--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১০ বছৰৰ পাছত দেশে লাভ কৰিব বিৰোধী দলৰ নেতা আৰু কংগ্ৰেছে সেই পদৰ বাবে বিচাৰিছে ৰাহুল গান্ধীক। শনিবাৰে দিল্লীত অনুষ্ঠিত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ বৈঠকত ৰাহুলক বিৰোধী দলপতিৰ দায়িত্ব ল’বলৈ  প্ৰস্তাৱ গৃহীত কৰা হয়। একে সময়তে ছোনিয়া গান্ধীক দলৰ সংসদীয় দলৰ নেতৃত্ব দিবলৈ  প্ৰস্তাৱ গৃহীত কৰা হয় ।

বিৰোধী দলৰ নেতাৰ পদ পাবলৈ হ’লে কোনো দলে লোকসভাৰ মুঠ আসনৰ ১০ শতাংশ আসন পাব লাগে। অৰ্থাৎ ইয়াৰ বাবে ৫৫ গৰাকী  সাংসদৰ প্ৰয়োজন। ২০১৪ আৰু ২০১৯ চনত কংগ্ৰেছে উক্ত নূন্যতম সংখ্যা  লাভ  কৰিব পৰা নাছিল। এইবাৰ পৰিস্থিতি বেলেগ। এইবাৰ কংগ্ৰেছত আছে ৯৯ গৰাকী  সাংসদ। ইণ্ডিয়া  মিত্ৰজোঁটৰ অংশীদাৰৰ সহযোগত কংগ্ৰেছ এতিয়া পূৰ্বৰ দুখন লোকসভাৰ তুলনাত বহু শক্তিশালী।  ফলস্বৰূপে কংগ্ৰেছৰ এইবাৰ চৰকাৰক  বহু বিষয়ত ভেটা দিব পৰাৰ শক্তি আছে।তেনে ক্ষেত্ৰত যদি ৰাহুল বিৰোধী দলৰ নেতা হয় তেন্তে যুঁজখন অধিক তীব্ৰ হ’ব বুলি কংগ্ৰেছৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক সমিতিয়ে ধাৰণা কৰিছে।
আজিৰ দিনটোত কাৰ্যকৰী সমিতিৰ বৈঠকত কংগ্ৰেছ নেতাসকলে সৰ্বসন্মতিক্ৰমে স্বীকাৰ কৰে যে দুখন লোকসভাৰ অন্তত দলটোৱে শক্তি আহৰণ কৰাৰ  আঁৰত ৰাহুলৰ ভাৰত জোড়ো যাত্ৰা আৰু ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ভূমিকা আছে। তেওঁ কংগ্ৰেছক ৰাইজৰ মাজলৈ পুনৰ লৈ যাবলৈ সক্ষম হৈছে।   এই ফলাফলৰ সকলো কৃতিত্ব সেয়ে ৰাহুলৰ বুলি কংগ্ৰেছ নেতৃত্ব পতিয়ন গৈছে। 

অৱশ্যে অৱশেষত ৰাহুলে এই পদ গ্ৰহণ কৰিব নে নকৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যদি তেওঁ বিৰোধী দলৰ নেতা হয় তেন্তে ৰাহুল সংসদতে আবদ্ধ হৈ থাকিব লাগিব। সংসদৰ বাহিৰত  সংগঠন শক্তিশালী কৰাৰ বাবে ৰাহুলে সময় নাপাব।  কাৰণ বিৰোধী দলৰ নেতাৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি আন কাম কৰাটো কঠিন। ছোনিয়া গান্ধী  ইতিমধ্যে কংগ্ৰেছ সংসদীয় দলৰ নেত্ৰী পদত আছে। তেওঁ হয়তো সেই দায়িত্ব পুনৰ গ্ৰহণ কৰিবলৈ আগ্ৰহ দেখুৱাব পাৰে বুলি বহুতে ধাৰণা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement