--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পৰৱৰ্তী লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেশত আৰম্ভ হৈছে ব্যাপক গুণাগথা৷ ভাৰতীয় জাতীয় কংগ্ৰেছো নতুন শক্তি আৰু নতুন সঞ্জীৱনীৰে পৰৱৰ্তী লোকসভা নিৰ্বাচনত এঘড়ী যুঁজাৰ বাবে সংকল্পবদ্ধ হৈছে৷ আৰু তাৰেই প্ৰস্তুতিস্বৰূপে দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে নেতৃত্ব বাচনি পৰ্ব৷

দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৰ সভাপতি কোন হ’ব, তাকে লৈ বিভিন্ন জল্পনা-কল্পনা চলি আছিল৷ আৰু বহুতেই ৰাহুল গান্ধীয়েই সেই কংগ্ৰেছৰ সভাপতি হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল৷ কিন্তু সেই সম্ভাৱনাক নস্যাৎ কৰি ৰাহুল গান্ধীয়ে দিলে ৰাজনীতি সলনিৰ ইংগিত৷

ৰাহুল গান্ধীক প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰাৰ শেহতীয়া সকলো প্ৰচেষ্টা নিষ্ফল হৈছে৷ তেওঁ তেওঁৰ অনিচ্ছাত অটল হৈয়ে আছে৷ ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ বিপৰ্যয়ৰ পাছত পদত্যাগ কৰাৰ পাছৰে পৰা সদস্যসকলৰ আপীল প্ৰত্যাখ্যান কৰি আহিছে ৰাহুল গান্ধীয়ে৷

ইপিনে, প্ৰিয়ংকা গান্ধীৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে দলটোৱে৷ কিয়নো ১৩৭ বছৰ পুৰণি সংগঠনটোৰ বেছিভাগ সদস্যই এতিয়াও এজন গান্ধীৰ নেতৃত্বতে সমবেত হ'বলৈ আগ্ৰহী৷ 

ৰাহুল গান্ধীয়ে প্ৰস্তাৱ নাকচ কৰাৰ পাছত চৰ্চালৈ আহিছে কেইবাটাও নাম৷ শচীন পাইলট, অশোক গেহলট আৰু ভূপেশ বাঘেলৰ নাম আহিছে চৰ্চালৈ৷

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট কংগ্ৰেছৰ মুৰব্বীৰ বাবে বিবেচনা কৰা কিছুমান নামৰ ভিতৰত আছে বুলি চৰ্চা চলিছে৷ যাৰ অৰ্থ হৈছে দলটোৰ সভাপতি এজন অ-গান্ধী নেতা হোৱাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ নেতা চৰণ দাসে কয়, হয়, ৰাহুল গান্ধীয়ে কৈছে যে তেওঁ আগ্ৰহী নহয়, কিন্তু আমি তেওঁৰ নেতৃত্বত ওপৰত কাম কৰি আছোঁ আৰু তেওঁক দায়িত্ব ল'বলৈ অনুৰোধ জনাইছোঁ। তেতিয়া তেওঁ আমাক ক'ব লাগিব যে এই পদটো কেনেদৰে পূৰণ কৰা হ'ব৷

অৱশ্যে ৰাহুল গান্ধীয়ে চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰচাৰৰ নেতৃত্ব অব্যাহত ৰাখিছে। তেওঁ ছেপ্টেম্বৰত এক বিশাল ৰেলী সম্বোধন কৰিবলৈ সাজু হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ