--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাই প্লাছ সুৰক্ষা লাভ কৰিলে অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেছনৰ মুৰব্বী ডঃ উমাৰ আহমেদ ইলিয়াছিয়ে৷ কিছু দিন পূৰ্বে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক ‘দেশপিতা’ আখ্যা দিয়াৰ পাছতে ইলিয়াছিক বিভিন্ন দেশৰ পৰা হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছিল৷ হত্যাৰ ভাবুকি লাভ কৰাৰ পাছতে বিষয়টো লৈ ব্যস্ত হৈ পৰে ভাৰত চৰকাৰ৷ অৱশেষত তেওঁক ৱাই প্লাছ সুৰক্ষা প্ৰদান কৰা হয়৷

উল্লেখযোগ্য যে ২২ ছেপ্টেম্বৰ তাৰিখে মোহন ভাগৱতে ইলিয়াছিক লগ ধৰে৷ সাক্ষাতৰ অন্তত ইলিয়াছিয়ে ভাগৱতক দেশৰ পিতা হিচাপে আখ্যা দিয়ে৷

সংবাদ মাধ্যমৰ আগত ইলিয়াছিয়ে কয় যে ২৪ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে তেওঁ মুঠ তিনিটা ফোন কল ৰিচিভ কৰিছিল৷ বিভিন্ন দেশৰ পৰা অহা উক্ত ফোন কলসমূহত ইলিয়াছিক তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী কৰা হৈছিল৷

তেওঁক ৱাই প্লাছ সুৰক্ষা প্ৰদান কৰাৰ পাছতে ভাৰত চৰকাৰক ধন্যবাদ জনায় ইলিয়াছিয়ে৷ তেওঁ জনায় যে তেওঁৰ ইতিমধ্যে ৱাই কেটেগৰীৰ সুৰক্ষা আছে৷ কিন্তু চৰকাৰে ইয়াক ৱাই প্লাছ কৰি তেওঁ আৰু তেওঁৰ পৰিয়ালক পৰম উপকাৰ সাধন কৰিলে৷ 

ক’ৰ ক’ৰ পৰা তেওঁলৈ ভাবুকি আহিছিল সেই বিষয়েও ইলিয়াছিয়ে সংবাদমাধ্যমৰ আগত মুখ খুলিছে৷ তেওঁ জনায় যে পশ্চিম বংগ, ইংলেণ্ড,  ডুবাইৰ পৰা এইসমূহ ভাবুকি আহিছিল৷ আনকি তেওঁক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল৷ কিন্তু নিজৰ মতত অটল আছিল ইলিয়াছি৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে