰ বাবে সন্মত হয় । প্ৰদ্যুত কিশোৰ দেববৰ্মাৰ নেতৃত্বততিপ্ৰা মথাৰ প্ৰতিনিধিৰ  সৈতে নিৰ্বাচনোত্তৰ বৈঠকৰ পিছতে শ্বাহে ত্ৰিপুৰাৰ খিলঞ্জীয়াৰ স্বাধিকাৰৰ বিষয়টো মানি লয়  ৷ এই প্ৰসংগত  টুইটাৰত  দেৱবৰ্মাই কয়, "ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ বাবে সাংবিধানিক সমাধানৰ প্ৰক্ৰিয়া গৃহমন্ত্ৰীয়ে আৰম্ভ কৰিব বুলি কথা দিছে৷ এই প্ৰক্ৰিয়াটোৰ বাবে এজন মধ্যস্থতাকাৰী নিয়োগ কৰা হ'ব আৰু এয়া  এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব।" নেতাজনে গৃহমন্ত্ৰীক "ভূমিপুত্ৰৰ প্ৰকৃত সমস্যা" বুজি পোৱাৰ বাবে ধন্যবাদো  জনায়। 

ব্ৰু চুক্তি স্বাক্ষৰ কৰি আমি ২৩ বছৰৰ পিছত আমাৰ ৰাজ্যত আমাৰ ব্ৰু লোকসকলৰ পুনৰ্সংস্থাপন সফলতাৰে কৰিব পাৰিছো আৰু আজি আমি আমাৰ  অস্তিত্ব সুৰক্ষিত কৰাৰ বাবে এক বৃহৎ আলোচনা প্ৰক্ৰিয়া  আৰম্ভ কৰিছো। বৈঠকত  মিত্ৰতা আৰু কেবিনেটৰ  বিষয়-বাবকলৈ কোনো  আলোচনা কৰা হোৱা নাই৷  কেৱল আমাৰ লোকসকলৰ স্বাৰ্থৰ বিষয়ে আলোচনা কৰা হৈছে,"৷  

আগৰতলাৰ ৰাজ্যিক অতিথিশালাত অমিত শ্বাহৰ সৈতে বৈঠক অনুষ্ঠিত  হৈছিল ৷ বৈঠকত  বিজেপি সভাপতি জে পি নাড্ডা আৰু ত্ৰিপুৰাৰ নতুনকৈ শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী মানিক সাহাও  উপস্থিত আছিল। বিজেপিয়ে আগতেই স্পষ্ট কৰি দিছিল যে তেওঁলোকে ত্ৰিপুৰাৰ বিভাজন স্বীকাৰ কৰিবলৈ অনিচ্ছুক। অৱশ্যে বিজেপিয়ে  ত্ৰিপুৰা জনজাতীয় স্বায়ত্তশাসিত পৰিষদক অধিক আইনী, বিত্তীয় আৰু কাৰ্যবাহী ক্ষমতা প্ৰদান কৰাৰ ইচ্ছাৰ কথাও সদৰি কৰিছিল৷জনজাতীয় সম্প্ৰদায়ৰ লোকৰ  আধিপত্য থকা অঞ্চলবোৰত তেনে ক্ষমতা বৃদ্ধিৰ পোষকতা কৰি আহিছে বিজেপিয়ে। 

ত্ৰিপুৰাৰ প্ৰাক্তন শাসক পৰিয়ালৰ বংশধৰ দেব্বাৰ্মাই দীৰ্ঘদিন ধৰি  পৃথক ৰাজ্য টিপ্ৰাছাৰ দাবী জনাই আহিছে আৰু এই বিষয়ত   সাংবিধানিক প্ৰতিকাৰ বিচাৰি আহিছে। টিপ্ৰা মথাই শেহতীয়াকৈ ৬০ জনীয়া ত্ৰিপুৰা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ১৩ খন আসন লাভ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জাপানত প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰিলে গাৰ্ড অৱ অনাৰ ;আপুনি জানেনে ইয়াৰ অৰ্থ কি ?
অভিনৱৰ পিছত অন্য এজন অসম সন্তানৰ অভিলেখ, কমনৱেলথ ভাৰোত্তোলনত বেদব্ৰতৰ স্বর্ণ
দেশৰ আটাইতকৈ কর্মদক্ষ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ; ইণ্ডিয়া টুডে-চি ভোটাৰৰ 'মুড অব দ্য নেশ্যন' সমীক্ষা
ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্রীড়া বঁটাৰ ট্ৰফী উন্মোচন
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান