--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবেঁকা পথেৰে ধন ঘটিবলৈ কিমানে যে কিমান ধৰণৰ ফন্দী ৰচনা নকৰে! কোনোৱাই নিজে অপহৃত হোৱাৰ নাটক ৰচনা কৰি পৰিয়ালৰ পৰা ধন সৰোকোৱাৰ পাং পাতে আৰু যে কত’ কি নকৰে৷ এইবাৰ নিজৰ বোৱাৰীয়েকেই ব্লেকমেইলিং কৰি বোৱাৰীয়েকৰ মাতৃগৃহৰ পৰা  ধন ঘটাৰ অভিসন্ধি ৰচনা কৰিলে  শাহুৱেক আৰু ননদে৷  ঘটনাটো ঘটিছে ঝাৰখণ্ডৰ কয়লা নগৰী হিচাবে পৰিচিত  ধানবাদত৷ 

চহৰ খনৰ  এগৰাকী বোৱাৰীয়েকক তেওঁৰেই শাশুৱেক আৰু ননদে প্ৰতাৰণা কৰি মাতৃগৃহৰ পৰা ধন দাবী কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ভুক্তভোগী বোৱাৰীয়েকে অভিযোগ কৰা অনুসৰি শাসুৱেক আৰু ননদে  তেওঁৰ ইনষ্টাগ্ৰামৰ আইডি হেক কৰি তেওঁৰ একাউণ্টত নানান ধরণৰ আপত্তিজনক ছবি আদি আপলোড কৰিছে৷ সেইবোৰ দেখুৱাই শাসুৱেক আৰু ননদে বোৱাৰীয়েকৰ পৰা  ধন দাবী কৰা বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে৷

ভুক্তভোগী মহিলাগৰাকীয়ে ধানবাদৰ চাইবাৰ আৰক্ষী চকীত তেওঁৰ নিজৰ শাহুৱেক আৰু ননদৰ বিৰুদ্ধে ইনষ্টাগ্ৰাম আইডি হেক কৰা আৰু তেওঁক সমাজত হেয় প্ৰতিপন্ন কৰি  তেওঁৰ মাতৃগৃহৰ পৰা ধন দাবী কৰাৰ বাবে অভিযোগ দাখিল কৰিছে।

জানিব পৰা মতে প্ৰায় চাৰি বছৰ পূৰ্বে মহিলাগৰাকীয়ে  ধানবাদৰ গৌৰ খুণ্টিৰ বাসিন্দা জগতাৰ সিঙৰ সৈতে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল।বিয়াৰ কেইমাহমানৰ পিছলৈ তেওঁলোকৰ সংসাৰ  ঠিকেই চলি আছিল, কিন্তু যোৱা তিনিটা বছৰে  মহিলাগৰাকীক শাশুৱেক আৰু ননদে  যৌতুকৰ দাবী কৰি  হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল।

মহিলাগৰাকীয়ে তেওঁৰ মাতৃগৃহৰ পৰা যৌতুক আনিবলৈ অস্বীকাৰ কৰাত  শাহুৱেক আৰু ননদে তেওঁৰ ইনষ্টাগ্ৰাম আইডি হেক কৰি মহিলাগৰাকীৰ বদনাম ৰতিবলৈ আৰম্ভ কৰিছিল। বোৱাৰীগৰাকীৰ মতেআইডিৰ পৰা বিভিন্ন ধৰণৰ বাৰ্তা আৰু ফটো ভাইৰেল কৰি তেওঁক বদনামী কৰা হৈছিল।
ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে চাইবাৰ আৰক্ষী চকীত উপস্থিত হৈ আৰু আইডি হেক কৰাৰ বিষয়টোত ন্যায় বিচাৰিছে।লিখিত অভিযোগ পোৱাৰ  পিছতে চাইবাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু