--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি  ঐতিহাসিক চেঙ্গোল স্থাপনৰ জড়িয়তে  নতুন সংসদ ভৱন উদ্বোধন কৰিলে। বিৰোধী দলসমূহৰ ব্যাপক ৰৃপ্ৰতিবাদৰ মাজতে মোদীয়ে নতুন  সংসদ ভৱন ভৱন কৰাৰ লগে লগে দেশৰ বহু দিনীয়া অভাৱ এটা পূৰণ হ’ল বুলি বহুতে মন্তব্য কৰিছে।

 নতুন সংসদ ভৱন  উদ্বোধনক লৈ চলি থকা বিতৰ্কৰ মাজতে লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে (আৰজেডি) নতুন সংসদ ভৱনৰ আৰ্হিক এটা কফিনৰ সৈতে তুলনা কৰিছে। আৰজেডিয়ে দেওবাৰে নতুন সংসদ ভৱনৰ ছবিৰ সৈতে এটা কফিনৰ ছবি একেলগে  টুইট কৰি  শিৰোনাম দিছে  "এইটো কি।" আৰজেডি নেতা শক্তি সিং যাদৱে  নতুন সংসদ ভৱনক কফিন এটাৰ সৈতে তুলনা কৰিকৈছে , "আমাৰ টুইটত থকা কফিনটোৱে গণতন্ত্ৰক সমাধিস্থ কৰাৰ প্ৰতিনিধিত্ব কৰে। দেশখনে ইয়াক গ্ৰহণ নকৰে। সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ আৰু ই হৈছে আলোচনা কৰাৰ স্থান।"


 টুইটটোৰ পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যুত্তৰ দি কৈছে  যে নতুন সংসদ ভৱনৰ আৰ্হিক কফিনৰ সৈতে তুলনা কৰা লোকসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা উচিত। বিজেপি নেতা সুশীল মোদীয়ে কয়, "নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা কৰা এনে লোকসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা উচিত।" 

বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই আৰজেডিক লক্ষ্য কৰি কয়, "২০২৪ চনত দেশৰ মানুহে আপোনালোকক এই কফিনত সমাধিস্থ কৰিব।" উল্লেখ্য পুৰণি সংসদ ভৱনত লোকসভাৰ বাবে  ৫৫২খন আসন আৰু ৰাজ্যসভাত ২৪৫খন আসন আছিল। নতুন সংসদ ভৱনত লোকসভাত ৮৮৮খন আসন আৰু ৰাজ্যসভাত  ৩৮৪খন আসন ৰখা হৈছে। নতুন সংসদ ভৱন নিৰ্মাণৰ মুঠ খৰচ হৈছে ৯৭১ কোটি টকা। ভৱনটো নিৰ্মাণ কৰিছে টাটাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন