--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১১খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৰ্জনৰ মাজতে অনুষ্ঠিত হ’ল নিটি আয়োগৰ অষ্টম গৱৰ্ণিং কাউন্সিলৰ বৈঠক। দিল্লীৰ প্ৰগতি ময়দানৰ নতুন কনভেনচন চেণ্টাৰত সম্পন্ন হয় এই বৈঠক। 

বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘বিকশিত ভাৰত@২০৪৭’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হয় এইবৰ্ষৰ বৈঠক। বৈঠকত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো। গতিশক্তি, MSME, মহিলা সৱলীকৰণ, স্বাস্থ্য আৰু পুষ্টি, দক্ষতা বিকাশ, আন্তঃগাঁঠনি নিৰ্মাণ আদি বিষয়ত আলোচনা হয় বৈঠকত। 

লক্ষণীয়ভাৱে আজিৰ বৈঠক বৰ্জন কৰে দেশৰ ১১গৰাকী মুখ্যমন্ত্ৰীয়ে। বৈঠক বৰ্জন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিমবংগৰ মমতা বেনাৰ্জী, ৰাজস্থানৰ অশোক গেহলট, কেৰালাৰ পিন্নাৰায় বিজয়নে। পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, বিহাৰৰ নীতিশ কুমাৰ, তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও, তামিলনাডুৰ এম কে ষ্টেলিনেও বৰ্জন কৰে বৈঠক। ১১খনকৈ ৰাজ্যৰ বৈঠক বৰ্জন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে দেশৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত। 

শেহতীয়াকৈ কেন্দ্ৰ আৰু অ-বিজেপি শাসিত ৰাজ্যৰ মাজত বৃদ্ধি পাই আহিছে সংঘাত। অ-বিজেপিশাসিত ৰাজ্যৰে কেন্দ্ৰৰ সংঘাতৰ শেহতীয়া উদাহৰণ দিল্লীৰ অধ্যাদেশ বিতৰ্ক। দিল্লীৰ আমোলাতন্ত্ৰৰ নিয়ন্ত্ৰণ নিজৰ লগত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে অধ্যাদেশ। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানকো একপ্ৰকাৰ চেলেঞ্জ কৰিছে কেন্দ্ৰই। কেন্দ্ৰৰ এই অধ্যাদেশৰ বিৰুদ্ধে একত্ৰিত হৈছে প্ৰায়বোৰ বিৰোধী ৰাজনৈতিক দল। 

কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰি অৰবিন্দ কেজৰিৱালে নিটি আয়োগৰ বৈঠক বৰ্জনৰ কথা ঘোষণা কৰিছিল। কেজৰিৱালৰ পথ অনুসৰণ কৰিয়েই অন্যান্য অ-বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৰ্জন কৰিলে নিটি আয়োগৰ বৈঠক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা