--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিলেখ বনোৱাটো তেওঁৰ বাবে দৈনন্দিন পৰিঘটনা। এইবাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে বিশ্বৰ প্ৰথম পুৰুষ ফুটবলাৰ হিচাপে ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিলে। মেচখনত তেওঁ গ’লো দিয়ে৷

মঙলবাৰে পৰ্তুগালে আইচলেণ্ডৰ বিৰুদ্ধে খেলে। ইউৰো কাপৰ কোৱালিফাইং মেচখনত পৰ্তুগালে ১-০ গ’লত জয়লাভ কৰে। ফলস্বৰূপে ইউৰো কাপৰ মূল মঞ্চত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰে পৰ্তুগালে।

উল্লেখ্য যে ২০০৩ চনত পৰ্তুগালৰ হৈ ৰোনাল্ডোৱে অভিষেক ঘটায়। ২০ বছৰ ধৰি দেশৰ হৈ খেলি আহিছে তেওঁ। ৰোনাল্ডোৱে কয়, ‘মই বহুত সুখী। মই ভবা নাছিলো যে মই ২০০ খন মেচ খেলিম। এক অবিশ্বাস্য সফলতা। বিজয়ী গ’লটো দি মই আৰু বেছি সুখী হৈছো।”

৮৯ মিনিটত ৰোনাল্ডোৱে গ’ল দিয়ে।  পৰ্তুগালৰ হৈ তেওঁৰ ১২৩ সংখ্যক গ’ল আছিল। আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক গ’ল দিয়াৰ অভিলেখো তেওঁৰ হাতত আছে।

২০০ সংখ্যক মেচ খেলাৰ পূৰ্বে ৰোনাল্ডোক গিনিজ বুকৰ অভিলেখ অৰ্পণ কৰা হৈছিল। ৰোনাল্ডোৱে কয়- ‘‘২০০ সংখ্যক মেচখনে প্ৰমাণ কৰে যে মই মোৰ দেশক কিমান ভাল পাওঁ। এই মাইলৰ খুঁটিটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। কোনো পুৰুষ ফুটবলাৰৰ হাতত ২০০খন খেল খেলাৰ অভিলেখ নাই। মই এনেকুৱা কিবা এটা কৰিব পাৰিম বুলি ভবা নাছিলো। গতিকে মই বৰ সুখী। মই আৰু অভিলেখ ভংগ কৰিব বিচাৰো।”

এগৰাকী মহিলাই খেলা বেছিভাগ আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিলেখ ক্ৰীষ্টিন লিলিৰ হাতত আছে। তেওঁ আমেৰিকাৰ হৈ ৩৫৪খন মেচ খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ