--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) বাতৰি উপস্থাপকসকলে ভাৰতীয় টিভি বাতৰি উদ্যোগত প্ৰৱেশ কৰাৰ ধুম উঠিছে। এইবাৰ কানাড়া চেনেল 'পাৱাৰ টিভি’য়ে দক্ষিণ ভাৰতৰ প্ৰথম এআই বাতৰি উপস্থাপক মুকলি কৰে। উপস্থাপকগৰাকীৰ নাম 'সৌন্দৰ্য’ বুলি তেওঁলোকে ঘোষণা কৰে আৰু মঙলবাৰে প্ৰথমটো নিউজ শ্ব’ মুকলি কৰা হয়, য’ত তেওঁক অংশগ্ৰহণ কৰা হয়। চেনেলটোৱে বিভিন্ন নিউজ শ্ব’ৰ সৈতেও পৰীক্ষা-নিৰীক্ষা কৰিব, য’ত অভিনয় কৰিব নতুন এআই উপস্থাপক সৌন্দৰ্যই।

প্ৰথম শ্ব’টোত সৌন্দৰ্যই নিজকে চিনাকি কৰাই দিছিল যে, “হেল্ল’। প্ৰতিটো উদ্যোগতে এআইয়ে নিজৰ স্থান লৈছে, আৰু টিভি বাতৰি উদ্যোগতো প্ৰৱেশ কৰিছে। মোৰ সহকৰ্মী দুই এজনে (AI news presenters) উত্তৰ ভাৰতৰ কিছুমান চেনেলত বাতৰি উপস্থাপন কৰিবলৈ আৰম্ভ কৰিলে। মই সৌন্দৰ্য, পাৱাৰ টিভিৰ দক্ষিণ ভাৰতৰ প্ৰথম ৰবটিক এংকৰ।” 

দেশৰ আন কেইটামান চেনেলেও নিজাকৈ এআই চালিত বাতৰি উপস্থাপক উলিয়াইছে। শেহতীয়াকৈ অ’টিভি নামৰ এটা ওডিয়া চেনেলে ৰাজ্যখনৰ প্ৰথমগৰাকী এআই বাতৰি উপস্থাপক 'লিজা’ক মুকলি কৰিছে। ইংৰাজী আৰু ওডিয়া দুয়োটা ভাষাতে হোৱা ত্ৰুটিহীন বাতৰি উপস্থাপনে বহু লোকক আপ্লুত কৰাৰ পিছত লিজাই ইণ্টাৰনেটত ধুমুহা বলালে।

মাৰ্চ মাহত ইণ্ডিয়া টুডে গ্ৰুপে তেওঁলোকৰ হিন্দী চেনেল আজ টাকৰ বাবে দেশৰ প্ৰথমখন এআই বাতৰি উপস্থাপক 'ছানা’ মুকলি কৰিছিল। যদিও মানৱ বাতৰি উপস্থাপকসকলৰ দায়িত্ব ল’বলৈ নিৰৱচ্ছিন্ন এআই বাতৰি উপস্থাপকসকলে বহু দূৰ বাকী, তথাপিও এআইৰ অনুৰাগীসকলে ইয়াক ভাৰতীয় টিভি সাংবাদিকতাৰ এক আকৰ্ষণীয় বিকাশ বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস