--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাপিতজনে হয়তো কেতিয়াও ভবা নাছিল যে গান্ধী পৰিয়ালৰ ৰাজকুমাৰে আহি তেওঁৰ চেলুনত পদাৰ্পন কৰিব । কিন্তু সেই হ’ল। 
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বৰেলীত চেলুনত ডাড়ি কটোৱাৰ এটা  ভিডিঅ' আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰাহুল গান্ধীয়ে হঠাতে তেওঁৰ লোকসভা সমষ্টি ৰায়বৰেলীৰ এখন নাপিতৰ দোকানত উপস্থিত হয় আৰু নাপিতক তেওঁৰ দাড়ি তথা  চুলি ছেট কৰিব পাৰিবনে সোধে। নাপিতেও লগে লগে ৰাহুল গান্ধীক পাৰিম বুলি উত্তৰ দিলে।  ৰাহুল গান্ধীৰ দাড়ি-চুলি ছেট কৰোৱাৰ কথাটো এতিয়া বহুতৰে মাজত  আলোচনাৰ বিষয় হৈ পৰিছে। নাপিতেও ইমান ডাঙৰ নেতাৰ দাড়ি-চুলি কাটিবলৈ  পাই বহুত সুখী হৈ পৰিছে।

 জানিব পৰা মতে ৰাহুল গান্ধীয়ে সোমবাৰে তেওঁৰ সংসদীয় সমষ্টি ৰায়বৰেলীত আছিল। ব্যস্ত নিৰ্বাচনী প্ৰচাৰৰ মাজতে তেওঁ জিলাখনৰ লালগঞ্জ চহৰৰ নাপিতৰ দোকান এখনত  উপস্থিত হয়। চেলুন খনৰ নাম  নিউ মুম্বা দেৱী চেলুন।  Rahul Gandhi Gets Beard Trimmed at Local Barbershop in Raebareli

দোকানৰ মালিক তথা মিথুনে কয় যে ৰাহুল গান্ধী হঠাতে  তেওঁৰ চেলুনত উপস্থিত হৈছিল আৰু কৈছিল যে নিৰ্বাচনৰ ব্যস্ততাৰ বাবে দাড়ি আৰু চুলি বাঢ়িছে। ইয়াক ছেট কৰিব লাগে। তাৰ পিছত মিথুনে  ৰাহুল গান্ধীৰ দাড়ি আৰু চুলি ছেট  কৰিবলৈ আৰম্ভ কৰিছিল।

এই সময়ছোৱাত ৰাহুল গান্ধীয়ে নাপিত  মিথুনৰ সৈতে নানা বিষয়ত  বাৰ্তালাপ কৰিছিল। ৰাহুলে তেওঁক  সুধিছিল   কাম  কেনে চলি আছে? মিথুনে কৈছিল যে সকলো ঠিকেই চলিছে। আগতে তেওঁ  মুম্বাইত কাম কৰিছিল। কৰোনাৰ পিছত  গাওঁলৈ ঘূৰি  আহিছিল আৰু এতিয়া  ইয়াতেই কাম কৰি আছে। ৰাহুলে এনেদৰে চেলুনত সোমাই দাড়ি-চুলি কটোৱাৰ বিষয়ত ছ'চিয়েল মিডিয়া ছাইট 'এক্স'ত ৰাহুল গান্ধীৰ এখন ফটো শ্বেয়াৰ কৰি কংগ্ৰেছে লিখিছে, 'নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে, কিন্তু চুলি কটাও প্ৰয়োজনীয়। আমি এনে দক্ষ যুৱক-যুৱতীসকলৰ অধিকাৰৰ বাবে যুঁজ দি আছো, দেশৰ উন্নয়নত তেওঁলোকো অংশীদাৰী হ’ব লাগিব’’।ৰাহুলে দাড়ি কটাৰ  পিছত নাপিতজনক ৫০০ টকা দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু