--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আন্দামান-নিকোবৰত যৌন নিৰ্যাতন চলাই নিলম্বনৰ সন্মুখিন হ’ল কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী শীৰ্ষ পদবীধাৰী বিষয়া। জিতেন্দ্ৰ নাৰায়ণ নামৰ এই আইএএছ বিষয়াগৰাকীয়ে দিল্লী ফাইনেন্সিয়েল ক’ৰ্পৰেচনৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ পদবীত কাৰ্যনিৰ্বাহ কৰা আছিল। ইয়াৰ পূৰ্বে আন্দামান-নিকোবৰতো  মুখ্য সচিব হিচাপে নিয়োজিত আছিল।

 

গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এখন বিজ্ঞপ্তীযোগে জনোৱা হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে আন্দামান নিকোবৰৰ এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ আনিছে। আন্দামান নিকোবৰ আৰক্ষীয়ে মন্ত্ৰালয়ক ১৫ অক্টোবৰ তাৰিখে এই সংক্ৰান্তত এটা ৰিপ’ৰ্ট প্ৰদান কৰিছে। সেই অনুসৰি মন্ত্ৰালয়ে তেওঁক নিলম্বন কৰি বিহিত ব্যৱস্থা হাতত লৈছে। তদুপৰি তেওঁৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থাও লোৱা হ’ব।

 

বিজ্ঞপ্তিখনত আৰু কোৱা হৈছে যে চৰকাৰে মহিলাৰ সুৰক্ষা আৰু সন্মান ৰক্ষাৰ বাবে কাম কৰি আহিছে। কোনো চৰকাৰী বিষয়াই মহিলাৰ ওপৰত অত্যাচাৰ চলালে ইয়াক সহ্য কৰা নহ’ব। বিষয়াগৰাকীৰ ওপৰত আন্দামান-নিকোবৰ আৰক্ষীয়ে ইতিমধ্যে এখনি এজাহাৰ পঞ্জীয়ন কৰিছে।

 

উল্লেখ্য যে বিষয়াগৰাকীৰ এই কুকীৰ্তিৰ বিষয়ে ১৫ অক্টোবৰত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। প্ৰকাশ পোৱা বাতৰি অনুসৰি, এগৰাকী ২১ বৰ্ষীয়া যুৱতীক এপ্ৰিল আৰু মে’ মাহত প’ৰ্ট ব্লেয়াৰত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। যুৱতীগৰাকীয়ে চাকৰি বিচাৰি যাওতেই বিষয়াগৰাকীয়ে এই দুৰ্বব্যৱহাৰ কৰিছিল। যুৱতীগৰাকীৰ এইসমূহ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে এটা স্পেচিয়েল ইনভেষ্টিগেচন টীম গঠন কৰিছে।

 

আনহাতে, বিষয়াগৰাকীয়ে এই সমস্ত অভিযোগ অস্বীকাৰ কৰিছে। অভিযোগসমূহক তেওঁ ‘এবচাৰ্ড’ বুলি আখ্যা দিছে। তেওঁ কয় যে ইয়াৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক