--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজি প্ৰাগ টাৱাৰত থকা দৈনিক জনমভূমিৰ মুখ্য কাৰ্যালয়ত আলোচনীখন উন্মোচন কৰে প্ৰাগ নিউজৰ CMD ড০ সঞ্জীৱ নাৰায়ণে

ডিজিটেল ডেস্কঃ পূৰ্বৰ ধাৰা অটুট ৰাখি এইবেলিও প্ৰকাশ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী । গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ লগতে যোৰহাট, তিনিচুকীয়া আৰু বঙাইগাঁও কাৰ্যালয়তো একে সময়তে আজি উন্মোচন হ’ল দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী।


অসমৰ নবীন-প্ৰবীণ সাহিত্যিকৰ সৃষ্টিৰাজিৰে সমৃদ্ধ হৈছে আলোচনীখন।আলোচনীখনত কেইবাটাও আলোকধৰ্মী বিশেষ লেখা, প্ৰবন্ধ, বিশটা গল্প, সাতখনকৈ উপন্যাস, এখন শিশু উপন্যাস, দুখন নাটক, সত্তৰটা কবিতা, চাৰিটা অনুবাদ গল্পৰ লগতে শিল্প-কলা, ভ্ৰাম্যমাণ থিয়েটাৰ, সাহিত্য, উপন্যাসিকা, পৰ্যটন বিষয়ক আদি বিভিন্ন ৰুচিশীল লেখা সন্নিৱিষ্ট হৈছে।


সুদৃশ্য প্ৰচ্ছদ, অসমৰ নবীন-প্ৰবীন জনপ্ৰিয় লেখকৰ বাছকবনীয়া লেখাৰে সমৃদ্ধ হৈ প্ৰকাশ পাইছে ৪০০ পৃষ্ঠাৰ বৰ্ণাঢ্য শাৰদীয় আলোচনী। আজি প্ৰাগ টাৱাৰত থকা দৈনিক জনমভূমিৰ মুখ্য কাৰ্যালয়ত আলোচনীখন উন্মোচন কৰে প্ৰাগ নিউজৰ CMD ড০ সঞ্জীৱ নাৰায়ণে। পূৰ্বৰ বছৰবোৰৰ দৰেই এইবাৰো দৈনিক জনমভূমিৰ শাৰদীয় আলোচনীয়ে আগ্ৰহী পঢ়ুৱৈৰ পৰা আশাব্যঞ্জক সঁহাৰি পাব বুলি আশা প্ৰকাশ কৰে নাৰায়ণে।


উন্মোচনী অনুষ্ঠানত প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, দৈনিক জনমভূমিৰ কাৰ্যবাহী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন, প্ৰাগ নিউজৰ মহাপ্ৰবন্ধক তথা দৈনিক জনমভূমিৰ প্ৰকাশক চন্দ্ৰশেখৰ শৰ্মা, প্ৰাগ নিউজৰ কাৰ্যবাহী সম্পাদক দেৱজিৎ ভূঞা, প্ৰাগ নিউজৰ সহযোগী সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকা, ৰেঙনি চেনেলৰ CEO জিতেন্দ্ৰ অচিত চুতীয়া, প্ৰাগ ডিজিটেলৰ মুৰব্বী সৌভিক ৰয় চৌধুৰী, দৈনিক জনমভূমিৰ ব্যুৰ’ চীফ অমল গোস্বামী, জ্যেষ্ঠ সাংবাদিক ৰঞ্জন কুমাৰ ৰেগনকে ধৰি প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ কৰ্মীবৃন্দ উপস্থিত থাকে।


উল্লেখযোগ্য যে কিশোৰ গোস্বামীয়ে সম্পাদনা কৰা এই আলোচনীখনত আছে ১০ খন উপন্যাস, একুৰিৰো অধিক গল্পৰ লগতে আছে নাটক, প্ৰবন্ধ, কবিতা আদিৰ মেটমৰা সম্ভাৰ। আলোচনীখনৰ সুদৃশ্য প্ৰচ্ছদ অংকন কৰিছে সুমন দাসে। হৰিচন্দ্ৰ বৈশ্যই অলংকৰণ কৰা আলোচনীখনৰ আৰ্হিপাঠ গুনমণি কলিতা, সঞ্জীৱ ঠাকুৰীয়া আৰু গৌৰৱ বুঢ়াগোহাঁইৰ। শাৰদীয় আলোচনীৰ প্ৰকাশৰ সৈতে জড়িত প্ৰতিজন কৰ্মকৰ্তাক ফুলাম গামোচাৰে অভিনন্দন জনালে CMD ড০ সঞ্জীৱ নাৰায়ণে।


উল্লেখযোগ্য যে অসমৰ পাঠক সমাজত জনমভূমিৰ শাৰদীয় আৰু বসন্ত সংখ্যাৰ আছে বিশেষ সমাদৰ। এইবেলি পূৰ্বতকৈও অধিক মেটমৰা সম্ভাৰেৰে প্ৰকাশ কৰা হৈছে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু