--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গত ১৫ আগষ্টত ভাৰতবৰ্ষই পালন কৰিলে স্বাধীনতা প্ৰাপ্তিৰ ৭৫ তম বৰ্ষপূৰ্তি। দুশ বছৰজোৰা ব্ৰিটিছ উপনিৱেশিক শাসনক উৎখাত কৰি দেশক আকাংক্ষিত স্বাধীনতা প্ৰদানৰ যুঁজত জপিয়াই পৰা প্ৰতিগৰাকী মুক্তিযুঁজাৰুকে সমগ্ৰ দেশবাসীয়ে সশ্ৰদ্ধ স্মৰণ কৰিলে এই পবিত্ৰ দিনটোত। মহাত্মা গান্ধীয়ে গ্ৰহণ কৰা অহিংস নীতিৰ আধাৰত দেশবাসীয়ে স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰিছিল যদিও বহু সময়ত ব্ৰিটিছৰ উৎপীড়ন আৰু অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হিংসাত্মক উপায়ো অৱলম্বন কৰিবলৈ বাধ্য হৈছিল স্বাধীনতা সংগ্ৰামীসকল। ব্ৰিটিছ শাসনলৈ অংগুষ্ঠ প্ৰদৰ্শন কৰি ব্ৰিটিছ বিষয়াৰ অত্যাচাৰৰ পোতক তুলিবলৈ পিছ হুহকা নাছিল সাহসী মুক্তিযুঁজাৰু সকল।

তেনে অলেখ সাহসী ভাৰতীয়ৰ মাজৰে এজন ইমামুদ্দিন কুৰেছি। বৰ্তমানো জীৱিত কুৰেছিৰ বয়স এতিয়া ১০৪ বছৰ। ডেকা কালত দেশৰ স্বাধীনতাৰ যুঁজত জপিয়াই পৰা ইমামুদ্দিন কুৰেছি শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এক ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পাছতে দেশবাসীৰ সন্মুখলৈ আহে কুৰেছিৰ নাম। কিন্তু হঠাতে কিয় এইদৰে চৰ্চিত হৈ পৰিছে শতায়ু গৰকা এই বৃদ্ধগৰাকী!

১৯৪৭ চনৰ ১২ আগষ্ট। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ পৰিছে ব্ৰিটিছ শাসকৰ ক্ষমতা হস্তান্তৰৰ প্ৰক্ৰিয়া। আকাংক্ষিত স্বাধীনতা প্ৰাপ্তিৰ আনন্দত উৎসাহিত সমগ্ৰ দেশবাসী। হাতে হাতে ত্ৰিৰংগা লৈ এক পথে পথে ৰেলীত অংশ লৈছে দেশবাসীয়ে। উত্তৰ প্ৰদেশৰ লোহামণ্ডি অঞ্চলতো স্থানীয় লোকসকলে বাহিৰ কৰে এনে এটা সমদল। অঞ্চলটোৰ হিন্দু আৰু মুছলমান নিৰ্বিশেষে সকলো লোকে ত্ৰিৰংগা হাতত লৈ এক বৃহৎ সমদল গঢ়ি তোলে। 

তেনে সময়তে এগৰাকী ব্ৰিটিছ বিষয়া অঞ্চলটোত উপস্থিত হয় আৰু সমদলটো দেখি ক্ষুব্ধ হৈ সমদলত ভাগ লোৱা লোকসকলৰ ওপৰত লাঠি চালনা কৰে। তদুপৰি তেওঁৰ লগত অহা ব্ৰিটিছ সৈন্যই কেইবাগৰাকীও নিৰীহ লোকক গ্ৰেপ্তাৰো কৰে। ব্ৰিটিছ বিষয়াগৰাকীৰ এই কাৰ্যত ক্ৰোধান্বিত হৈ পৰে যুৱক ইমামুদ্দিন। তীব্ৰ খঙত আক্ৰমণকাৰী ব্ৰিটিছ বিষয়াজনলৈ চোঁচা লৈ আক্ৰমণ কৰে ইমামুদ্দিন কুৰেছিয়ে। 

ব্ৰিটিছ বিষয়াগৰাকীৰ গালত কেইবাটাও চৰ সোধোৱাৰ লগতে গ্ৰেপ্তাৰ কৰা সহকৰ্মীসকলক মুক্ত কৰি সেই স্থানৰ পৰা আঁতৰি যায় ইমামুদ্দিন। এই ঘটনাৰ বাবে ব্ৰিটিছ সৈন্যই ইমামুদ্দিন কুৰেছিক গ্ৰেপ্তাৰৰ বাবে তেওঁৰ সন্ধান চলায় যদিও তিনি দিনৰ পিছতে দেশে স্বাধীনতা লাভ কৰাৰ বাবে গ্ৰেপ্তাৰৰ পৰা ৰক্ষা পৰে কুৰেছি। 
 
দেশৰ স্বাধীনতা লাভৰ ৭৫ তম বৰ্ষপূৰ্তিত এই ঘটনা স্মৰণ কৰি নষ্টালজিক হৈ পৰে ১০৪ বছৰীয়া বৃদ্ধগৰাকী। ইমামুদ্দিনে সাক্ষাৎকাৰত কয় যে দেশে স্বাধীনতা লাভৰ প্ৰায় কাষ চপাৰ সময়তে তেওঁক খাকচাৰ সমিতিৰ সদস্য কৰা হৈছিল। ব্ৰিটিছ শাসন উফৰাই দেশক স্বাধীন কৰাৰ যুঁজখনত খাকচাৰ সমিতিয়ে সবল ৰূপত অংশগ্ৰহণ কৰিছিল। 

ইমামুদ্দিনৰ ভাষ্য মতে সেই সময়ত তেওঁৰ বয়স আছিল প্ৰায় ২৪ বছৰ। এগৰাকী মল্লযুঁজাৰু হিচাপে তেতিয়া তেওঁৰ শাৰীৰিক অৱয়ব যথেষ্ট শক্তিশালী আছিল। এই বাবেই তেওঁক খাকচাৰ সমিতিৰ সদস্য কৰা হৈছিল। খাকচাৰ সমিতিৰ সদস্য হিচাপে তেওঁ মুকলিকৈ স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰিছিল। 

দেশৰ স্বাধীনতা সংগ্ৰামৰ এই ঐতিহাসিক ক্ষণৰ স্মৰণ কৰি আজিও ভাবুক হৈ পৰে বুলি কুৰেছিয়ে মন্তব্য কৰে। এই ক্ষণক বুকুত সাবটিয়ে জীৱনৰ বাকী সময়ছোৱা কটাব বিচাৰে বুলি কুৰেছিয়ে লগতে উল্লেখ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে