--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপাচলিৰ অত্যধিক মূল্যবৃদ্ধিয়ে এতিয়া বহুতকে জ্বলা-কলা খুৱাইছে৷ এনে সময়তে এবিধ বিশেষ পাচলিৰ কথাও চৰ্চা হৈ আহিছে৷ এই পাচলি বিধৰ এক কিলোগ্ৰামৰ দাম এক হাজাৰ টকা। আপুনি কেতিয়াবা এনে পাচলিৰ কথা  শুনিছে নে? অবিশ্বাস্য দামৰ এই  পাচলি বিধৰ নাম কাতৰুৱা। 

অতি  মূল্যৱান এই পাচলিবিধ উত্তৰ প্ৰদেশৰ পিলভিট আৰু লখিমপুৰৰ অৰণ্যত পোৱা যায়।কিন্তু পাচলি বিধৰ  ইমান দাম কিয়? জানিব পৰা মতে এই পাচলিবিধত প্ৰ'টিনৰ মাত্ৰা ইমান বেছি যে দাম যিমানেই উচ্চ নহওঁক কিয় পাচলি বিধৰ  চাহিদা কোনো সময়তে হ্ৰাস পোৱা নাই। 

এই পাচলিবোৰ মুখ্যতঃ বৰ্ষাকালত উপলব্ধ হয়। পাচলিবিধ পিলভিট আৰু লখিমপুৰৰ পিলভিট ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত পোৱা যায়। এই পাচলিবোৰ মূলতঃ চেগুন গছৰ তলত মাটিৰ তলত জন্মে। প্ৰতি বছৰে এই পাচলিৰ মূল্য আগৰ বছৰৰ তুলনাত বৃদ্ধি হৈ আহিছে। দূৰ-দূৰণিৰ মানুহ আহি পিলভিট আৰু লখিমপুৰৰ পাচলিৰ মাণ্ডিৰ পৰা কাতৰুৱা কিনি লৈ যায়। 

যদিও পাচলি বিধৰ গুণ অনেক, তথাপি এই পাচলি সংগ্ৰহত নিষেধাজ্ঞা আছে। যিহেতু এই পাচলিবিধ  বাঘে বিচৰণ কৰি ফুৰা স্থানতহে   পোৱা যায় সেয়ে বন্য পৰিৱেশ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাৰ কৰি কাতৰুৱা সংগ্ৰহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কিন্তু নিষেধাজ্ঞাৰ  পাছতো স্থানীয় ৰাইজে বিপদ মূৰপাতি লৈ  অৰণ্যত প্ৰৱেশ কৰি এই পাচলিবিধ সংগ্ৰহ কৰি আহিছে। 

পাচলি বিধ  হৰিণাৰো প্ৰিয় খাদ্য। ১৯৯১ চনত কেইবাজনো লোকে পিলভিটৰ অৰণ্যত পোৱা এই পাচলি সংগ্ৰহ কৰিবলৈ গৈ  অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল৷ অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল ২৯ জন লোক । তেওঁলোকৰ মৃতদেহ বোৰ অৰণ্যতে সমাধিস্থ কৰা হৈছিল। পিছত গম পোৱা গৈছিল যে উগ্ৰপন্থীসকলে অৰণ্যত তেওঁলোকৰ  শিবিৰ স্থাপন কৰিছিল। উগ্ৰপন্থীয়েই ২৯ জনকৈ লোকক হত্যা কৰি পুতি থৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ