--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰকাশ পাইছে আই আই আৰ এফৰ প্ৰতিবেদন৷ইণ্ডিয়ান ইনষ্টিটিউচনেল ৰেংকিঙ ফ্ৰেমৱৰ্ক(আই আই আৰ এফ)ৰ বিশ্ববিদ্যালয় ৰেংকিং ২০২৩ অনুসৰি কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ তালিকাত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে শীৰ্ষস্থান দখল কৰিছে।

জে এন ইউৰ পিছতে বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু আলিগড়ৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে৷

লগতে উত্তৰ-পূবৰ ছয়খন বিশ্ববিদ্যালয়ে শীৰ্ষ ২০খন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে তালিকাত স্থান লাভ কৰিছে। মিজোৰাম বিশ্ববিদ্যালয়ে (আইজল) ১৩ নম্বৰ স্থান লাভ কৰিছে, তাৰ পিছতে তেজপুৰ বিশ্ববিদ্যালয় (শোণিতপুৰ, অসম) ১৪ নং, নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি (শ্বিলং) ১৫ নং আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (ইটানগৰ) ১৬ নং স্থান লাভ কৰিছে তদুপৰি অসমৰ অসম বিশ্ববিদ্যালয়,শিলচৰে ১৯নং স্থান লাভ কৰিছে৷

ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত গুজৰাটৰ গান্ধীনগৰৰ ধীৰুভাই আম্বানী ইনষ্টিটিউট অৱ ইনফৰ্মেশ্যন এণ্ড কমিউনিকেচন টেকন’লজি (DAIICT), ভাৰতৰ শীৰ্ষ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এইবাৰ প্ৰথম হিচাপে আত্মপ্ৰকাশ কৰিছে, তাৰ পিছতে দ্বিতীয় স্থানত আছে অশোকা বিশ্ববিদ্যালয়, চোনিপট, হাৰিয়ানা আৰু নিৰ্মা বিশ্ববিদ্যালয়, আহমেদাবাদ, গুজৰাটে স্থান লাভ কৰিছে৷

ডিমড ইউনিভাৰ্চিটিজ শাখাত বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে শীৰ্ষস্থান দখল কৰিছে, তাৰ পিছতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান আৰু মুম্বাইৰ হোমি ভাবা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে স্থান লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস