--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রথমতে কাঠমাণ্ডুৰ মেয়ৰ বলেন (বলেন্দ্ৰ) শ্বাহ জেন-জেড (জেন-জী নামেৰেও জনাজাত)ৰ পচন্দৰ প্রার্থী আছিল। কিন্তু বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ সঁহাৰি নজনালে।

ডিজিটেল ডেস্কঃ ২৬টা সামাজিক মাধ্যমৰ মঞ্চ নিষিদ্ধ কৰাৰ বিৰুদ্ধে নেপালত হোৱা হিংসাত্মক প্ৰতিবাদৰ পাছত দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী বাছনি কৰিবলৈ ৫০০০ তৰুণে অংশগ্ৰহণ কৰা ভার্চুৱেল সভাই জেন-জেডৰ (১৯৯৭ৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্ম) পচন্দৰূপে বাছনি কৰিছে নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাকীক। উক্ত অনলাইন আলোচনাত মনোনিৱেশ কৰা হৈছিল দেশৰ শীৰ্ষ পদটোৰ বাবে সম্ভাব্য প্রার্থীৰ বাছনিত।


প্রথমতে কাঠমাণ্ডুৰ মেয়ৰ বলেন (বলেন্দ্ৰ) শ্বাহ জেন-জেড (জেন-জী নামেৰেও জনাজাত)ৰ পচন্দৰ প্রার্থী আছিল। কিন্তু বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ সঁহাৰি নজনালে। উক্ত বৈঠকত থকা এজন প্রতিনিধিয়ে সংবাদ মাধ্যমক কয়, 'যিহেতু তেওঁ আমাৰ ফ'নকল নধৰিলে, সেয়ে আলোচনাত আন নামৰ আলোচনা হয়। বেছিভাগেই সুশীলা কাকীক সমর্থন জনায়।' কাকীক আগতেও এই প্রস্তাৱেৰে লগ কৰা হৈছিল আৰু সমর্থনৰ প্ৰদৰ্শনৰ বাবে তেওঁ ১,০০০ জনৰ স্বাক্ষৰ বিচাৰিছিল। কিন্তু তেওঁ ২,৫০০টা সমর্থনৰ স্বাক্ষৰ লাভ কৰে। কাকী শীর্ষ প্রার্থী যদিও, আন কেইবাজনৰো কথা বৈঠকত আলোচনা হয়।


তেওঁলোক হৈছে নেপাল বৈদ্যুতিক প্ৰাধিকৰণৰ মুৰব্বী কুলমান ঘিচিং, তৰুণ নেতা সাগৰ ঢাকাল আৰু ধাৰানৰ মেয়ৰ হৰকা সমপাং। ইউটিউবাৰ ৰেণ্ডম নেপালীৰ নামো আলোচনা হয়। এতিয়াও যদি সুশীলা কাকীয়ে প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া তেওঁ প্ৰথমতে সেনাৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেলক সাক্ষাৎ কৰিব আৰু তাৰ পাছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ অনুমতি বিচাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ