--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১১খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৰ্জনৰ মাজতে অনুষ্ঠিত হ’ল নিটি আয়োগৰ অষ্টম গৱৰ্ণিং কাউন্সিলৰ বৈঠক। দিল্লীৰ প্ৰগতি ময়দানৰ নতুন কনভেনচন চেণ্টাৰত সম্পন্ন হয় এই বৈঠক। 

বৈঠকত সভাপতিত্ব কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘বিকশিত ভাৰত@২০৪৭’ শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হয় এইবৰ্ষৰ বৈঠক। বৈঠকত অংশ লয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো। গতিশক্তি, MSME, মহিলা সৱলীকৰণ, স্বাস্থ্য আৰু পুষ্টি, দক্ষতা বিকাশ, আন্তঃগাঁঠনি নিৰ্মাণ আদি বিষয়ত আলোচনা হয় বৈঠকত। 

লক্ষণীয়ভাৱে আজিৰ বৈঠক বৰ্জন কৰে দেশৰ ১১গৰাকী মুখ্যমন্ত্ৰীয়ে। বৈঠক বৰ্জন কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিমবংগৰ মমতা বেনাৰ্জী, ৰাজস্থানৰ অশোক গেহলট, কেৰালাৰ পিন্নাৰায় বিজয়নে। পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, বিহাৰৰ নীতিশ কুমাৰ, তেলেংগানাৰ কে চন্দ্ৰশেখৰ ৰাও, তামিলনাডুৰ এম কে ষ্টেলিনেও বৰ্জন কৰে বৈঠক। ১১খনকৈ ৰাজ্যৰ বৈঠক বৰ্জন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে দেশৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটত। 

শেহতীয়াকৈ কেন্দ্ৰ আৰু অ-বিজেপি শাসিত ৰাজ্যৰ মাজত বৃদ্ধি পাই আহিছে সংঘাত। অ-বিজেপিশাসিত ৰাজ্যৰে কেন্দ্ৰৰ সংঘাতৰ শেহতীয়া উদাহৰণ দিল্লীৰ অধ্যাদেশ বিতৰ্ক। দিল্লীৰ আমোলাতন্ত্ৰৰ নিয়ন্ত্ৰণ নিজৰ লগত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে অধ্যাদেশ। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ৰায়দানকো একপ্ৰকাৰ চেলেঞ্জ কৰিছে কেন্দ্ৰই। কেন্দ্ৰৰ এই অধ্যাদেশৰ বিৰুদ্ধে একত্ৰিত হৈছে প্ৰায়বোৰ বিৰোধী ৰাজনৈতিক দল। 

কেন্দ্ৰৰ অধ্যাদেশৰ বিৰোধিতা কৰি অৰবিন্দ কেজৰিৱালে নিটি আয়োগৰ বৈঠক বৰ্জনৰ কথা ঘোষণা কৰিছিল। কেজৰিৱালৰ পথ অনুসৰণ কৰিয়েই অন্যান্য অ-বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৰ্জন কৰিলে নিটি আয়োগৰ বৈঠক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস