--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে ‘ভাৰত জোড়ো যাত্ৰা’ স্থগিত ৰাখক, তাৰ সলনি গুজৰাট আৰু হিমাচল প্ৰদেশলৈ যাওক! সোমবাৰে এইদৰে মন্তব্য কৰিছে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছী সাংসদক ফ্ৰাঞ্চিচক’ চাৰদিনহাই।

সাংবাদিকৰ স’তে মুখামুখি হৈ তেওঁ দাবী কৰে যে কেৱল কংগ্ৰেছেহে বিজেপিক পৰাভূত কৰিব পাৰিব। সেয়ে অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা হিমাচল আৰু গুজৰাটত গান্ধীয়ে মনোযোগ দিয়া উচিত।

উল্লেখযোগ্য যে সম্প্ৰতি ৰাহুল গান্ধীয়ে দক্ষিণ ভাৰতত ভাৰত জোড়ো যাত্ৰাৰে ব্যাপক চৰ্চা লাভ কৰিছে। এই যাত্ৰাটোৰে ১৫০ দিনত দেশজুৰি ৩,৫৭০ কিলোমিটাৰ পথ অতিক্ৰম কৰি কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এতিয়ালৈকে ৰাহুল গান্ধীয়ে তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত এই যাত্ৰা সম্পন্ন কৰিছে।

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই যাত্ৰাটো কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ অত্যন্ত প্ৰয়োজনীয় কিন্তু সদ্যহতে স্থগিত ৰখা উচিত। ইয়াৰ কাৰণ হৈছে গুজৰাট আৰু হিমাচল প্ৰদেশত নিৰ্বাচন আহি আছে আৰু তাত ৰাহুল গান্ধীয়ে মনোযোগ দিয়া উচিত।

উল্লেখযোগ্য যে হিমাচলপ্ৰদেশৰ নিৰ্বাচন অহা ১২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আৰু ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। আনহাতে গুজৰাটৰ নিৰ্বাচনৰ তাৰিখ এতিয়ালৈকে নিৰ্বাচনী আয়োগে ঘোষণা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক