--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উচ্চতম ন্যায়ালয়ে সোমবাৰে লোকসভা সচিবালয়লৈ মহুৱা মৈত্ৰৰ কিয়  সাংসদ পদ কৰ্তন কৰা হ’ল সেই বিষয়ত বাখা্যা বিচাৰি জাননী প্ৰেৰণ কৰে।সাংসদ  হিচাপে অযোগ্য হোৱাৰ পিছতে এই সিদ্ধান্তক  প্ৰত্যাহ্বান জনাই মহুৱাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। 

শীৰ্ষ আদালতে বুধবাৰে সেই আবেদনৰ শুনানি গ্ৰহণ কৰি মহুৱাৰ সাংসদ পদটো কিয় অযোগ্য ঘোষণা কৰা হৈছিল সেই বিষয়ত জানিব বিচাৰে। সচিবালয়ক তিনি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছে। গোচৰটোৰ পৰৱৰ্তী শুনানি ১১ মাৰ্চৰ পিছত গ্ৰহণ কৰা হ’ব।

ইপিনে লোকসভা সচিবালয়ৰ হৈ আদালতত উপস্থিত থকা  ছলিচিটৰ জেনেৰেলে উচ্চতম ন্যায়ালয়ক কয় যে সংসদৰ প্ৰক্ৰিয়া অধ্যক্ষৰ অধীনস্থ। ন্যায়পালিকাই ইয়াত হস্তক্ষেপ কৰিব নোৱাৰে।ইয়াৰ পিছতে বিচাৰপীঠে কয় "আমি বিষয়টোত কোনো মন্তব্য নিদিওঁ" । ন্যায়পালিকাই সংসদৰ কাম-কাজত কিমান হস্তক্ষেপ কৰিব পাৰে তাকে লৈ সন্দেহ আছে যদিও  সকলো পক্ষই তিনি সপ্তাহৰ ভিতৰত সঁহাৰি দিব লাগিব।

টিএমচিৰ সাংসদগৰাকীকে ইতিমধ্যে হেৰুওৱা বাংলোটো ঘূৰাই দিয়াৰ দাবী জনাই আবেদন কৰিছিল। অৱশ্যে তেওঁ এই বিষয়ত সকাহ নাপালে। আদালতে পূৰ্বে কৈছিল যে বাংলোটোৰ সৈতে সম্পৰ্কিত এটা পৃথক গোচৰ চলি আছে। গতিকে ইয়াত নতুনকৈ  মন্তব্য দিয়াটো অপ্ৰয়োজনীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক