--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয়ে সোমবাৰে লোকসভা সচিবালয়লৈ মহুৱা মৈত্ৰৰ কিয়  সাংসদ পদ কৰ্তন কৰা হ’ল সেই বিষয়ত বাখা্যা বিচাৰি জাননী প্ৰেৰণ কৰে।সাংসদ  হিচাপে অযোগ্য হোৱাৰ পিছতে এই সিদ্ধান্তক  প্ৰত্যাহ্বান জনাই মহুৱাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। 

শীৰ্ষ আদালতে বুধবাৰে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি মহুৱাৰ সাংসদ পদটো কিয় অযোগ্য ঘোষণা কৰা হৈছিল সেই বিষয়ত জানিব বিচাৰে। সচিবালয়ক তিনি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১১ মাৰ্চৰ পিছত গ্ৰহণ কৰা হ’ব।

ইপিনে লোকসভা সচিবালয়ৰ হৈ আদালতত উপস্থিত থকা  ছলিচিটৰ জেনেৰেলে উচ্চতম ন্যায়ালয়ক কয় যে সংসদৰ প্ৰক্ৰিয়া অধ্যক্ষৰ অধীনস্থ। ন্যায়পালিকাই ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে।ইয়াৰ পিছতে বিচাৰপীঠে কয় "আমি বিষয়টোত কোনো মন্তব্য নিদিওঁ" । ন্যায়পালিকাই সংসদৰ কাম-কাজত কিমান হস্তক্ষেপ কৰিব পাৰে তাকে লৈ সন্দেহ আছে যদিও  সকলো পক্ষই তিনি সপ্তাহৰ ভিতৰত সঁহাৰি দিব লাগিব।

টিএমচিৰ সাংসদগৰাকীকে ইতিমধ্যে হেৰুওৱা বাংলোটো ঘূৰাই দিয়াৰ দাবী জনাই আবেদন কৰিছিল। অৱশ্যে তেওঁ এই বিষয়ত সকাহ নাপালে। আদালতে পূৰ্বে কৈছিল যে বাংলোটোৰ সৈতে সম্পৰ্কিত এটা পৃথক গোচৰ চলি আছে। গতিকে ইয়াত নতুনকৈ  মন্তব্য দিয়াটো অপ্ৰয়োজনীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক