--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযেন শনি লাগিছে কংগ্ৰেছত৷ সৌসিদিনা দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাই দলটোৰ জ্যেষ্ঠ নেতা গুলাম নবী আজাদে দল ত্যাগ কৰাৰ পিছত দেশৰ বিভিন্ন ৰাজ্যত ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ নেতাই দেশৰ পুৰণি দলটো ত্যাগ কৰাৰ ধুম উঠিছে৷

এক কথাত ক’বলৈ গ’লে কংগ্ৰেছ যে এতিয়া বিভক্ত হৈ পৰিছে! তেলেংগানাৰ নেতা এম এ খানে এইবাৰ শতিকা পুৰণি দলটোৰ 'হাত'ৰ পৰা এৰা দিয়াৰ কথাই চিন্তিত কৰি তুলিছে দলটোৰ শীৰ্ষ নেতৃত্বক৷  খানে  দলৰ নেতৃত্বলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে৷ খানৰ পদত্যাগ পত্ৰতো শুনা গৈছে জ্যেষ্ঠ নেতা গুলাম নবী আজাদৰ দৰে প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভৰ প্ৰতিধ্বনি।খানে পদত্যাগৰ পিছতে কয় "ৰাহুল গান্ধী হৈছে দলৰ পতনৰ কাৰণ"। 

ৰাজ্যসভাৰ প্ৰাক্তন সাংসদগৰাকীয়ে কয় যে তেওঁ কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ হৈছে ৰাহুল গান্ধীয়েই৷ তেওণ কয় "মই কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছো। ৰাহুল গান্ধীয়ে সভাপতিৰ দায়িত্ব লোৱাৰ পিছত দলটো ডুবিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ চিন্তাবোৰ বেলেগ। তেওঁৰ চিন্তা কাৰো সৈতে মিলা নাই। খণ্ড স্তৰৰ পৰা বুথ স্তৰলৈকে কোনো নেতাৰ সৈতে তেওঁৰ চিন্তাৰ কোনো সাদৃশ্য  দেখা পোৱা নাযায়" । 

ৰাহুলক সমালোচনা কৰি তেলেংগানাৰ কংগ্ৰেছৰ নেতাজনে লগতে কয়, "দশকজুৰি দলটোৰ ভেটি শক্তিশালী কৰা সকলো জ্যেষ্ঠ নেতাই এতিয়া পদত্যাগ কৰিছে। তেওঁ (ৰাহুল)  জ্যেষ্ঠ নেতাসকলৰ সৈতে কেনেদৰে আচৰণ কৰিব লাগে নাজানো"। খানে বিশ্বাস কৰে যে যিধৰণে এজনৰ পিছত এজন নেতাই দল ত্যাগ কৰিছে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ বাবে নিৰ্বাচনী বৈতৰণী  অতিক্ৰম কৰাটো কঠিন হ'ব। কংগ্ৰেছ নেতাসকলৰ দলত্যাগ সন্দৰ্ভত তেওঁ কয়, "শীৰ্ষ নেতাসকলে দল ত্যাগ কৰিবলৈ বাধ্য হৈছে। কিয়নো শীৰ্ষ নেতৃত্বই পণ্ডিত নেহৰু, ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী, ৰাজীৱ গান্ধীৰ আদৰ্শ  জীয়াই ৰাখিবলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। 

উল্লেখ্য জ্যেষ্ঠ কংগ্ৰেছ নেতা গুলাম নবীয়ে শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰিছিল। কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীলৈ লিখা পাঁচ পৃষ্ঠাৰ পদত্যাগ পত্ৰত আজাদে ৰাহুলকো কাঠগড়াত উঠাইছিল। তেওঁ ৰাহুলৰ 'অপৰিপক্কতা'ৰ বিষয়ে সোচ্চাৰ হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ