--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আজি  ঐতিহাসিক চেঙ্গোল স্থাপনৰ জড়িয়তে  নতুন সংসদ ভৱন উদ্বোধন কৰিলে। বিৰোধী দলসমূহৰ ব্যাপক ৰৃপ্ৰতিবাদৰ মাজতে মোদীয়ে নতুন  সংসদ ভৱন ভৱন কৰাৰ লগে লগে দেশৰ বহু দিনীয়া অভাৱ এটা পূৰণ হ’ল বুলি বহুতে মন্তব্য কৰিছে।

 নতুন সংসদ ভৱন  উদ্বোধনক লৈ চলি থকা বিতৰ্কৰ মাজতে লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে (আৰজেডি) নতুন সংসদ ভৱনৰ আৰ্হিক এটা কফিনৰ সৈতে তুলনা কৰিছে। আৰজেডিয়ে দেওবাৰে নতুন সংসদ ভৱনৰ ছবিৰ সৈতে এটা কফিনৰ ছবি একেলগে  টুইট কৰি  শিৰোনাম দিছে  "এইটো কি।" আৰজেডি নেতা শক্তি সিং যাদৱে  নতুন সংসদ ভৱনক কফিন এটাৰ সৈতে তুলনা কৰিকৈছে , "আমাৰ টুইটত থকা কফিনটোৱে গণতন্ত্ৰক সমাধিস্থ কৰাৰ প্ৰতিনিধিত্ব কৰে। দেশখনে ইয়াক গ্ৰহণ নকৰে। সংসদ হৈছে গণতন্ত্ৰৰ মন্দিৰ আৰু ই হৈছে আলোচনা কৰাৰ স্থান।"


 টুইটটোৰ পিছতে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যুত্তৰ দি কৈছে  যে নতুন সংসদ ভৱনৰ আৰ্হিক কফিনৰ সৈতে তুলনা কৰা লোকসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা উচিত। বিজেপি নেতা সুশীল মোদীয়ে কয়, "নতুন সংসদ ভৱনক কফিনৰ সৈতে তুলনা কৰা এনে লোকসকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা উচিত।" 

বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই আৰজেডিক লক্ষ্য কৰি কয়, "২০২৪ চনত দেশৰ মানুহে আপোনালোকক এই কফিনত সমাধিস্থ কৰিব।" উল্লেখ্য পুৰণি সংসদ ভৱনত লোকসভাৰ বাবে  ৫৫২খন আসন আৰু ৰাজ্যসভাত ২৪৫খন আসন আছিল। নতুন সংসদ ভৱনত লোকসভাত ৮৮৮খন আসন আৰু ৰাজ্যসভাত  ৩৮৪খন আসন ৰখা হৈছে। নতুন সংসদ ভৱন নিৰ্মাণৰ মুঠ খৰচ হৈছে ৯৭১ কোটি টকা। ভৱনটো নিৰ্মাণ কৰিছে টাটাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস