--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃবেঁকা পথেৰে ধন ঘটিবলৈ কিমানে যে কিমান ধৰণৰ ফন্দী ৰচনা নকৰে! কোনোৱাই নিজে অপহৃত হোৱাৰ নাটক ৰচনা কৰি পৰিয়ালৰ পৰা ধন সৰোকোৱাৰ পাং পাতে আৰু যে কত’ কি নকৰে৷ এইবাৰ নিজৰ বোৱাৰীয়েকেই ব্লেকমেইলিং কৰি বোৱাৰীয়েকৰ মাতৃগৃহৰ পৰা  ধন ঘটাৰ অভিসন্ধি ৰচনা কৰিলে  শাহুৱেক আৰু ননদে৷  ঘটনাটো ঘটিছে ঝাৰখণ্ডৰ কয়লা নগৰী হিচাবে পৰিচিত  ধানবাদত৷ 

চহৰ খনৰ  এগৰাকী বোৱাৰীয়েকক তেওঁৰেই শাশুৱেক আৰু ননদে প্ৰতাৰণা কৰি মাতৃগৃহৰ পৰা ধন দাবী কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ভুক্তভোগী বোৱাৰীয়েকে অভিযোগ কৰা অনুসৰি শাসুৱেক আৰু ননদে  তেওঁৰ ইনষ্টাগ্ৰামৰ আইডি হেক কৰি তেওঁৰ একাউণ্টত নানান ধরণৰ আপত্তিজনক ছবি আদি আপলোড কৰিছে৷ সেইবোৰ দেখুৱাই শাসুৱেক আৰু ননদে বোৱাৰীয়েকৰ পৰা  ধন দাবী কৰা বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে৷

ভুক্তভোগী মহিলাগৰাকীয়ে ধানবাদৰ চাইবাৰ আৰক্ষী চকীত তেওঁৰ নিজৰ শাহুৱেক আৰু ননদৰ বিৰুদ্ধে ইনষ্টাগ্ৰাম আইডি হেক কৰা আৰু তেওঁক সমাজত হেয় প্ৰতিপন্ন কৰি  তেওঁৰ মাতৃগৃহৰ পৰা ধন দাবী কৰাৰ বাবে অভিযোগ দাখিল কৰিছে।

জানিব পৰা মতে প্ৰায় চাৰি বছৰ পূৰ্বে মহিলাগৰাকীয়ে  ধানবাদৰ গৌৰ খুণ্টিৰ বাসিন্দা জগতাৰ সিঙৰ সৈতে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল।বিয়াৰ কেইমাহমানৰ পিছলৈ তেওঁলোকৰ সংসাৰ  ঠিকেই চলি আছিল, কিন্তু যোৱা তিনিটা বছৰে  মহিলাগৰাকীক শাশুৱেক আৰু ননদে  যৌতুকৰ দাবী কৰি  হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰিছিল।

মহিলাগৰাকীয়ে তেওঁৰ মাতৃগৃহৰ পৰা যৌতুক আনিবলৈ অস্বীকাৰ কৰাত  শাহুৱেক আৰু ননদে তেওঁৰ ইনষ্টাগ্ৰাম আইডি হেক কৰি মহিলাগৰাকীৰ বদনাম ৰতিবলৈ আৰম্ভ কৰিছিল। বোৱাৰীগৰাকীৰ মতেআইডিৰ পৰা বিভিন্ন ধৰণৰ বাৰ্তা আৰু ফটো ভাইৰেল কৰি তেওঁক বদনামী কৰা হৈছিল।
ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে চাইবাৰ আৰক্ষী চকীত উপস্থিত হৈ আৰু আইডি হেক কৰাৰ বিষয়টোত ন্যায় বিচাৰিছে।লিখিত অভিযোগ পোৱাৰ  পিছতে চাইবাৰ আৰক্ষী থানাৰ আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ