--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত নিৰাপত্তাহীনতাত ভুগিছে দেশৰ পদকজয়ী মল্লযুঁজাৰু৷যিটো সময়ত এফালে দিল্লীৰ যন্তৰ মন্তৰত শতাধিক মল্লযুঁজাৰুৰ সৈতে সাক্ষী মালিক, ভিনেশ ফোগাট আৰু বজৰঙ্গ পুনিয়াই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে সেই সময়তে সাক্ষী মালিকে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে৷তেওঁ কৈছে যে ব্ৰীজভূষণ সিঙৰ লোকে তেওঁক ফোন কৰি ভাবুকি দিছে।


সাক্ষী মালিকে আৰু কয় যে, "চৰকাৰে নতুন ফেডাৰেচনক নিলম্বন কৰাটো আমি আদৰণি জনাইছোঁ। ব্রীজ ভূষণে আমাক জুনিয়ৰ খেলুৱৈৰ ভৱিষ্যত নষ্ট কৰাৰ ভাবুকি দিছে, কিন্তু সেয়া কৰিব তেওঁ নোৱাৰে।"তদুপৰি মালিকে কয় যে, ‘নতুন ফেডাৰেচনৰ সৈতে আমাৰ কোনো সমস্যা নাই। মাত্ৰ এজন ব্যক্তি সঞ্জয় সিঙৰ উপস্থিতিৰ বাবেই সমস্যাৰ সৃষ্টি হৈছে। সঞ্জয় সিঙৰ অবিহনে নতুন ফেডাৰেচনৰ সৈতে বা আনকি এড-হক কমিটীৰ সৈতেও আমাৰ কোনো সমস্যা নাই।"


ইয়াৰোপৰি সাক্ষীয়ে অনতিপলমে জুনিয়ৰ শাখাৰ মল্লযুঁজাৰু প্ৰতিযোগিতা আয়োজন কৰিবলৈ তদৰ্থ সমিতিক অনুৰোধ জনায়। তেওঁ কয় যে, “আমাৰ বাবে জুনিয়ৰ মল্লযুঁজাৰুসকলে কষ্ট পোৱাটো মই নিবিচাৰো। এড-হক কমিটীয়ে ছিনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ দিন ঘোষণা কৰিছে আৰু এতিয়া মই অনুৰোধ কৰিম যে ১৫ বছৰ অনুৰ্ধ, ১৭ বছৰ অনুৰ্ধ আৰু ২০ বছৰ অনুৰ্ধ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ দিনো ঘোষণা কৰক।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক