--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে তেওঁক বিস্ময় বালিকা বুলি কৈছিল। দিন হাজিৰা কৰা পিতৃৰ কন্যা  সুষমা বাৰ্মাই তেওঁৰ প্ৰখৰ মেধা শক্তিৰ বলতে ১০ বছৰ বয়সতে সমাপ্ত কৰিছিল স্কুলীয়া শিক্ষা। তাৰ পিছত ১৩ বছৰ বয়সতে সুষমাই বিএছচিও সম্পূৰ্ণ কৰে আৰু ১৫ বছৰ বয়সত তেওঁ এমএছচি সম্পূৰ্ণ কৰি সকলোকে আচৰিত কৰি দিছে। 

সুষমা বাৰ্মাই শেহতীয়াকৈ মাত্ৰ ১৫ বছৰ বয়সত  মাইক্ৰ'বায়োলজীত এমএছচি ডিগ্ৰী লাভ কৰিছে। লক্ষ্ণৌৰ বাসিন্দা সুষমা বাৰ্মাই মাত্ৰ ১৫ বছৰ বয়সত মাইক্ৰ'বায়োলজিষ্ট হৈ দেশৰ কনিষ্ঠতম মাইক্ৰ'বায়োলজিষ্ট  হিচাবে পৰিগণিত হৈছে। তাইৰ শিক্ষাৰ কাৰ্যকাল কম আছিল কিন্তু প্ৰশংসাৰে পৰিপূৰ্ণ আছিল। সুষমাই পৰিৱেশ অণুজীৱ বিজ্ঞানত পিএইচডি লাভ কৰিছে। সুষমা বাৰ্মাৰ পিতৃয়ে  দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰি আহিছে। সুষমাৰ মাকৰো নাই কোনো আনুষ্ঠানিক স্কুলীয়া শিক্ষা।  এই কথাই হয়তো  সুষমাক  কম বয়সতে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰোৱাইছিল। 

উল্লেখ্য মাত্ৰ ২.৫ বছৰ বয়সতে  সুষমাই  ৰামায়ণ আবৃত্তি কৰি সকলোকে তধা লগাই দিছিল। তাই ৫ বছৰ বয়সত পোনপটীয়াকৈ ৯ ম শ্ৰেণীত নামভৰ্তি কৰিছিল। ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি পাবলৈ তেওঁ বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল।  তেওঁ অৱশেষত ৭  বছৰ বয়সত মেট্ৰিক পৰীক্ষা দি  উত্তীৰ্ণ হয়  আৰু ৭ বছৰ বয়সতে  বিশ্বৰ কনিষ্ঠতম মেট্ৰিক পৰীক্ষাৰ্থী হিচাবে অভিলেখ গঢ়িছিল। ইতিমধ্যে লিমকা বুক অফ ৱৰ্ল্ডছ ৰেকৰ্ডছত সুষমাৰ নাম অন্তৰ্ভুক্ত হৈছে। 

তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা বিএছচি কৰিছিল আৰু তাৰ পিছত লক্ষ্ণৌৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ত (বিবিএউ) এমএছচিৰ সম্পূৰ্ণ কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন