--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে হিমাচল প্ৰদেশ। ৰাজ্যখনত যোৱা ২৪ ঘণ্টাত হোৱা ধাৰাসাৰ বৰষুণে সৃষ্টি কৰা ভূমিস্খলন, আকস্মিক বানপানী আৰু ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যজুৰি মুঠ ২২ গৰাকী লোক নিহত হৈছে বুলি জানিব পৰা গৈছে। এই ভয়াৱহ দুৰ্যোগত শোকাৱহভাৱে মৃত্যুক সাবটিব লগীয়া হৈছে একেটা পৰিয়ালৰে আঠগৰাকীকৈ লোকে। তদুপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কেইবাগৰাকীও লোক সন্ধানহীন হৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰিছে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সঞ্চালক গৰাকীয়ে শনিবাৰে জানিবলৈ দিয়া মতে ৰাজ্যখনৰ মাণ্ডি, কাংৰা আৰু চম্বা জিলাত সৰ্বাধিক ক্ষতিৰ খবৰ পোৱা গৈছে। মাণ্ডিৰ মানালী-চণ্ডিগড় ৰাষ্ট্ৰীয় ঘাইপথ আৰু শোঘিৰ চিমলা-চান্দিগাথ ঘাইপথকে ধৰি প্ৰায় ৭৪৩ টা পথত যান-বাহন চলাচল বন্ধ কৰি দিয়া হৈছে।

ইফালে কেৱল মাণ্ডিত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বান আৰু ভূমিস্খলনত ১৩ জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। নিহতসকলৰ উপৰিও আন পাঁচজন ব্যক্তি জিলাখনত সন্ধানহীন হৈ আছে বুলি স্থানীয় উপায়ুক্ত গৰাকীয়ে সদৰী কৰিছে।

জিলাখনৰ গোহৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কাশান গাঁওনিবাসী এটা পৰিয়ালৰ আঠজনকৈ সদস্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই জোকাৰি গৈছে সকলোকে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF) আৰু আৰক্ষীৰ দ্বাৰা চাৰি ঘণ্টা ধৰি চলা তালাচী অভিযানৰ পিছত এই আঠগৰাকী সদস্যৰ মৃতদেহ তেওঁলোকৰ ঘৰৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হয়।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ আৰু বিজেপি সভাপতি জে পি নাড্ডাই দুৰ্যোগত নিহত সকলৰ প্ৰতি মৃত্যুত শোক প্ৰকাশ কৰি প্ৰশাসনে প্ৰভাৱিত জিলাসমূহত যুদ্ধকালীন পৰ্যায়ত উদ্ধাৰ অভিযান চলাই আছে বুলি জানিবলৈ দিয়ে

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ