--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গান্ধী পৰিয়ালৰ নহ’লেও কংগ্ৰেছৰ ভাবী সভাপতিগৰাকীয়ে গান্ধী পৰিয়ালৰ মত অমান্য কৰিব নোৱাৰিব! কংগ্ৰেছৰ সভাপতি নিৰ্বাচন সম্পন্ন হৈ যোৱাৰ পাছতে এইদৰে মন্তব্য কৰিছে দলটোৰেই এগৰাকী জ্যেষ্ঠ নেতা পি চিডাম্বৰমে।

“কোনেও কোৱা নাই যে গান্ধী পৰিয়ালৰ কণ্ঠ ৰুদ্ধ কৰা হ’ব।”- এটা টিভি চেনেলক দিয়া সাক্ষাৎকাৰত চিডাম্বৰমে এইদৰে কয়- “নতুন সভাপতিগৰাকীয়ে কংগ্ৰেছ ৱৰ্কিং কমিটি, সংসদীয় সমিতি আৰু দলৰ দৃষ্টিভংগীও শুনিব লাগিব।”

উল্লেখ্য যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক চিডাম্বৰমে ভূয়সী প্ৰশংসা কৰিছিল। ইয়াক ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ এক প্ৰস্তুতি বুলি অভিহিত কৰিছিল। 

কংগ্ৰেছৰ নিৰ্বাচনটোক লৈ বিৰোধী পক্ষৰ ফালৰ পৰা তাচ্ছিল্য কৰা হৈ আহিছে। কোৱা হৈছে নতুন সভাপতিজনেও গান্ধী পৰিয়ালৰ ৰিম’ট কণ্ট্ৰ’লত কাম কৰিব লাগিব।

কিন্তু চিডাম্বৰমে ইয়াক নস্যাৎ কৰে। “এইটো এটা মাত্ৰ ধাৰণা।”- চিডাম্বৰমে কয়।

চিডাম্বৰমে কয় যে নতুন সভাপতিগৰাকীৰ প্ৰথম কাম হ’ব দলৰ মাজত সংহতি অনা, নিৰ্বাচনসমূহ সূচাৰুৰূপে অনুষ্ঠিত কৰা আৰু দলীয় বাহিনীসমূহ গঠন কৰা।

উল্লেখযোগ্য যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খৰ্গেৰ দৰে জ্যেষ্ঠ নেতাই অংশ লৈছে। ইতিমধ্যে ভোটগ্ৰহণ সম্পন্ন হৈ গৈছে আৰু ১৯ অক্টোবৰত ইয়াৰ ফলাফল লাভ কৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক