--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ বলৰামপুৰত এজন বিজেপি সমৰ্থকে এনে এক কাম কৰিলে যাক লৈ চৰ্চা আৰম্ভ হৈছে। বিজেপিৰ জয় হোৱাৰ পাছতেই মন্দিৰলৈ গৈ আঙুলি এটা কাটি এটা অৰ্পণ কৰে লোকজনে। অৱশ্যে আঙুলি কাটি চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হ’ল বিজেপিৰ সমৰ্থকজন।

দীপাপাডীৰ বাসিন্দা এই বিজেপি সমৰ্থকজনৰৰ নাম দুৰ্গেশ পাণ্ডে। বয়স ৩০ বছৰ। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা ৪ জুনত যেতিয়া বিজেপি প্ৰথম অৱস্থাত পিছ পৰি থকা দেখা গৈছিল, তেতিয়া দুৰ্গেশে বিচলিত হৈ প্ৰাচীন কালী মাৰ মন্দিৰত উপস্থিত হৈছিল। বিজেপি জয়ী হ'লে আঙুলি কাটি কালী মাক আগবঢ়াব বুলি প্ৰতিজ্ঞা কৰিছিল দুৰ্গেশে।

সন্ধিয়া যেতিয়া চূড়ান্ত ফলাফল আহিছিল তেতিয়া বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল। ৰাতি দুৰ্গেশে মন্দিৰলৈ গৈ বাওঁহাতৰ আঙুলিটো কাটি কালী মাক আগবঢ়াই দিলে। কিন্তু দুৰ্গেশৰ হাতৰ পৰা তেজ ববলৈ ধৰিলে। তেওঁ কাপোৰ এখন বান্ধি ৰক্তক্ষৰণ বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও তেতিয়াও তেজ ওলোৱা বন্ধ নহ’ল। পৰিয়ালৰ সদস্যক সহায়ৰ বাবে তেওঁ ফোন কৰিবলগীয়া হৈছিল।

লগে লগে দুৰ্গেশক ছামাৰিটান কমিউনিটি হেল্থ চেণ্টাৰত ভৰ্তি কৰোৱা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে তেওঁক অম্বিকাপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। যথেষ্ট পলম হোৱাৰ বাবে কটা আঙুলিটো সংযোগ কৰিব পৰা নগ’ল। অৱশ্যে দুৰ্গেশৰ অৱস্থা এতিয়া সুস্থিৰ। দুৰ্গেশে কয়,

কংগ্ৰেছৰ জয়ী হোৱা দেখি মই বিচলিত হৈ পৰিলোঁ। তাৰ পাছত গাঁৱৰ মন্দিৰলৈ গৈ প্ৰতিজ্ঞা কৰিলো বিজেপি জয়ী হলে আঙুলি কাটি অৰ্পণ কৰিম বুলি। বিজেপি চৰকাৰ গঠন হ’ল কিন্তু ৪০০ পাৰ হ’লে তেতিয়া দুগুণ সুখ হ’লহেঁতেন৷

আপোনালোকক জনাওঁ যে ছত্তীশগড়ৰ ১১খন লোকসভাৰ আসনৰ ভিতৰত বিজেপিয়ে ১০খন আসন লাভ কৰিছে। যোৱা লোকসভা নিৰ্বাচনতকৈ এখন আসন বেছিকৈ লাভ কৰিলে। আনহাতে কংগ্ৰেছে মাত্ৰ এখন আসনহে লাভ কৰিব পাৰিলে। ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচনত এন ডি এয়ে ৫৪৩খন লোকসভা আসনৰ ভিতৰত ২৯৩খন আসন লাভ কৰে। বিৰোধী INDIA গোটেও ২৩৪খন আসন লাভ কৰি শক্তিশালী প্ৰদৰ্শন আগবঢ়ায়। ৯ জুনৰ সন্ধিয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে নৰেন্দ্ৰ মোদী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ