--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীয়ে ‘ভাৰত জোড়ো যাত্ৰা’ স্থগিত ৰাখক, তাৰ সলনি গুজৰাট আৰু হিমাচল প্ৰদেশলৈ যাওক! সোমবাৰে এইদৰে মন্তব্য কৰিছে গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছী সাংসদক ফ্ৰাঞ্চিচক’ চাৰদিনহাই।

সাংবাদিকৰ স’তে মুখামুখি হৈ তেওঁ দাবী কৰে যে কেৱল কংগ্ৰেছেহে বিজেপিক পৰাভূত কৰিব পাৰিব। সেয়ে অতিশীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা হিমাচল আৰু গুজৰাটত গান্ধীয়ে মনোযোগ দিয়া উচিত।

উল্লেখযোগ্য যে সম্প্ৰতি ৰাহুল গান্ধীয়ে দক্ষিণ ভাৰতত ভাৰত জোড়ো যাত্ৰাৰে ব্যাপক চৰ্চা লাভ কৰিছে। এই যাত্ৰাটোৰে ১৫০ দিনত দেশজুৰি ৩,৫৭০ কিলোমিটাৰ পথ অতিক্ৰম কৰি কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। এতিয়ালৈকে ৰাহুল গান্ধীয়ে তামিলনাডু, কেৰালা, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত এই যাত্ৰা সম্পন্ন কৰিছে।

গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই যাত্ৰাটো কংগ্ৰেছৰ সাংগঠনিক শক্তি বৃদ্ধি কৰিবলৈ অত্যন্ত প্ৰয়োজনীয় কিন্তু সদ্যহতে স্থগিত ৰখা উচিত। ইয়াৰ কাৰণ হৈছে গুজৰাট আৰু হিমাচল প্ৰদেশত নিৰ্বাচন আহি আছে আৰু তাত ৰাহুল গান্ধীয়ে মনোযোগ দিয়া উচিত।

উল্লেখযোগ্য যে হিমাচলপ্ৰদেশৰ নিৰ্বাচন অহা ১২ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব আৰু ৮ ডিচেম্বৰত ফলাফল ঘোষণা কৰা হ’ব। আনহাতে গুজৰাটৰ নিৰ্বাচনৰ তাৰিখ এতিয়ালৈকে নিৰ্বাচনী আয়োগে ঘোষণা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু