--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সমুদ্ৰ মন্থন কৰি লতাজী গ’লগৈ। যাদুকৰী কন্ঠ, আকৰ্ষণীয় ব্যক্তিত্ব আৰু মহানুভৱতাৰে মানুহৰ মন মাজুলীত ঘৰ সজা ‘মেলডী অৱ কুইন’ আৰু নাই। কোকিলকন্ঠী শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান তেওঁৰ গুণমুগ্ধ। বিভিন্নজনে তেওঁৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত আৰু আন্তৰিক সান্নিধ্যৰ কথা সুঁৱৰিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক বাৰ্তা। আইচিউৰ ভিতৰত কি হৈছিল? ‌চিকিত্‍সকেৰে কি কথা পাতিছিল লতাজীয়ে। লতা মংগেশকাৰে তেওঁৰ মৃত্যুৰ আগৰ কেইটামান মুহূৰ্তত প্ৰকৃততে কি ভাবিছিল? জীৱনজুৰি লাভ কৰা প্ৰাপ্তি আৰু অনিৰ্বচনীয় সাফল্যক লৈ সন্তুষ্ট আছিল নে লতাজী? নে অন্তিম মুহূৰ্তত জীৱনকালত নোপোৱাৰ দুখ-বেদনাই আগুৰি ধৰিছিল সুৰ সম্ৰাজ্ঞীক? এই প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ ‘নাইটিংগেল অৱ ইণ্ডিয়া’ কায়িকভাৱে আমাৰ মাজত নাই। কিন্তু লতাজীৰ জীৱনৰ শেষ মুহূৰ্ত কেনেকোৱা আছিল? মুম্বাইৰ চিকিৎসালয়ৰ চিকিৎসক প্ৰতীত সমদানীয়ে এই কথা সদৰী কৰিছে। মুম্বাইৰ ব্ৰীচ কেণ্ডী চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হোৱাৰ পাছৰে পৰা লতা মংগেশকাৰৰ চিকিৎসাৰ দায়িত্বত আছিল প্ৰতীত সমদানী। কিংবদন্তী শিল্পীগৰাকীক অলপ সময়ৰ বাবে হ’লেও অন্তিম মুহূৰ্তৰ সাক্ষী হ’ব পৰাটো জীৱনৰ এক স্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰিছে চিকিত্‍সকগৰাকীয়ে। প্ৰতীতে কয়, ‘জীৱনৰ শেষ মুহূৰ্তত লতাজীৰ মুখত হাঁহি বিৰিঙি উঠিছিল। তেওঁৰ এই হাঁহিটো চিৰদিন মোৰ মনত থাকিব।’ স্মৰ্তব্য যে, বিগত কেইবছৰমানৰ পৰা নানা বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল প্ৰবীণ শিল্পীগৰাকীয়ে। ৩বছৰ ধৰি লতাজীৰ চিকিৎসাৰ দায়িত্বত আছিল প্ৰতীত। প্ৰতীতে কয়, ‘শাৰীৰিক অসুস্থতাৰ বাবে লতাই আগৰ দৰে সকলোকে লগ কৰিব পৰা নাছিল। তেওঁ খুব কম কথা কৈছিল। নিজৰ অসুস্থতাৰ পাছতো কিন্তু সকলোৰে বাবে চিন্তা কৰিছিল তেওঁ। মহান হৈয়ো বৰ সহজ-সৰল আছিল লতাজী। সদায়ে মুখত হাঁহি, মিঠা মাত, সৌহাৰ্দপূৰ্ণ ব্যৱহাৰ। তেওঁক যেতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁ বাৰে বাৰে সাধাৰণ মানুহৰ কথাকে কৈছিল। সকলোকে সমান চিকিত্‍সা প্ৰদানৰ কথা কৈছিল।’ প্রতীতৰ আবদাৰৰৰ বাবেই লতাৰে সাক্ষাত্‍ হৈছিল তেওঁৰ ৮বছৰীয়া কন্যাৰ। সৰু ছোৱালীজনীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে প্ৰথিতযশা শিল্পীজনৰ সৈতে। আনকি লতাৰ অসুস্থ অৱস্থা থকা সময়তো ভিডিঅ' কলযোগে কথা পাতিছিল প্ৰতীতৰ কন্যাই। ৮ বছৰীয়া ছোৱালীজনীয়ে কিংবদন্তি শিল্পীগৰাকীলৈ লিখিছিল চিঠি। মন কৰিবলগীয়া যে, ৮জানুৱাৰীত কোকিলকন্ঠীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিউম’নিয়াৰ সংক্ৰমণ আৰু অন্যান্য বাৰ্ধক্যজনিত জটিলতাৰ বাবে যশস্বী শিল্পীগৰাকীক ৰখা হৈছিল আইচিইউত। ৩ সপ্তাহৰ যুঁজৰ অন্তত অৱশেষত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে সুৰ কোকিলাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু