--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আইচিচিয়ে প্ৰকাশ কৰিছে টেষ্ট ক্ৰিকেটাৰৰ নতুন তালিকা। বেটছমেনৰ তালিকাত শীৰ্ষ স্থান হেৰুৱালে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বানে। এছেছ শৃংখলাৰ প্ৰথমখন টেষ্টত ইংলেণ্ড পৰাস্ত হোৱাৰ পাছতো বেটছমেনৰ তালিকাৰ শীৰ্ষত উঠিছে জো ৰুট। ৰোহিত শৰ্মাই নিজৰ স্থান অক্ষুণ্ণ ৰাখিলে যদিও বিৰাট কোহলীয়ে এখোজ পাছলে আহে৷

ভাৰতৰ বিৰুদ্ধে টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পিছত এছেছ শৃংখলাৰ প্ৰথমখন টেষ্টত লাবুশ্বানে ব্যৰ্থ হয়। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত শূন্য আৰু দ্বিতীয় ইনিংছত ১৩ ৰান সংগ্ৰহ কৰে। একেৰাহে দুখন মেচত ব্যৰ্থতাৰ বাবে টেষ্ট বেটছমেনৰ তালিকাত তিনি নম্বৰ স্থানত অৱনমিত হয়।

আনহাতে বাৰ্মিংহামত প্ৰথম ইনিংছত ১১৮ ৰানত অপৰাজিত হৈছিল ৰুটে। দ্বিতীয় ইনিংছত তেওঁ ৪৬ ৰান সংগ্ৰহ কৰে। এই সফলতাই তেওঁক শীৰ্ষলৈ লৈ গ’ল। দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছন। চাৰি নম্বৰলৈ এখোজ তললৈ নামি আহিছে ট্ৰেভিছ হেড।

এই তালিকাৰ পঞ্চম স্থান অক্ষুণ্ণ ৰাখিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে। ষ্টিভ স্মিথে চাৰিটা স্থান হ্ৰাস কৰি ষষ্ঠ স্থান লাভ কৰে। এছেছ শৃংখলাৰ প্ৰথমখন টেষ্টৰ দুটা ইনিংছত ত্ৰুটিহীনভাৱে বেটিং কৰা উছমান খোৱাজাই দুখোজ আৰোহণ কৰি সপ্তম স্থানত উপনীত হৈছে।

বেটছমেনৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত একমাত্ৰ ভাৰতীয় ঋষভ পন্ত। দশম স্থানত আছে। তেওঁৰ পিছতে ১২ নম্বৰত আছে ৰোহিত। কোহলীয়ে এখোজ তললৈ নামি ১৪ নম্বৰত উপনীত হয়। ২৫ নম্বৰত আছে চেতেশ্বৰ পূজাৰ। অজিংক ৰাহানে আৰু শ্ৰেয়াছ আয়াৰে ক্ৰমে ৩৬ আৰু ৩৭ ৰানলৈ আগবাঢ়িছে।

টেষ্ট বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন। দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ জেমছ এণ্ডাৰছন। তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডা। পেট কামিন্সে এটা স্থান হ্ৰাস কৰি চতুৰ্থ স্থানত উপনীত হয়। ইংলেণ্ডৰ অলি ৰবিনছন এখোজ আৰোহণ কৰি শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰিছে। শীৰ্ষ দহত আৰু দুজন ভাৰতীয়। যশপ্ৰীত বুমৰাহ অষ্টম আৰু ৰবীন্দ্ৰ জাদেজা নৱম স্থানত আছে।

টেষ্ট অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৰবীন্দ্ৰ জাডেজাই। দ্বিতীয় স্থানত আছে অশ্বিন। তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান ক্ৰমে ছাকিব আল হাছান, অক্ষৰ পেটেল আৰু বেন ষ্ট’কছ। ৰুটে এটা স্তৰ ওপৰলৈ উঠি অষ্টম স্থানলৈ আগবাঢ়িল। এটা স্থান হ্ৰাস পাই নৱম স্থানলৈ নামিছে মিচেল ষ্টাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ