--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাপিতজনে হয়তো কেতিয়াও ভবা নাছিল যে গান্ধী পৰিয়ালৰ ৰাজকুমাৰে আহি তেওঁৰ চেলুনত পদাৰ্পন কৰিব । কিন্তু সেই হ’ল। 
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বৰেলীত চেলুনত ডাড়ি কটোৱাৰ এটা  ভিডিঅ' আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰাহুল গান্ধীয়ে হঠাতে তেওঁৰ লোকসভা সমষ্টি ৰায়বৰেলীৰ এখন নাপিতৰ দোকানত উপস্থিত হয় আৰু নাপিতক তেওঁৰ দাড়ি তথা  চুলি ছেট কৰিব পাৰিবনে সোধে। নাপিতেও লগে লগে ৰাহুল গান্ধীক পাৰিম বুলি উত্তৰ দিলে।  ৰাহুল গান্ধীৰ দাড়ি-চুলি ছেট কৰোৱাৰ কথাটো এতিয়া বহুতৰে মাজত  আলোচনাৰ বিষয় হৈ পৰিছে। নাপিতেও ইমান ডাঙৰ নেতাৰ দাড়ি-চুলি কাটিবলৈ  পাই বহুত সুখী হৈ পৰিছে।

 জানিব পৰা মতে ৰাহুল গান্ধীয়ে সোমবাৰে তেওঁৰ সংসদীয় সমষ্টি ৰায়বৰেলীত আছিল। ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে তেওঁ জিলাখনৰ লালগঞ্জ চহৰৰ নাপিতৰ দোকান এখনত  উপস্থিত হয়। চেলুন খনৰ নাম  নিউ মুম্বা দেৱী চেলুন।  Rahul Gandhi Gets Beard Trimmed at Local Barbershop in Raebareli

দোকানৰ মালিক তথা মিথুনে কয় যে ৰাহুল গান্ধী হঠাতে  তেওঁৰ চেলুনত উপস্থিত হৈছিল আৰু কৈছিল যে নিৰ্বাচনৰ ব্যস্ততাৰ বাবে দাড়ি আৰু চুলি বাঢ়িছে। ইয়াক ছেট কৰিব লাগে। তাৰ পিছত মিথুনে  ৰাহুল গান্ধীৰ দাড়ি আৰু চুলি ছেট  কৰিবলৈ আৰম্ভ কৰিছিল।

এই সময়ছোৱাত ৰাহুল গান্ধীয়ে নাপিত  মিথুনৰ সৈতে নানা বিষয়ত  বাৰ্তালাপ কৰিছিল। ৰাহুলে তেওঁক  সুধিছিল   কাম  কেনে চলি আছে? মিথুনে কৈছিল যে সকলো ঠিকেই চলিছে। আগতে তেওঁ  মুম্বাইত কাম কৰিছিল। কৰোনাৰ পিছত  গাওঁলৈ ঘূৰি  আহিছিল আৰু এতিয়া  ইয়াতেই কাম কৰি আছে। ৰাহুলে এনেদৰে চেলুনত সোমাই দাড়ি-চুলি কটোৱাৰ বিষয়ত ছ'চিয়েল মিডিয়া ছাইট 'এক্স'ত ৰাহুল গান্ধীৰ এখন ফটো শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, 'নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, কিন্তু চুলি কটাও প্ৰয়োজনীয়। আমি এনে দক্ষ যুৱক-যুৱতীসকলৰ অধিকাৰৰ বাবে যুঁজ দি আছো, দেশৰ উন্নয়নত তেওঁলোকো অংশীদাৰী হ’ব লাগিব’’।ৰাহুলে দাড়ি কটাৰ  পিছত নাপিতজনক ৫০০ টকা দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ