--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰি আদালতৰ নিৰ্দেশত পুনৰ ৰাহুল গান্ধীকে ১৫০০ টকা ব্যয় পৰিশোধ কৰিবলগীয়া হ’ল এগৰাকী আৰএছএছৰ কৰ্মীয়ে৷ অভিযোগকাৰীয়ে আদালতৰ নিৰ্দেশ অনুসৰি ৰাহুল গান্ধীক ১,৫০০ টকা ব্যয় পৰিশোধ কৰে৷ ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰৰ অভিযোগকাৰীয়ে মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দিৰ এখন আদালতৰ নিৰ্দেশনা অনুসৰি কংগ্ৰেছ নেতাজনক ১,৫০০ টকা ব্যয় পৰিশোধ কৰিছে।

প্ৰথম শ্ৰেণীৰ (জেএমএফচি) ন্যায়িক দণ্ডাধীশ জে ভি পালিৱালে অভিযোগকাৰী স্থানীয় আৰএছএছ কৰ্মী ৰাজেশ কুন্তেক গান্ধীক পৰিমাণটো পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল৷ কিয়নো, তেওঁ (কুন্তে) গোচৰটোত স্থগিতাদেশ বিচাৰিছিল। কুন্তেয়ে মাৰ্চ আৰু এপ্ৰিলত এই গোচৰটোত দুবাৰকৈ স্থগিত ৰখাৰ বাবে আৱেদন উত্থাপন কৰিছিল৷ যিটো আদালতে নাকচ কৰিছিল আৰু গান্ধীক ৫০০ টকা (মাৰ্চৰ বাবে) আৰু ১০০০ টকা (এপ্ৰিলৰ বাবে) পৰিশোধ কৰিবলৈ কৈছিল।

২০১৪ চনত কুন্তে থানেৰ ভিৱান্দি টাউনশ্বিপত তেওঁৰ ভাষণ চোৱাৰ পিছত গান্ধীৰ বিৰুদ্ধে গোচৰটো দাখিল কৰিছিল, য’ত কংগ্ৰেছ নেতাজনে অভিযোগ কৰিছিল যে মহাত্মা গান্ধীৰ হত্যাৰ আঁৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ হাত আছিল। কুন্তেয়ে দাবী কৰিছিল যে এই বিবৃতিটোৱে আৰএছএছৰ খ্যাতিক অপবাদ দিছিল।

শনিবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ৰাহুল গান্ধীৰ পৰামৰ্শদাতা নাৰায়ণ আয়াৰে কয়, আদালতৰ নিৰ্দেশ অনুসৰি কুন্তেৰ দ্বাৰা আদেশৰ জৰিয়তে প্ৰেৰণ কৰা ১,৫০০ টকা দিল্লীৰ ৰাহুল গান্ধীৰ কাৰ্যালয়ত লাভ কৰা হৈছে।

অভিযোগকাৰীক প্ৰতিনিধিত্ব কৰা অধিবক্তা গণেশ ধাৰ্গালকাৰে নিশ্চিত কৰিছিল যে অভিযোগকাৰীয়ে আদালতৰ নিৰ্দেশ অনুসৰি গান্ধীৰ দিল্লীস্থ কাৰ্যালয়লৈ ১,৫০০ টকা প্ৰেৰণ কৰিছিল। আয়াৰে কৈছিল যে আদালতে ইতিমধ্যে গোচৰটোৰ দৈনন্দিন শুনানি আৰম্ভ কৰাৰ তাৰিখ ১০ মে' নিৰ্ধাৰণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান