--°C
Loading...
Listen to Article
2 min read
80%
মহীপাল ডেকা

কংগ্ৰেছৰ সৈতে ব্ৰেকআপ হোৱাৰ পাছত মুখ খুলিছে ভোটযুদ্ধত কৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে। যোগদানৰ প্ৰস্তাৱ দিয়াৰ পাছতো কিয় কংগ্ৰেছত যোগদান নকৰিলে প্ৰশান্ত কিশোৰে? তাৰ কাৰণ প্ৰশান্ত কিশোৰে ৰাজহুৱা কৰা নাই! কিন্তু প্ৰশান্ত কিশোৰৰ উত্তৰত আছে কংগ্ৰেছত যোগদান নকৰাৰ আঁৰৰ ইংগিত। প্ৰশান্ত কিশোৰে ইংগিত দিয়ে যে, ৰাহুল-প্ৰিয়ংকাৰ নেতৃত্বত উত্থান নহয় কংগ্ৰেছৰ।

কংগ্ৰেছৰ উত্থানৰ বাবে প্ৰয়োজন হ’ব তৃতীয় এজন কংগ্ৰেছী। কিন্তু সেই তৃতীয়জন ব্যক্তি কোন? গান্ধী পৰিয়ালক কোনজন নেতাক নেতৃত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়ালে প্ৰশান্ত কিশোৰে? প্ৰশান্ত কিশোৰৰ বাছনিত উঠিল কোনজন কংগ্ৰেছী? স্বাভাৱিকতে ইয়াক লৈ চলিছে জল্পনা-কল্পনা। কিন্তু কৌশলী প্ৰশান্ত কিশোৰে এই সন্দৰ্ভত কোনো কথাই নক’লে। প্ৰশান্ত কিশোৰে নেতাজনৰ নাম ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে।

স্বাভাৱিকতে এয়া প্ৰশান্ত কিশোৰৰ এক কৌশল। প্ৰশান্ত কিশোৰৰ এই প্ৰস্তাৱে গান্ধী পৰিয়ালক অসন্তুষ্ট কৰা যেন পৰিলক্ষিত হৈছে। কিন্তু এই সন্দৰ্ভতো স্পষ্টকৈ একো কোৱা নাই প্ৰশান্ত কিশোৰে। কিন্তু, ৰাহুল গান্ধীৰে প্ৰশান্ত কিশোৰৰ কথা যে মিলা নাই তাৰ ইংগিত পোৱা গৈছে প্ৰশান্ত কিশোৰৰ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত। কংগ্ৰেছত কিয় যোগদান নকৰিলে এই সন্দৰ্ভত প্ৰশ্ন কৰা প্ৰশান্ত কিশোৰে কয় যে কংগ্ৰেছক মোক নালাগে। তেওঁলোকে নিজৰ সিদ্ধান্ত নিজেই ল’ব পাৰে। কংগ্ৰেছত আছে বহু ডাঙৰ নেতা। অকল ইমানেই নহয় ৰাহুল গান্ধীৰ সন্দৰ্ভতো এক অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰশান্ত কিশোৰে। মই কি  ইমান ডাঙৰ মানুহ, ৰাহুল গান্ধীয়ে যে মোক গুৰুত্ব দিব। এই মন্তব্যৰ অন্তৰালত লুকাই আছে ৰাহুল গান্ধীৰ প্ৰতি পি কেৰ অসন্তুষ্টি।

উল্লেখ্য যে কংগ্ৰেছৰ পুনৰ উত্থানৰ বাবে প্ৰশান্ত কিশোৰে প্ৰস্তুত কৰিছিল এলানি ব্লু-প্ৰিণ্ট। এই ব্লু-প্ৰিণ্ট লৈ গান্ধী পৰিয়াল আৰু এম্পাৱাৰ একচন কমিটীক দিছিল সুদীৰ্ঘ ৮ ঘণ্টীয়া প্ৰেজেণ্টেশ্যন। এই ব্লু-প্ৰিণ্টত আছিল কংগ্ৰেছৰ সংগঠনৰ আমূল সংস্কাৰৰ একচন প্লেন। কিছু কথা গান্ধী পৰিয়ালৰ সৈতে মিলিছিল আৰু কিছু কথা মিলা নাছিল। সবাতোকৈ ডাঙৰ কথাটো আছিল প্ৰশান্ত কিশোৰৰ এণ্ট্ৰিত ভেটো দিছিল মুস্তিমেয় জ্যেষ্ঠ কংগ্ৰেছীয়ে। ফলত প্ৰশান্ত কিশোৰে সকলো কথা বিবেচনা কৰি কংগ্ৰেছত যোগদান নকৰাটোৱেই সিদ্ধান্ত গ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ