--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বলৰামপুৰত এজন বিজেপি সমৰ্থকে এনে এক কাম কৰিলে যাক লৈ চৰ্চা আৰম্ভ হৈছে। বিজেপিৰ জয় হোৱাৰ পাছতেই মন্দিৰলৈ গৈ আঙুলি এটা কাটি এটা অৰ্পণ কৰে লোকজনে। অৱশ্যে আঙুলি কাটি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ল বিজেপিৰ সমৰ্থকজন।

দীপাপাডীৰ বাসিন্দা এই বিজেপি সমৰ্থকজনৰৰ নাম দুৰ্গেশ পাণ্ডে। বয়স ৩০ বছৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা ৪ জুনত যেতিয়া বিজেপি প্ৰথম অৱস্থাত পিছ পৰি থকা দেখা গৈছিল, তেতিয়া দুৰ্গেশে বিচলিত হৈ প্ৰাচীন কালী মাৰ মন্দিৰত উপস্থিত হৈছিল। বিজেপি জয়ী হ'লে আঙুলি কাটি কালী মাক আগবঢ়াব বুলি প্ৰতিজ্ঞা কৰিছিল দুৰ্গেশে।

সন্ধিয়া যেতিয়া চূড়ান্ত ফলাফল আহিছিল তেতিয়া বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল। ৰাতি দুৰ্গেশে মন্দিৰলৈ গৈ বাওঁহাতৰ আঙুলিটো কাটি কালী মাক আগবঢ়াই দিলে। কিন্তু দুৰ্গেশৰ হাতৰ পৰা তেজ ববলৈ ধৰিলে। তেওঁ কাপোৰ এখন বান্ধি ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেতিয়াও তেজ ওলোৱা বন্ধ নহ’ল। পৰিয়ালৰ সদস্যক সহায়ৰ বাবে তেওঁ ফোন কৰিবলগীয়া হৈছিল।

লগে লগে দুৰ্গেশক ছামাৰিটান কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে তেওঁক অম্বিকাপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যথেষ্ট পলম হোৱাৰ বাবে কটা আঙুলিটো সংযোগ কৰিব পৰা নগ’ল। অৱশ্যে দুৰ্গেশৰ অৱস্থা এতিয়া সুস্থিৰ। দুৰ্গেশে কয়,

কংগ্ৰেছৰ জয়ী হোৱা দেখি মই বিচলিত হৈ পৰিলোঁ। তাৰ পাছত গাঁৱৰ মন্দিৰলৈ গৈ প্ৰতিজ্ঞা কৰিলো বিজেপি জয়ী হলে আঙুলি কাটি অৰ্পণ কৰিম বুলি। বিজেপি চৰকাৰ গঠন হ’ল কিন্তু ৪০০ পাৰ হ’লে তেতিয়া দুগুণ সুখ হ’লহেঁতেন৷

আপোনালোকক জনাওঁ যে ছত্তীশগড়ৰ ১১খন লোকসভাৰ আসনৰ ভিতৰত বিজেপিয়ে ১০খন আসন লাভ কৰিছে। যোৱা লোকসভা নিৰ্বাচনতকৈ এখন আসন বেছিকৈ লাভ কৰিলে। আনহাতে কংগ্ৰেছে মাত্ৰ এখন আসনহে লাভ কৰিব পাৰিলে। ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনত এন ডি এয়ে ৫৪৩খন লোকসভা আসনৰ ভিতৰত ২৯৩খন আসন লাভ কৰে। বিৰোধী INDIA গোটেও ২৩৪খন আসন লাভ কৰি শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। ৯ জুনৰ সন্ধিয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু