--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰৱৰ্তী লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশত আৰম্ভ হৈছে ব্যাপক গুণাগথা৷ ভাৰতীয় জাতীয় কংগ্ৰেছো নতুন শক্তি আৰু নতুন সঞ্জীৱনীৰে পৰৱৰ্তী লোকসভা নিৰ্বাচনত এঘড়ী যুঁজাৰ বাবে সংকল্পবদ্ধ হৈছে৷ আৰু তাৰেই প্ৰস্তুতিস্বৰূপে দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে নেতৃত্ব বাচনি পৰ্ব৷

দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ সভাপতি কোন হ’ব, তাকে লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল৷ আৰু বহুতেই ৰাহুল গান্ধীয়েই সেই কংগ্ৰেছৰ সভাপতি হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল৷ কিন্তু সেই সম্ভাৱনাক নস্যাৎ কৰি ৰাহুল গান্ধীয়ে দিলে ৰাজনীতি সলনিৰ ইংগিত৷

ৰাহুল গান্ধীক প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰাৰ শেহতীয়া সকলো প্ৰচেষ্টা নিষ্ফল হৈছে৷ তেওঁ তেওঁৰ অনিচ্ছাত অটল হৈয়ে আছে৷ ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছত পদত্যাগ কৰাৰ পাছৰে পৰা সদস্যসকলৰ আপীল প্ৰত্যাখ্যান কৰি আহিছে ৰাহুল গান্ধীয়ে৷

ইপিনে, প্ৰিয়ংকা গান্ধীৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে দলটোৱে৷ কিয়নো ১৩৭ বছৰ পুৰণি সংগঠনটোৰ বেছিভাগ সদস্যই এতিয়াও এজন গান্ধীৰ নেতৃত্বতে সমবেত হ'বলৈ আগ্ৰহী৷ 

ৰাহুল গান্ধীয়ে প্ৰস্তাৱ নাকচ কৰাৰ পাছত চৰ্চালৈ আহিছে কেইবাটাও নাম৷ শচীন পাইলট, অশোক গেহলট আৰু ভূপেশ বাঘেলৰ নাম আহিছে চৰ্চালৈ৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট কংগ্ৰেছৰ মুৰব্বীৰ বাবে বিবেচনা কৰা কিছুমান নামৰ ভিতৰত আছে বুলি চৰ্চা চলিছে৷ যাৰ অৰ্থ হৈছে দলটোৰ সভাপতি এজন অ-গান্ধী নেতা হোৱাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ নেতা চৰণ দাসে কয়, হয়, ৰাহুল গান্ধীয়ে কৈছে যে তেওঁ আগ্ৰহী নহয়, কিন্তু আমি তেওঁৰ নেতৃত্বত ওপৰত কাম কৰি আছোঁ আৰু তেওঁক দায়িত্ব ল'বলৈ অনুৰোধ জনাইছোঁ। তেতিয়া তেওঁ আমাক ক'ব লাগিব যে এই পদটো কেনেদৰে পূৰণ কৰা হ'ব৷

অৱশ্যে ৰাহুল গান্ধীয়ে চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰচাৰৰ নেতৃত্ব অব্যাহত ৰাখিছে। তেওঁ ছেপ্টেম্বৰত এক বিশাল ৰেলী সম্বোধন কৰিবলৈ সাজু হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু