--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বৰ্ষপূৰ্তিত সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হ'ল স্বাধীনতা দিৱস। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে ৰাষ্ট্ৰজুৰি গ্ৰহণ কৰিলে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী। তাৰ সমান্তৰালভাৱে দেশবাসীৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিবলৈ হৰ ঘৰ ত্ৰিৰংগা নামত আন এক কাৰ্যসূচীও ঘোষণা কৰিলে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে। চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীয়েও আনন্দৰে উদযাপন কৰিলে স্বাধীনতা দিৱসৰ অনুষ্ঠান। পিছে এই স্বাধীনতা দিৱস উদযাপনৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশৰ জাতীয় পতাকাখনৰ সন্মান লাঘৱ হোৱা কেইবাটাও দৃশ্যৰাজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

এনে কেইবাটাও দৃশ্যৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-বি এইচ ইউ (আই.আই.টি-বি.এইচ.ইউ) ৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ভিডিঅ’টোত উচ্চশিক্ষাৰ প্ৰতিষ্ঠানটোত স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি দেশৰ জাতীয় পতাকা উত্তোলন অনুষ্ঠানৰ পিছতে একাংশ শিক্ষাৰ্থীয়ে অশ্লীল গীতৰ তালে তালে উদ্দাম নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল। 

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে এই ঘটনাৰ তদন্তৰ বাবে এটা তদন্ত পেনেল গঠন কৰা হৈছে। আই আই টি-বি এইচ ইউৰ পঞ্জীয়ক ৰাজেন শ্ৰীবাস্তৱে এই সন্দৰ্ভত দিয়া ভাষ্য মতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই কিছু আপত্তিজনক আচৰণৰ বিষয়ে অৱগত হয়। এই ঘটনাৰ পাছতে উত্থাপন হোৱা অভিযোগৰ তদন্তৰ বাবে প্ৰতিষ্ঠানটোৱে এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে।

সমিতিখনে দুসপ্তাহৰ ভিতৰত আই আই টি-বি এইচ ইউ সঞ্চালকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আনহাতে উচ্চ শিক্ষা প্ৰতিষ্ঠানটোৰ এজন বিষয়াই জানিবলৈ দিয়া মতে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত শিক্ষক আৰু কৰ্মচাৰীসকল সেই স্থানৰ পৰা আঁতৰি গৈছিল। তাৰ পিছতে কিছু যুৱকে ভোজপুৰী গান বজাই নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল।

"সেইসময়ত বজা কিছুমান গান অনুষ্ঠানটোৰ বাবে আপত্তিজনক হ'ব পাৰে। কিন্তু ঘটনাটোৰ আঁৰত কেইজনমান লোক আছিল। কেইজনমান যুৱকৰ এনে কৰ্ম প্ৰতিষ্ঠানটোৰ সৈতে সম্পৰ্কিত হ'ব নালাগে। স্বাধীনতা দিৱসৰ বাবে পুৱাৰ পৰাই দেশপ্ৰেমমূলক গীত বজোৱা হৈছিল আৰু শিক্ষাৰ্থীসকলেও দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল।"— বিষয়াজনে কয়।

তেওঁ লগতে অনুষ্ঠানটোত কিছু সংখ্যক বাহিৰৰ লোক উপস্থিত আছিল বুলিও দাবী কৰিছে। বিষয়াজনে দিয়া যুক্তি অনুসৰি পতাকা উত্তোলন কাৰ্যসূচীত কোনো লোকৰ উপস্থিতিত কোনো বাধা আৰোপ কৰা নহয়। এনে অৱস্থাত আপত্তিজনক অশ্লীল গানসমূহ কোনো বাহিৰৰ পৰা অহা লোকেও বজাব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement