--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৱে তেওঁক বিস্ময় বালিকা বুলি কৈছিল। দিন হাজিৰা কৰা পিতৃৰ কন্যা  সুষমা বাৰ্মাই তেওঁৰ প্ৰখৰ মেধা শক্তিৰ বলতে ১০ বছৰ বয়সতে সমাপ্ত কৰিছিল স্কুলীয়া শিক্ষা। তাৰ পিছত ১৩ বছৰ বয়সতে সুষমাই বিএছচিও সম্পূৰ্ণ কৰে আৰু ১৫ বছৰ বয়সত তেওঁ এমএছচি সম্পূৰ্ণ কৰি সকলোকে আচৰিত কৰি দিছে। 

সুষমা বাৰ্মাই শেহতীয়াকৈ মাত্ৰ ১৫ বছৰ বয়সত  মাইক্ৰ'বায়োলজীত এমএছচি ডিগ্ৰী লাভ কৰিছে। লক্ষ্ণৌৰ বাসিন্দা সুষমা বাৰ্মাই মাত্ৰ ১৫ বছৰ বয়সত মাইক্ৰ'বায়োলজিষ্ট হৈ দেশৰ কনিষ্ঠতম মাইক্ৰ'বায়োলজিষ্ট  হিচাবে পৰিগণিত হৈছে। তাইৰ শিক্ষাৰ কাৰ্যকাল কম আছিল কিন্তু প্ৰশংসাৰে পৰিপূৰ্ণ আছিল। সুষমাই পৰিৱেশ অণুজীৱ বিজ্ঞানত পিএইচডি লাভ কৰিছে। সুষমা বাৰ্মাৰ পিতৃয়ে  দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰি আহিছে। সুষমাৰ মাকৰো নাই কোনো আনুষ্ঠানিক স্কুলীয়া শিক্ষা।  এই কথাই হয়তো  সুষমাক  কম বয়সতে শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰোৱাইছিল। 

উল্লেখ্য মাত্ৰ ২.৫ বছৰ বয়সতে  সুষমাই  ৰামায়ণ আবৃত্তি কৰি সকলোকে তধা লগাই দিছিল। তাই ৫ বছৰ বয়সত পোনপটীয়াকৈ ৯ ম শ্ৰেণীত নামভৰ্তি কৰিছিল। ব'ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি পাবলৈ তেওঁ বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল।  তেওঁ অৱশেষত ৭  বছৰ বয়সত মেট্ৰিক পৰীক্ষা দি  উত্তীৰ্ণ হয়  আৰু ৭ বছৰ বয়সতে  বিশ্বৰ কনিষ্ঠতম মেট্ৰিক পৰীক্ষাৰ্থী হিচাবে অভিলেখ গঢ়িছিল। ইতিমধ্যে লিমকা বুক অফ ৱৰ্ল্ডছ ৰেকৰ্ডছত সুষমাৰ নাম অন্তৰ্ভুক্ত হৈছে। 

তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা বিএছচি কৰিছিল আৰু তাৰ পিছত লক্ষ্ণৌৰ বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ত (বিবিএউ) এমএছচিৰ সম্পূৰ্ণ কৰে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক