--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা আইআইটি-বেনাৰস হিন্দু বিশ্ববিদ্যালয় চৌহদৰ ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে। উক্ত বৰ্বৰ কাণ্ডৰ  সৈতে জড়িত লোকসকলৰ ছবি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে থকা  দেখা গৈছে। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতেও অভিযুক্তই ছবি তুলিছিল। 

সেই ছবিবোৰ এতিয়া  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উক্ত বৰ্বৰ ঘটনাৰ অভিযোগ দাখিল কৰাৰ দুমাহ পিছতহে  আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল।এই ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছ। সংসদৰ পৰা নিলম্বিত মহুৱা মৈত্ৰই  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীআদিত্যনাথক  সমালোচনা কৰি কয়, "আইআইটি-বিএইচইউৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণত  ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় নেতা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এইবাৰ সেয়ে বুলডোজাৰ  চলাবলৈ কিমান সময় লাগিব?" 

আদিত্যনাথৰ সৈতে অভিযুক্তৰ ফটো শ্বেয়াৰ কৰি তেওঁ 'এক্স' হেণ্ডেলত এই প্ৰশ্নটো কৰিছে। উক্ত ঘটনাক  "জঘন্য" বুলি অভিহিত কৰি টিএমচিৰ মুখপাত্ৰ ড০ শশী পাঞ্জাই কয়, "ঘটনাটো ২ নৱেম্বৰত সংঘটিত হৈছিল। অপৰাধীসকলক ৫ নৱেম্বৰত শিক্ষাৰ্থীসকলে চিনাক্ত কৰিছিল। কিন্তু অভিযুক্তক  গ্ৰেপ্তাৰ কৰিবলৈ ইমান সময় কিয় লাগিল?" তেওঁ কয় , " আইআইটি বিএইচইউৰ গণধৰ্ষণৰ ঘটনাত  বিজেপিৰ  আইটি চেলৰ সদস্য একাংশক গ্ৰেপ্তাৰ কৰাৰ পাছতো, বিজেপিৰ কোনো অনুশোচনা নাই। টিএমচিয়ে বিজেপিৰ পৰা উত্তৰ বিচাৰিছে, আপোনালোকে  আপোনালোকৰ নিজৰ মানুহৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাই?’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement