--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা আইআইটি-বেনাৰস হিন্দু বিশ্ববিদ্যালয় চৌহদৰ ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ বহু নতুন নতুন তথ্য পোহৰলৈ আহিছে। উক্ত বৰ্বৰ কাণ্ডৰ  সৈতে জড়িত লোকসকলৰ ছবি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,বিজেপি সভাপতি জে পি নাড্ডাৰ সৈতে থকা  দেখা গৈছে। একেদৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতেও অভিযুক্তই ছবি তুলিছিল। 

সেই ছবিবোৰ এতিয়া  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উক্ত বৰ্বৰ ঘটনাৰ অভিযোগ দাখিল কৰাৰ দুমাহ পিছতহে  আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল।এই ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে তৃণমূল কংগ্ৰেছ। সংসদৰ পৰা নিলম্বিত মহুৱা মৈত্ৰই  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীআদিত্যনাথক  সমালোচনা কৰি কয়, "আইআইটি-বিএইচইউৰ এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণত  ভাৰতীয় জনতা পাৰ্টিৰ স্থানীয় নেতা জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এইবাৰ সেয়ে বুলডোজাৰ  চলাবলৈ কিমান সময় লাগিব?" 

আদিত্যনাথৰ সৈতে অভিযুক্তৰ ফটো শ্বেয়াৰ কৰি তেওঁ 'এক্স' হেণ্ডেলত এই প্ৰশ্নটো কৰিছে। উক্ত ঘটনাক  "জঘন্য" বুলি অভিহিত কৰি টিএমচিৰ মুখপাত্ৰ ড০ শশী পাঞ্জাই কয়, "ঘটনাটো ২ নৱেম্বৰত সংঘটিত হৈছিল। অপৰাধীসকলক ৫ নৱেম্বৰত শিক্ষাৰ্থীসকলে চিনাক্ত কৰিছিল। কিন্তু অভিযুক্তক  গ্ৰেপ্তাৰ কৰিবলৈ ইমান সময় কিয় লাগিল?" তেওঁ কয় , " আইআইটি বিএইচইউৰ গণধৰ্ষণৰ ঘটনাত  বিজেপিৰ  আইটি চেলৰ সদস্য একাংশক গ্ৰেপ্তাৰ কৰাৰ পাছতো, বিজেপিৰ কোনো অনুশোচনা নাই। টিএমচিয়ে বিজেপিৰ পৰা উত্তৰ বিচাৰিছে, আপোনালোকে  আপোনালোকৰ নিজৰ মানুহৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰিব বিচৰা নাই?’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু