--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত নিৰাপত্তাহীনতাত ভুগিছে দেশৰ পদকজয়ী মল্লযুঁজাৰু৷যিটো সময়ত এফালে দিল্লীৰ যন্তৰ মন্তৰত শতাধিক মল্লযুঁজাৰুৰ সৈতে সাক্ষী মালিক, ভিনেশ ফোগাট আৰু বজৰঙ্গ পুনিয়াই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে সেই সময়তে সাক্ষী মালিকে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে৷তেওঁ কৈছে যে ব্ৰীজভূষণ সিঙৰ লোকে তেওঁক ফোন কৰি ভাবুকি দিছে।


সাক্ষী মালিকে আৰু কয় যে, "চৰকাৰে নতুন ফেডাৰেচনক নিলম্বন কৰাটো আমি আদৰণি জনাইছোঁ। ব্রীজ ভূষণে আমাক জুনিয়ৰ খেলুৱৈৰ ভৱিষ্যত নষ্ট কৰাৰ ভাবুকি দিছে, কিন্তু সেয়া কৰিব তেওঁ নোৱাৰে।"তদুপৰি মালিকে কয় যে, ‘নতুন ফেডাৰেচনৰ সৈতে আমাৰ কোনো সমস্যা নাই। মাত্ৰ এজন ব্যক্তি সঞ্জয় সিঙৰ উপস্থিতিৰ বাবেই সমস্যাৰ সৃষ্টি হৈছে। সঞ্জয় সিঙৰ অবিহনে নতুন ফেডাৰেচনৰ সৈতে বা আনকি এড-হক কমিটীৰ সৈতেও আমাৰ কোনো সমস্যা নাই।"


ইয়াৰোপৰি সাক্ষীয়ে অনতিপলমে জুনিয়ৰ শাখাৰ মল্লযুঁজাৰু প্ৰতিযোগিতা আয়োজন কৰিবলৈ তদৰ্থ সমিতিক অনুৰোধ জনায়। তেওঁ কয় যে, “আমাৰ বাবে জুনিয়ৰ মল্লযুঁজাৰুসকলে কষ্ট পোৱাটো মই নিবিচাৰো। এড-হক কমিটীয়ে ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ দিন ঘোষণা কৰিছে আৰু এতিয়া মই অনুৰোধ কৰিম যে ১৫ বছৰ অনুৰ্ধ, ১৭ বছৰ অনুৰ্ধ আৰু ২০ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ দিনো ঘোষণা কৰক।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু