--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি প্ৰাগ টাৱাৰত থকা দৈনিক জনমভূমিৰ মুখ্য কাৰ্যালয়ত আলোচনীখন উন্মোচন কৰে প্ৰাগ নিউজৰ CMD ড০ সঞ্জীৱ নাৰায়ণে

ডিজিটেল ডেস্কঃ পূৰ্বৰ ধাৰা অটুট ৰাখি এইবেলিও প্ৰকাশ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী । গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ লগতে যোৰহাট, তিনিচুকীয়া আৰু বঙাইগাঁও কাৰ্যালয়তো একে সময়তে আজি উন্মোচন হ’ল দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী।


অসমৰ নবীন-প্ৰবীণ সাহিত্যিকৰ সৃষ্টিৰাজিৰে সমৃদ্ধ হৈছে আলোচনীখন।আলোচনীখনত কেইবাটাও আলোকধৰ্মী বিশেষ লেখা, প্ৰবন্ধ, বিশটা গল্প, সাতখনকৈ উপন্যাস, এখন শিশু উপন্যাস, দুখন নাটক, সত্তৰটা কবিতা, চাৰিটা অনুবাদ গল্পৰ লগতে শিল্প-কলা, ভ্ৰাম্যমাণ থিয়েটাৰ, সাহিত্য, উপন্যাসিকা, পৰ্যটন বিষয়ক আদি বিভিন্ন ৰুচিশীল লেখা সন্নিৱিষ্ট হৈছে।


সুদৃশ্য প্ৰচ্ছদ, অসমৰ নবীন-প্ৰবীন জনপ্ৰিয় লেখকৰ বাছকবনীয়া লেখাৰে সমৃদ্ধ হৈ প্ৰকাশ পাইছে ৪০০ পৃষ্ঠাৰ বৰ্ণাঢ্য শাৰদীয় আলোচনী। আজি প্ৰাগ টাৱাৰত থকা দৈনিক জনমভূমিৰ মুখ্য কাৰ্যালয়ত আলোচনীখন উন্মোচন কৰে প্ৰাগ নিউজৰ CMD ড০ সঞ্জীৱ নাৰায়ণে। পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো দৈনিক জনমভূমিৰ শাৰদীয় আলোচনীয়ে আগ্ৰহী পঢ়ুৱৈৰ পৰা আশাব্যঞ্জক সঁহাৰি পাব বুলি আশা প্ৰকাশ কৰে নাৰায়ণে।


উন্মোচনী অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক তথা দৈনিক জনমভূমিৰ প্ৰকাশক চন্দ্ৰশেখৰ শৰ্মা, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, প্ৰাগ নিউজৰ সহযোগী সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকা, ৰেঙনি চেনেলৰ CEO জিতেন্দ্ৰ অচিত চুতীয়া, প্ৰাগ ডিজিটেলৰ মুৰব্বী সৌভিক ৰয় চৌধুৰী, দৈনিক জনমভূমিৰ ব্যুৰ’ চীফ অমল গোস্বামী, জ্যেষ্ঠ সাংবাদিক ৰঞ্জন কুমাৰ ৰেগনকে ধৰি প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ কৰ্মীবৃন্দ উপস্থিত থাকে।


উল্লেখযোগ্য যে কিশোৰ গোস্বামীয়ে সম্পাদনা কৰা এই আলোচনীখনত আছে ১০ খন উপন্যাস, একুৰিৰো অধিক গল্পৰ লগতে আছে নাটক, প্ৰবন্ধ, কবিতা আদিৰ মেটমৰা সম্ভাৰ। আলোচনীখনৰ সুদৃশ্য প্ৰচ্ছদ অংকন কৰিছে সুমন দাসে। হৰিচন্দ্ৰ বৈশ্যই অলংকৰণ কৰা আলোচনীখনৰ আৰ্হিপাঠ গুনমণি কলিতা, সঞ্জীৱ ঠাকুৰীয়া আৰু গৌৰৱ বুঢ়াগোহাঁইৰ। শাৰদীয় আলোচনীৰ প্ৰকাশৰ সৈতে জড়িত প্ৰতিজন কৰ্মকৰ্তাক ফুলাম গামোচাৰে অভিনন্দন জনালে CMD ড০ সঞ্জীৱ নাৰায়ণে।


উল্লেখযোগ্য যে অসমৰ পাঠক সমাজত জনমভূমিৰ শাৰদীয় আৰু বসন্ত সংখ্যাৰ আছে বিশেষ সমাদৰ। এইবেলি পূৰ্বতকৈও অধিক মেটমৰা সম্ভাৰেৰে প্ৰকাশ কৰা হৈছে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ নগৰবেৰাৰ যুৱক; সন্ধান দিওঁতালৈ ২০ হাজাৰ টকাৰ পুৰস্কাৰ
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
Advertisement