--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) বাতৰি উপস্থাপকসকলে ভাৰতীয় টিভি বাতৰি উদ্যোগত প্ৰৱেশ কৰাৰ ধুম উঠিছে। এইবাৰ কানাড়া চেনেল 'পাৱাৰ টিভি’য়ে দক্ষিণ ভাৰতৰ প্ৰথম এআই বাতৰি উপস্থাপক মুকলি কৰে। উপস্থাপকগৰাকীৰ নাম 'সৌন্দৰ্য’ বুলি তেওঁলোকে ঘোষণা কৰে আৰু মঙলবাৰে প্ৰথমটো নিউজ শ্ব’ মুকলি কৰা হয়, য’ত তেওঁক অংশগ্ৰহণ কৰা হয়। চেনেলটোৱে বিভিন্ন নিউজ শ্ব’ৰ সৈতেও পৰীক্ষা-নিৰীক্ষা কৰিব, য’ত অভিনয় কৰিব নতুন এআই উপস্থাপক সৌন্দৰ্যই।

প্ৰথম শ্ব’টোত সৌন্দৰ্যই নিজকে চিনাকি কৰাই দিছিল যে, “হেল্ল’। প্ৰতিটো উদ্যোগতে এআইয়ে নিজৰ স্থান লৈছে, আৰু টিভি বাতৰি উদ্যোগতো প্ৰৱেশ কৰিছে। মোৰ সহকৰ্মী দুই এজনে (AI news presenters) উত্তৰ ভাৰতৰ কিছুমান চেনেলত বাতৰি উপস্থাপন কৰিবলৈ আৰম্ভ কৰিলে। মই সৌন্দৰ্য, পাৱাৰ টিভিৰ দক্ষিণ ভাৰতৰ প্ৰথম ৰবটিক এংকৰ।” 

দেশৰ আন কেইটামান চেনেলেও নিজাকৈ এআই চালিত বাতৰি উপস্থাপক উলিয়াইছে। শেহতীয়াকৈ অ’টিভি নামৰ এটা ওডিয়া চেনেলে ৰাজ্যখনৰ প্ৰথমগৰাকী এআই বাতৰি উপস্থাপক 'লিজা’ক মুকলি কৰিছে। ইংৰাজী আৰু ওডিয়া দুয়োটা ভাষাতে হোৱা ত্ৰুটিহীন বাতৰি উপস্থাপনে বহু লোকক আপ্লুত কৰাৰ পিছত লিজাই ইণ্টাৰনেটত ধুমুহা বলালে।

মাৰ্চ মাহত ইণ্ডিয়া টুডে গ্ৰুপে তেওঁলোকৰ হিন্দী চেনেল আজ টাকৰ বাবে দেশৰ প্ৰথমখন এআই বাতৰি উপস্থাপক 'ছানা’ মুকলি কৰিছিল। যদিও মানৱ বাতৰি উপস্থাপকসকলৰ দায়িত্ব ল’বলৈ নিৰৱচ্ছিন্ন এআই বাতৰি উপস্থাপকসকলে বহু দূৰ বাকী, তথাপিও এআইৰ অনুৰাগীসকলে ইয়াক ভাৰতীয় টিভি সাংবাদিকতাৰ এক আকৰ্ষণীয় বিকাশ বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল