--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ নেইমাৰ পিতৃ হৈছে। প্ৰেয়সী মডেল ব্ৰুনা বিয়ানকাৰ্ডিৰ এটি কন্যাসন্তানৰ জন্ম হয়। অৱশ্যে কন্যা জন্মৰ দুমাহৰ ভিতৰতে ফুটবল তাৰকাগৰাকীয়ে প্ৰেমিকা ব্ৰুনাৰ সৈতে বিচ্ছেদ ঘটায়।

২৯ বছৰীয়া ব্ৰুনাই যোৱা বুধবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। তেওঁ বিচ্ছেদক ​​‘ব্যক্তিগত বিষয়’ বুলিও অভিহিত কৰে।

ব্ৰুনাই লিখিছে, “প্ৰতিদিনে আমি বাতৰিৰ শিৰোনামত আছো। আমাৰ সম্পৰ্কক লৈ বহু জল্পনা-কল্পনা আৰু ধেমালি চলি আছে। কিন্তু আমি আৰু সম্পৰ্কত নাই।''

তেওঁ আৰু কয়, “আমি আমাৰ ছোৱালী মাভিৰ পিতৃ-মাতৃ হ’ম। আৰু সেই সূত্ৰত আমাৰ সম্পৰ্ক থাকিব লাগিব। কিন্তু সেয়া প্ৰেম নহয়। আশা কৰোঁ আমি বেছিকৈ বাতৰিৰ শিৰোনামত নাথাকো। ধন্যবাদ।''

অৱশ্যে ফুচফুচনি শুনা যায় যে কেৱল ব্ৰুনাৰ বিচ্ছেদ হোৱাই নহয়, নেইমাৰৰ জীৱনলৈও আহিছে এক নতুন প্ৰেম। নেইমাৰৰ নতুন প্ৰেমিকা এলেন ফাৰিয়া। এগৰাকী অনলাইন মডেল। ইনষ্টাগ্ৰামত এলাইনৰ এক লাখৰো অধিক ফ’ল’ৱাৰ আছে। নিয়মিতভাৱে তেওঁ নিজৰ বিভিন্ন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।

এলেনে দাবী কৰে যে শেহতীয়াকৈ নেইমাৰে তেওঁক মেছেজ কৰিছিল। এলেনে লগতে দাবী কৰে যে নেইমাৰে তেওঁক দিয়া বাৰ্তাবোৰ ফ্লাৰ্টী শব্দৰে ভৰি আছিল।

বহুতে ভাবে যে এলেইনৰ বাবেই নেইমাৰ-ব্ৰুনাৰৰ জীৱনত সংঘাত আহিছে। নেইমাৰক সুখী কৰিবলৈ ব্ৰুনাই নেইমাৰৰ জীৱনৰ পৰা আঁতৰি গৈছে।

নেইমাৰ আৰু ব্ৰুনাৰে ​​বিচ্ছেদৰ কথা ঘোষণা কৰাৰ পিছত এলেনে ফুটবল তাৰকাগৰাকীৰ সৈতে বাৰ্তা বিনিময় কৰা ছবি প্ৰকাশ কৰে। সেই কথা-বতৰাৰ স্ক্ৰীণশ্বটও তেওঁ প্ৰকাশ কৰিছিল।

তাত দেখা যায়, এটা মেছেজত নেইমাৰে সুধিলে, "আপোনাৰ  কিবা নগ্ন ছবি আছে নেকি? ক'ত আছে? মই চাব বিচাৰো।'' ইয়াৰ পিছত এলেনে নেইমাৰলৈ লিংক প্ৰেৰণ কৰে। তেওঁ লগতে ক'লে, "ছৱিখনৰ বিষয়ে আপোনাৰ মতামত মই জানিব লাগিব।"

লিক হোৱা স্ক্ৰীণশ্বট অনুসৰি তাৰ পিছত নেইমাৰে কয় যে তেওঁ ছবিসমূহ দেখা পোৱা নাই! ইয়াৰ উত্তৰত ফাৰিয়াছে লিখিছে, "মোৰ নগ্নতা চাবলৈ চাইন ইন কৰিব লাগিব বেবী! তলত আৰু ছবি আছে। মই শুবলৈ ওলাইছো। আপুনি নিজৰ যত্ন লওক। শুভৰাত্রি।’’

অৱশ্যে টি এম জেডৰ ৱেবছাইট অনুসৰি নেইমাৰে এলেইনলৈ এই বাৰ্তা প্ৰেৰণ কৰা বুলি অস্বীকাৰ কৰিছে। তেওঁ কয় যে এই বাৰ্তাসমূহ তেওঁ ‘বহু বছৰ’ পূৰ্বে প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক