--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ ৭৫ বৰ্ষপূৰ্তিত সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হ'ল স্বাধীনতা দিৱস। কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে ৰাষ্ট্ৰজুৰি গ্ৰহণ কৰিলে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী। তাৰ সমান্তৰালভাৱে দেশবাসীৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই তুলিবলৈ হৰ ঘৰ ত্ৰিৰংগা নামত আন এক কাৰ্যসূচীও ঘোষণা কৰিলে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে। চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীয়েও আনন্দৰে উদযাপন কৰিলে স্বাধীনতা দিৱসৰ অনুষ্ঠান। পিছে এই স্বাধীনতা দিৱস উদযাপনৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেশৰ জাতীয় পতাকাখনৰ সন্মান লাঘৱ হোৱা কেইবাটাও দৃশ্যৰাজি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

এনে কেইবাটাও দৃশ্যৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-বি এইচ ইউ (আই.আই.টি-বি.এইচ.ইউ) ৰ এটা ভিডিঅ’ও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ভিডিঅ’টোত উচ্চশিক্ষাৰ প্ৰতিষ্ঠানটোত স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি দেশৰ জাতীয় পতাকা উত্তোলন অনুষ্ঠানৰ পিছতে একাংশ শিক্ষাৰ্থীয়ে অশ্লীল গীতৰ তালে তালে উদ্দাম নৃত্য কৰা দেখিবলৈ পোৱা গৈছিল। 

ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছত সৃষ্টি হোৱা বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে এই ঘটনাৰ তদন্তৰ বাবে এটা তদন্ত পেনেল গঠন কৰা হৈছে। আই আই টি-বি এইচ ইউৰ পঞ্জীয়ক ৰাজেন শ্ৰীবাস্তৱে এই সন্দৰ্ভত দিয়া ভাষ্য মতে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই কিছু আপত্তিজনক আচৰণৰ বিষয়ে অৱগত হয়। এই ঘটনাৰ পাছতে উত্থাপন হোৱা অভিযোগৰ তদন্তৰ বাবে প্ৰতিষ্ঠানটোৱে এখন আভ্যন্তৰীণ সমিতি গঠন কৰিছে।

সমিতিখনে দুসপ্তাহৰ ভিতৰত আই আই টি-বি এইচ ইউ সঞ্চালকৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। আনহাতে উচ্চ শিক্ষা প্ৰতিষ্ঠানটোৰ এজন বিষয়াই জানিবলৈ দিয়া মতে পতাকা উত্তোলন কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত শিক্ষক আৰু কৰ্মচাৰীসকল সেই স্থানৰ পৰা আঁতৰি গৈছিল। তাৰ পিছতে কিছু যুৱকে ভোজপুৰী গান বজাই নৃত্য কৰিবলৈ আৰম্ভ কৰিছিল।

"সেইসময়ত বজা কিছুমান গান অনুষ্ঠানটোৰ বাবে আপত্তিজনক হ'ব পাৰে। কিন্তু ঘটনাটোৰ আঁৰত কেইজনমান লোক আছিল। কেইজনমান যুৱকৰ এনে কৰ্ম প্ৰতিষ্ঠানটোৰ সৈতে সম্পৰ্কিত হ'ব নালাগে। স্বাধীনতা দিৱসৰ বাবে পুৱাৰ পৰাই দেশপ্ৰেমমূলক গীত বজোৱা হৈছিল আৰু শিক্ষাৰ্থীসকলেও দেশৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল।"— বিষয়াজনে কয়।

তেওঁ লগতে অনুষ্ঠানটোত কিছু সংখ্যক বাহিৰৰ লোক উপস্থিত আছিল বুলিও দাবী কৰিছে। বিষয়াজনে দিয়া যুক্তি অনুসৰি পতাকা উত্তোলন কাৰ্যসূচীত কোনো লোকৰ উপস্থিতিত কোনো বাধা আৰোপ কৰা নহয়। এনে অৱস্থাত আপত্তিজনক অশ্লীল গানসমূহ কোনো বাহিৰৰ পৰা অহা লোকেও বজাব পাৰে বুলি তেওঁ সন্দেহ প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু