--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱাই প্লাছ সুৰক্ষা লাভ কৰিলে অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেছনৰ মুৰব্বী ডঃ উমাৰ আহমেদ ইলিয়াছিয়ে৷ কিছু দিন পূৰ্বে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক ‘দেশপিতা’ আখ্যা দিয়াৰ পাছতে ইলিয়াছিক বিভিন্ন দেশৰ পৰা হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছিল৷ হত্যাৰ ভাবুকি লাভ কৰাৰ পাছতে বিষয়টো লৈ ব্যস্ত হৈ পৰে ভাৰত চৰকাৰ৷ অৱশেষত তেওঁক ৱাই প্লাছ সুৰক্ষা প্ৰদান কৰা হয়৷

উল্লেখযোগ্য যে ২২ ছেপ্টেম্বৰ তাৰিখে মোহন ভাগৱতে ইলিয়াছিক লগ ধৰে৷ সাক্ষাতৰ অন্তত ইলিয়াছিয়ে ভাগৱতক দেশৰ পিতা হিচাপে আখ্যা দিয়ে৷

সংবাদ মাধ্যমৰ আগত ইলিয়াছিয়ে কয় যে ২৪ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈকে তেওঁ মুঠ তিনিটা ফোন কল ৰিচিভ কৰিছিল৷ বিভিন্ন দেশৰ পৰা অহা উক্ত ফোন কলসমূহত ইলিয়াছিক তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী কৰা হৈছিল৷

তেওঁক ৱাই প্লাছ সুৰক্ষা প্ৰদান কৰাৰ পাছতে ভাৰত চৰকাৰক ধন্যবাদ জনায় ইলিয়াছিয়ে৷ তেওঁ জনায় যে তেওঁৰ ইতিমধ্যে ৱাই কেটেগৰীৰ সুৰক্ষা আছে৷ কিন্তু চৰকাৰে ইয়াক ৱাই প্লাছ কৰি তেওঁ আৰু তেওঁৰ পৰিয়ালক পৰম উপকাৰ সাধন কৰিলে৷ 

ক’ৰ ক’ৰ পৰা তেওঁলৈ ভাবুকি আহিছিল সেই বিষয়েও ইলিয়াছিয়ে সংবাদমাধ্যমৰ আগত মুখ খুলিছে৷ তেওঁ জনায় যে পশ্চিম বংগ, ইংলেণ্ড,  ডুবাইৰ পৰা এইসমূহ ভাবুকি আহিছিল৷ আনকি তেওঁক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল৷ কিন্তু নিজৰ মতত অটল আছিল ইলিয়াছি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক