--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আন্দামান-নিকোবৰত যৌন নিৰ্যাতন চলাই নিলম্বনৰ সন্মুখিন হ’ল কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী শীৰ্ষ পদবীধাৰী বিষয়া। জিতেন্দ্ৰ নাৰায়ণ নামৰ এই আইএএছ বিষয়াগৰাকীয়ে দিল্লী ফাইনেন্সিয়েল ক’ৰ্পৰেচনৰ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ পদবীত কাৰ্যনিৰ্বাহ কৰা আছিল। ইয়াৰ পূৰ্বে আন্দামান-নিকোবৰতো  মুখ্য সচিব হিচাপে নিয়োজিত আছিল।

 

গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এখন বিজ্ঞপ্তীযোগে জনোৱা হৈছে বিষয়াগৰাকীৰ বিৰুদ্ধে আন্দামান নিকোবৰৰ এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ আনিছে। আন্দামান নিকোবৰ আৰক্ষীয়ে মন্ত্ৰালয়ক ১৫ অক্টোবৰ তাৰিখে এই সংক্ৰান্তত এটা ৰিপ’ৰ্ট প্ৰদান কৰিছে। সেই অনুসৰি মন্ত্ৰালয়ে তেওঁক নিলম্বন কৰি বিহিত ব্যৱস্থা হাতত লৈছে। তদুপৰি তেওঁৰ বিৰুদ্ধে যাৱতীয় আইনী ব্যৱস্থাও লোৱা হ’ব।

 

বিজ্ঞপ্তিখনত আৰু কোৱা হৈছে যে চৰকাৰে মহিলাৰ সুৰক্ষা আৰু সন্মান ৰক্ষাৰ বাবে কাম কৰি আহিছে। কোনো চৰকাৰী বিষয়াই মহিলাৰ ওপৰত অত্যাচাৰ চলালে ইয়াক সহ্য কৰা নহ’ব। বিষয়াগৰাকীৰ ওপৰত আন্দামান-নিকোবৰ আৰক্ষীয়ে ইতিমধ্যে এখনি এজাহাৰ পঞ্জীয়ন কৰিছে।

 

উল্লেখ্য যে বিষয়াগৰাকীৰ এই কুকীৰ্তিৰ বিষয়ে ১৫ অক্টোবৰত সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। প্ৰকাশ পোৱা বাতৰি অনুসৰি, এগৰাকী ২১ বৰ্ষীয়া যুৱতীক এপ্ৰিল আৰু মে’ মাহত প’ৰ্ট ব্লেয়াৰত দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। যুৱতীগৰাকীয়ে চাকৰি বিচাৰি যাওতেই বিষয়াগৰাকীয়ে এই দুৰ্বব্যৱহাৰ কৰিছিল। যুৱতীগৰাকীৰ এইসমূহ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে এটা স্পেচিয়েল ইনভেষ্টিগেচন টীম গঠন কৰিছে।

 

আনহাতে, বিষয়াগৰাকীয়ে এই সমস্ত অভিযোগ অস্বীকাৰ কৰিছে। অভিযোগসমূহক তেওঁ ‘এবচাৰ্ড’ বুলি আখ্যা দিছে। তেওঁ কয় যে ইয়াৰ দ্বাৰা তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰিব বিচৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু