--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহীৰ বৰ্ধিত মূল্য দেখি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰভাৱ আজিৰ পৰাই স্পষ্ট হৈ পৰিছে। দিল্লী-এনচিআৰত সস্তা দামত বিলাহীৰ বিক্ৰী আৰম্ভ হৈছে আৰু ইয়াত বিলাহীৰ দাম প্ৰতি কেজিত ১০০ টকাৰ তললৈ নামি আহিছে।পাচলিৰ বজাৰত এই খবৰটো ডাঙৰ কাৰণ খুচুৰা বজাৰত প্ৰতি কেজিত বিলাহীৰ দাম ২২০ টকা হৈছেগৈ৷

আজি দিল্লী-এনচিআৰত বিলাহীৰ দাম প্ৰতি কেজিত ৯০ টকালৈ নামি আহিছে আৰু এই দাম আহিছে কাৰণ ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচনে একাংশ ৰাজ্যৰ পৰা বিলাহী ক্ৰয় কৰিছে। এইবোৰত অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ পৰা বিলাহী অনা হৈছে। চৰকাৰে NAFED, NCCFৰ দৰে কৃষি বিপণন সংস্থাক সস্তা দৰত টমেটো গ্ৰাহকৰ বাবে উপলব্ধ কৰিবলৈ নিৰ্দেশ দিছে।

চৰকাৰৰ আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি বিলাহীৰ নতুন মজুত খুচুৰা বিপণীসমূহত বিতৰণ কৰা হ’ব। শুকুৰবাৰৰ পৰা ইয়াৰ বিক্ৰী আৰম্ভ হ’ব আৰু দিল্লী-এনচিআৰ অঞ্চলৰ লোকে সস্তা মূল্যত বিলাহী লাভ কৰিব পাৰিব। 


গ্ৰাহক পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতি কেজিত বিলাহী ৯০ টকাকৈ বিক্ৰী আৰম্ভ কৰিছে। গ্ৰাহকক সকাহ দিয়াৰ বাবে চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। নিশাৰ ভিতৰতে দেশৰ ৰাজধানী দিল্লীত বিলাহীৰ নতুন চালান আহি পোৱাৰ লগতে খুচুৰা বজাৰত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ বাবে তাতো বিলাহীৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

আজিকালি বিলাহীৰ দাম আকাশলংঘী হোৱাৰ লগতে বহু ঠাইত ইয়াৰ মূল্য ১৫০-১৬০ টকালৈ বৃদ্ধি পাইছে। একে সময়তে দিল্লীৰ খুচুৰা বজাৰত প্ৰতি কেজিত ২২০ টকালৈ বৃদ্ধি পোৱাৰ খবৰেও বহু শিৰোনাম দখল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী