--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি অৰ্থাৎ ২৮ আগষ্ট দেওবাৰে নয়দাৰ চেক্টৰ-৯৩ত অৱস্থিত দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ ভাঙি পেলোৱা হ’ব। আকাশচুম্বী অট্টালিকা দুটা দুপৰীয়া প্ৰায় ২ বাজি ৩০ মিনিটত ধ্বংস কৰি পেলোৱা হ'ব বুলি জানিব পৰা গৈছে। বিশাল অট্টালিকাকেইটা ধ্বংস কৰিবলৈ ইতিমধ্যে  সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ইয়াৰ ৫,০০০ৰো অধিক চুবুৰীয়া বাসিন্দাই ২৮ আগষ্টৰ পুৱা ৭ বাজি ৩০ মিনিটৰ ভিতৰত চৌহদ খালী কৰি অন্য স্থানলৈ আঁতৰি যায়। বাহনসমূহো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হয়।

প্ৰজেক্টটোৰ বিষয়াসকলে তেওঁলোকৰ সকলো সুৰক্ষা বিচাৰ কৰি অনুমতি দিয়াৰ পাছতহে নিজৰ এপাৰ্টমেণ্টলৈ ঘূৰি আহিব পাৰিব। ৯৬৪০টা গাঁত খনন কৰি এই টাৱাৰসমূহত ৩৭০০ কেজি বাৰুদ ভৰোৱা হৈছে, যাৰ ফলত ৯ ছেকেণ্ডৰ ভিতৰতে কুতুব মিনাৰতকৈও ওখ এই অট্টালিকাসমূহ তাচপাত খহাদি খহি পৰিব। নয়দা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব। জৰুৰীকালীন সেৱাৰ বাবে প্ৰয়োজনীয় অগ্নিনিৰ্বাপক গাড়ী, এম্বুলেন্স আদি টুইন টাৱাৰৰ সন্মুখত অৱস্থিত উদ্যানখনৰ পিছফালে নিৰ্মিত পথত ৰখাই থোৱা হ'ব।

টুইন টাৱাৰ কিয় ধ্বংস কৰা হব আপুনি জানেনে?

দুৰ্নীতিৰ ভেটিত নিৰ্মিত চুপাৰটেক এমাৰ্ল্ড হাউচিং চ'চাইটিৰ এই দুটা টাৱাৰ এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় ১০১-৯৪ মিটাৰ ।২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে টুইন টাৱাৰ দুটা অবৈধভাৱে নিৰ্মিত বুলি ঘোষণা কৰে আৰু ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে। পাছত এই বিষয়টো উচ্চতম ন্যায়ালয়লৈ স্থানান্তৰিত হোৱাত আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পাছত উচ্চতম ন্যায়ালয়েও ইয়াক ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে।

এক আৱেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে নিজৰ অনুসন্ধানত বিচাৰি পাইছিল যে ছুপাৰটেকে এই টাৱাৰবোৰ নিৰ্মাণ কৰোঁতে নিৰ্মাণৰ চৰ্তসমূহৰ কঠোৰভাৱে উলংঘা কৰিছিল। এই টুইন টাৱাৰৰ নিৰ্মাণ কাৰ্য ২০০৯ চনত আৰম্ভ হৈছিল আৰু দুটা টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ কৰিব লগা আছিল। অৱশ্যে, অৰ্ধনিৰ্মিত এই টুইন টাৱাৰৰ ফ্লেটসমূহ বহুলোকে ক্ৰয় কৰি অভিযোগ কৰিছিল যে টুইন টাৱাৰৰ নিৰ্ধাৰিত পৰিকল্পনা পাছলৈ সলনি কৰা হৈছিল আৰু ২০১২ চনত তেওঁলোকে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

এক তথ্য অনুসৰি, মুঠ ৬৩৩ জন লোকে টুইন টাৱাৰত নিজৰ বাবে ফ্লেট বুক কৰিছিল। ইয়াৰ ভিতৰত ২৪৮ জন লোকে ধন ঘূৰাই লৈছিল আৰু প্ৰায় ১৩৩ জন ক্ৰেতাক অন্যান্য প্ৰকল্পত ঘৰ দিয়া হৈছিল। কিন্তু সকলো ক্ৰেতাৰ ভিতৰত ২৫২ জন লোকে বৰ্তমানলৈ নিজৰ ধন ঘূৰাই লোৱা নাই অথবা তেওঁলোকক আন কোনো প্ৰকল্পলৈ স্থানান্তৰ কৰা হোৱা নাই অৰ্থাৎ তেওঁলোকৰ বিনিয়োগ এই প্ৰকল্পত এতিয়ালৈকে আছে। ৰাষ্ট্ৰীয় ভৱন সংহিতা (এনবিচি) ২০০৫ৰ এটা ব্যৱস্থাৰ অধীনত ওখ অট্টালিকাৰ চাৰিওফালে মুকলি ঠাই থাকিব লাগে। অনুসন্ধানত পোৱা গৈছে যে টুইন টাৱাৰৰ ওচৰৰ এলেকাটোত ৯ মিটাৰতকৈ কম স্থানৰ ব্যৱধান পোৱা গৈছিল যি নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ দূৰত্বত হ'ব লাগিছিল।

এই টুইন টাৱাৰক লৈ ছুপাৰটেকৰ বিৰুদ্ধে গোচৰ চলোৱা উদয়ভান তেওটিয়াই কয় যে দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ যুঁজখনে কাম কৰাত তেওঁ সুখী। একে সময়তে নয়ডা যান-বাহন আৰক্ষীয়ে ভাঙি পেলোৱা সন্দৰ্ভত ৰুট ডাইভাৰচনৰ পৰিকল্পনা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান