--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রথমতে কাঠমাণ্ডুৰ মেয়ৰ বলেন (বলেন্দ্ৰ) শ্বাহ জেন-জেড (জেন-জী নামেৰেও জনাজাত)ৰ পচন্দৰ প্রার্থী আছিল। কিন্তু বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ সঁহাৰি নজনালে।

ডিজিটেল ডেস্কঃ ২৬টা সামাজিক মাধ্যমৰ মঞ্চ নিষিদ্ধ কৰাৰ বিৰুদ্ধে নেপালত হোৱা হিংসাত্মক প্ৰতিবাদৰ পাছত দেশখনৰ অন্তৱৰ্তী চৰকাৰৰ মুৰব্বী বাছনি কৰিবলৈ ৫০০০ তৰুণে অংশগ্ৰহণ কৰা ভার্চুৱেল সভাই জেন-জেডৰ (১৯৯৭ৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা প্ৰজন্ম) পচন্দৰূপে বাছনি কৰিছে নেপালৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাকীক। উক্ত অনলাইন আলোচনাত মনোনিৱেশ কৰা হৈছিল দেশৰ শীৰ্ষ পদটোৰ বাবে সম্ভাব্য প্রার্থীৰ বাছনিত।


প্রথমতে কাঠমাণ্ডুৰ মেয়ৰ বলেন (বলেন্দ্ৰ) শ্বাহ জেন-জেড (জেন-জী নামেৰেও জনাজাত)ৰ পচন্দৰ প্রার্থী আছিল। কিন্তু বাৰে বাৰে যোগাযোগ কৰিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ সঁহাৰি নজনালে। উক্ত বৈঠকত থকা এজন প্রতিনিধিয়ে সংবাদ মাধ্যমক কয়, 'যিহেতু তেওঁ আমাৰ ফ'নকল নধৰিলে, সেয়ে আলোচনাত আন নামৰ আলোচনা হয়। বেছিভাগেই সুশীলা কাকীক সমর্থন জনায়।' কাকীক আগতেও এই প্রস্তাৱেৰে লগ কৰা হৈছিল আৰু সমর্থনৰ প্ৰদৰ্শনৰ বাবে তেওঁ ১,০০০ জনৰ স্বাক্ষৰ বিচাৰিছিল। কিন্তু তেওঁ ২,৫০০টা সমর্থনৰ স্বাক্ষৰ লাভ কৰে। কাকী শীর্ষ প্রার্থী যদিও, আন কেইবাজনৰো কথা বৈঠকত আলোচনা হয়।


তেওঁলোক হৈছে নেপাল বৈদ্যুতিক প্ৰাধিকৰণৰ মুৰব্বী কুলমান ঘিচিং, তৰুণ নেতা সাগৰ ঢাকাল আৰু ধাৰানৰ মেয়ৰ হৰকা সমপাং। ইউটিউবাৰ ৰেণ্ডম নেপালীৰ নামো আলোচনা হয়। এতিয়াও যদি সুশীলা কাকীয়ে প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া তেওঁ প্ৰথমতে সেনাৰ মুৰব্বী জেনেৰেল অশোক ৰাজ ছিগডেলক সাক্ষাৎ কৰিব আৰু তাৰ পাছত ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলৰ অনুমতি বিচাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু