--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অভিলেখ বনোৱাটো তেওঁৰ বাবে দৈনন্দিন পৰিঘটনা। এইবাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে বিশ্বৰ প্ৰথম পুৰুষ ফুটবলাৰ হিচাপে ২০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ খেলিলে। মেচখনত তেওঁ গ’লো দিয়ে৷

মঙলবাৰে পৰ্তুগালে আইচলেণ্ডৰ বিৰুদ্ধে খেলে। ইউৰো কাপৰ কোৱালিফাইং মেচখনত পৰ্তুগালে ১-০ গ’লত জয়লাভ কৰে। ফলস্বৰূপে ইউৰো কাপৰ মূল মঞ্চত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰে পৰ্তুগালে।

উল্লেখ্য যে ২০০৩ চনত পৰ্তুগালৰ হৈ ৰোনাল্ডোৱে অভিষেক ঘটায়। ২০ বছৰ ধৰি দেশৰ হৈ খেলি আহিছে তেওঁ। ৰোনাল্ডোৱে কয়, ‘মই বহুত সুখী। মই ভবা নাছিলো যে মই ২০০ খন মেচ খেলিম। এক অবিশ্বাস্য সফলতা। বিজয়ী গ’লটো দি মই আৰু বেছি সুখী হৈছো।”

৮৯ মিনিটত ৰোনাল্ডোৱে গ’ল দিয়ে।  পৰ্তুগালৰ হৈ তেওঁৰ ১২৩ সংখ্যক গ’ল আছিল। আন্তঃৰাষ্ট্ৰীয় ফুটবলত সৰ্বাধিক গ’ল দিয়াৰ অভিলেখো তেওঁৰ হাতত আছে।

২০০ সংখ্যক মেচ খেলাৰ পূৰ্বে ৰোনাল্ডোক গিনিজ বুকৰ অভিলেখ অৰ্পণ কৰা হৈছিল। ৰোনাল্ডোৱে কয়- ‘‘২০০ সংখ্যক মেচখনে প্ৰমাণ কৰে যে মই মোৰ দেশক কিমান ভাল পাওঁ। এই মাইলৰ খুঁটিটো মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। কোনো পুৰুষ ফুটবলাৰৰ হাতত ২০০খন খেল খেলাৰ অভিলেখ নাই। মই এনেকুৱা কিবা এটা কৰিব পাৰিম বুলি ভবা নাছিলো। গতিকে মই বৰ সুখী। মই আৰু অভিলেখ ভংগ কৰিব বিচাৰো।”

এগৰাকী মহিলাই খেলা বেছিভাগ আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিলেখ ক্ৰীষ্টিন লিলিৰ হাতত আছে। তেওঁ আমেৰিকাৰ হৈ ৩৫৪খন মেচ খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেৰগাঁৱৰ এটা পৰিয়ালৰ হৃদয়বিদাৰক কাহিনী! অগাপিছাকৈ মৃত্যুমুখত পৰিল তিনিগৰাকী, শোকস্তব্ধ গাঁওবাসী
ডিব্ৰুগড় লোহাৰপট্টীত অবৈধভাৱে নিৰ্মিত পঞ্চ মহলা বিল্ডিঙত পৌৰ নিগমৰ হাতোৰা
গ্ৰহসমূহৰ সেনাপতি মংগল গ্ৰহে ৭ ডিচেম্বৰত ধনু ৰাশিত প্ৰৱেশ কৰিব; এই ৩ ৰাশিৰ লোক ৪০ দিনলৈ সাৱধান হ’ব লাগিব
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক
বৰপেটাৰোডত ধাৰাবাহিক চুৰিকাণ্ডৰে আতংকৰ সৃষ্টি কৰা চোৰ গ্ৰেপ্তাৰ
কচুৱাৰ লুটুমাৰী বনাঞ্চলত সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু প্ৰশাসন ; ৫৯৬২ বিঘা মাটিত হ'ব এই উচ্ছেদ অভিযান