--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আইচিচিয়ে প্ৰকাশ কৰিছে টেষ্ট ক্ৰিকেটাৰৰ নতুন তালিকা। বেটছমেনৰ তালিকাত শীৰ্ষ স্থান হেৰুৱালে অষ্ট্ৰেলিয়াৰ মাৰ্নাছ লাবুশ্বানে। এছেছ শৃংখলাৰ প্ৰথমখন টেষ্টত ইংলেণ্ড পৰাস্ত হোৱাৰ পাছতো বেটছমেনৰ তালিকাৰ শীৰ্ষত উঠিছে জো ৰুট। ৰোহিত শৰ্মাই নিজৰ স্থান অক্ষুণ্ণ ৰাখিলে যদিও বিৰাট কোহলীয়ে এখোজ পাছলে আহে৷

ভাৰতৰ বিৰুদ্ধে টেষ্ট বিশ্বকাপৰ ফাইনেলৰ পিছত এছেছ শৃংখলাৰ প্ৰথমখন টেষ্টত লাবুশ্বানে ব্যৰ্থ হয়। ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত শূন্য আৰু দ্বিতীয় ইনিংছত ১৩ ৰান সংগ্ৰহ কৰে। একেৰাহে দুখন মেচত ব্যৰ্থতাৰ বাবে টেষ্ট বেটছমেনৰ তালিকাত তিনি নম্বৰ স্থানত অৱনমিত হয়।

আনহাতে বাৰ্মিংহামত প্ৰথম ইনিংছত ১১৮ ৰানত অপৰাজিত হৈছিল ৰুটে। দ্বিতীয় ইনিংছত তেওঁ ৪৬ ৰান সংগ্ৰহ কৰে। এই সফলতাই তেওঁক শীৰ্ষলৈ লৈ গ’ল। দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ কেন উইলিয়ামছন। চাৰি নম্বৰলৈ এখোজ তললৈ নামি আহিছে ট্ৰেভিছ হেড।

এই তালিকাৰ পঞ্চম স্থান অক্ষুণ্ণ ৰাখিছে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে। ষ্টিভ স্মিথে চাৰিটা স্থান হ্ৰাস কৰি ষষ্ঠ স্থান লাভ কৰে। এছেছ শৃংখলাৰ প্ৰথমখন টেষ্টৰ দুটা ইনিংছত ত্ৰুটিহীনভাৱে বেটিং কৰা উছমান খোৱাজাই দুখোজ আৰোহণ কৰি সপ্তম স্থানত উপনীত হৈছে।

বেটছমেনৰ তালিকাত শীৰ্ষ ১০ ৰ ভিতৰত একমাত্ৰ ভাৰতীয় ঋষভ পন্ত। দশম স্থানত আছে। তেওঁৰ পিছতে ১২ নম্বৰত আছে ৰোহিত। কোহলীয়ে এখোজ তললৈ নামি ১৪ নম্বৰত উপনীত হয়। ২৫ নম্বৰত আছে চেতেশ্বৰ পূজাৰ। অজিংক ৰাহানে আৰু শ্ৰেয়াছ আয়াৰে ক্ৰমে ৩৬ আৰু ৩৭ ৰানলৈ আগবাঢ়িছে।

টেষ্ট বলাৰৰ তালিকাত শীৰ্ষ স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন। দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ জেমছ এণ্ডাৰছন। তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ কাগিছ’ ৰাবাডা। পেট কামিন্সে এটা স্থান হ্ৰাস কৰি চতুৰ্থ স্থানত উপনীত হয়। ইংলেণ্ডৰ অলি ৰবিনছন এখোজ আৰোহণ কৰি শীৰ্ষ পাঁচটা স্থানত স্থান লাভ কৰিছে। শীৰ্ষ দহত আৰু দুজন ভাৰতীয়। যশপ্ৰীত বুমৰাহ অষ্টম আৰু ৰবীন্দ্ৰ জাদেজা নৱম স্থানত আছে।

টেষ্ট অলৰাউণ্ডাৰৰ তালিকাত শীৰ্ষ স্থান দখল কৰিছে ৰবীন্দ্ৰ জাডেজাই। দ্বিতীয় স্থানত আছে অশ্বিন। তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থান ক্ৰমে ছাকিব আল হাছান, অক্ষৰ পেটেল আৰু বেন ষ্ট’কছ। ৰুটে এটা স্তৰ ওপৰলৈ উঠি অষ্টম স্থানলৈ আগবাঢ়িল। এটা স্থান হ্ৰাস পাই নৱম স্থানলৈ নামিছে মিচেল ষ্টাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী! অগাপিছাকৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, শোকস্তব্ধ গাঁওবাসী
ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ
কচুৱাৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন ; ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান