--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ বছৰৰ পাছত দেশে লাভ কৰিব বিৰোধী দলৰ নেতা আৰু কংগ্ৰেছে সেই পদৰ বাবে বিচাৰিছে ৰাহুল গান্ধীক। শনিবাৰে দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুলক বিৰোধী দলপতিৰ দায়িত্ব ল’বলৈ  প্ৰস্তাৱ গৃহীত কৰা হয়। একে সময়তে ছোনিয়া গান্ধীক দলৰ সংসদীয় দলৰ নেতৃত্ব দিবলৈ  প্ৰস্তাৱ গৃহীত কৰা হয় ।

বিৰোধী দলৰ নেতাৰ পদ পাবলৈ হ’লে কোনো দলে লোকসভাৰ মুঠ আসনৰ ১০ শতাংশ আসন পাব লাগে। অৰ্থাৎ ইয়াৰ বাবে ৫৫ গৰাকী  সাংসদৰ প্ৰয়োজন। ২০১৪ আৰু ২০১৯ চনত কংগ্ৰেছে উক্ত নূন্যতম সংখ্যা  লাভ  কৰিব পৰা নাছিল। এইবাৰ পৰিস্থিতি বেলেগ। এইবাৰ কংগ্ৰেছত আছে ৯৯ গৰাকী  সাংসদ। ইণ্ডিয়া  মিত্ৰজোঁটৰ অংশীদাৰৰ সহযোগত কংগ্ৰেছ এতিয়া পূৰ্বৰ দুখন লোকসভাৰ তুলনাত বহু শক্তিশালী।  ফলস্বৰূপে কংগ্ৰেছৰ এইবাৰ চৰকাৰক  বহু বিষয়ত ভেটা দিব পৰাৰ শক্তি আছে।তেনে ক্ষেত্ৰত যদি ৰাহুল বিৰোধী দলৰ নেতা হয় তেন্তে যুঁজখন অধিক তীব্ৰ হ’ব বুলি কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতিয়ে ধাৰণা কৰিছে।
আজিৰ দিনটোত কাৰ্যকৰী সমিতিৰ বৈঠকত কংগ্ৰেছ নেতাসকলে সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰে যে দুখন লোকসভাৰ অন্তত দলটোৱে শক্তি আহৰণ কৰাৰ  আঁৰত ৰাহুলৰ ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভূমিকা আছে। তেওঁ কংগ্ৰেছক ৰাইজৰ মাজলৈ পুনৰ লৈ যাবলৈ সক্ষম হৈছে।   এই ফলাফলৰ সকলো কৃতিত্ব সেয়ে ৰাহুলৰ বুলি কংগ্ৰেছ নেতৃত্ব পতিয়ন গৈছে। 

অৱশ্যে অৱশেষত ৰাহুলে এই পদ গ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যদি তেওঁ বিৰোধী দলৰ নেতা হয় তেন্তে ৰাহুল সংসদতে আবদ্ধ হৈ থাকিব লাগিব। সংসদৰ বাহিৰত  সংগঠন শক্তিশালী কৰাৰ বাবে ৰাহুলে সময় নাপাব।  কাৰণ বিৰোধী দলৰ নেতাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি আন কাম কৰাটো কঠিন। ছোনিয়া গান্ধী  ইতিমধ্যে কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী পদত আছে। তেওঁ হয়তো সেই দায়িত্ব পুনৰ গ্ৰহণ কৰিবলৈ আগ্ৰহ দেখুৱাব পাৰে বুলি বহুতে ধাৰণা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু