--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰৰ সমুদ্ৰ মন্থন কৰি লতাজী গ’লগৈ। যাদুকৰী কন্ঠ, আকৰ্ষণীয় ব্যক্তিত্ব আৰু মহানুভৱতাৰে মানুহৰ মন মাজুলীত ঘৰ সজা ‘মেলডী অৱ কুইন’ আৰু নাই। কোকিলকন্ঠী শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান তেওঁৰ গুণমুগ্ধ। বিভিন্নজনে তেওঁৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্ত আৰু আন্তৰিক সান্নিধ্যৰ কথা সুঁৱৰিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক বাৰ্তা। আইচিউৰ ভিতৰত কি হৈছিল? ‌চিকিত্‍সকেৰে কি কথা পাতিছিল লতাজীয়ে। লতা মংগেশকাৰে তেওঁৰ মৃত্যুৰ আগৰ কেইটামান মুহূৰ্তত প্ৰকৃততে কি ভাবিছিল? জীৱনজুৰি লাভ কৰা প্ৰাপ্তি আৰু অনিৰ্বচনীয় সাফল্যক লৈ সন্তুষ্ট আছিল নে লতাজী? নে অন্তিম মুহূৰ্তত জীৱনকালত নোপোৱাৰ দুখ-বেদনাই আগুৰি ধৰিছিল সুৰ সম্ৰাজ্ঞীক? এই প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ ‘নাইটিংগেল অৱ ইণ্ডিয়া’ কায়িকভাৱে আমাৰ মাজত নাই। কিন্তু লতাজীৰ জীৱনৰ শেষ মুহূৰ্ত কেনেকোৱা আছিল? মুম্বাইৰ চিকিৎসালয়ৰ চিকিৎসক প্ৰতীত সমদানীয়ে এই কথা সদৰী কৰিছে। মুম্বাইৰ ব্ৰীচ কেণ্ডী চিকিৎসালয়ৰ আইচিইউত ভৰ্তি হোৱাৰ পাছৰে পৰা লতা মংগেশকাৰৰ চিকিৎসাৰ দায়িত্বত আছিল প্ৰতীত সমদানী। কিংবদন্তী শিল্পীগৰাকীক অলপ সময়ৰ বাবে হ’লেও অন্তিম মুহূৰ্তৰ সাক্ষী হ’ব পৰাটো জীৱনৰ এক স্মৰণীয় মুহূৰ্ত বুলি অভিহিত কৰিছে চিকিত্‍সকগৰাকীয়ে। প্ৰতীতে কয়, ‘জীৱনৰ শেষ মুহূৰ্তত লতাজীৰ মুখত হাঁহি বিৰিঙি উঠিছিল। তেওঁৰ এই হাঁহিটো চিৰদিন মোৰ মনত থাকিব।’ স্মৰ্তব্য যে, বিগত কেইবছৰমানৰ পৰা নানা বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল প্ৰবীণ শিল্পীগৰাকীয়ে। ৩বছৰ ধৰি লতাজীৰ চিকিৎসাৰ দায়িত্বত আছিল প্ৰতীত। প্ৰতীতে কয়, ‘শাৰীৰিক অসুস্থতাৰ বাবে লতাই আগৰ দৰে সকলোকে লগ কৰিব পৰা নাছিল। তেওঁ খুব কম কথা কৈছিল। নিজৰ অসুস্থতাৰ পাছতো কিন্তু সকলোৰে বাবে চিন্তা কৰিছিল তেওঁ। মহান হৈয়ো বৰ সহজ-সৰল আছিল লতাজী। সদায়ে মুখত হাঁহি, মিঠা মাত, সৌহাৰ্দপূৰ্ণ ব্যৱহাৰ। তেওঁক যেতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেওঁ বাৰে বাৰে সাধাৰণ মানুহৰ কথাকে কৈছিল। সকলোকে সমান চিকিত্‍সা প্ৰদানৰ কথা কৈছিল।’ প্রতীতৰ আবদাৰৰৰ বাবেই লতাৰে সাক্ষাত্‍ হৈছিল তেওঁৰ ৮বছৰীয়া কন্যাৰ। সৰু ছোৱালীজনীৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ় লৈ উঠে প্ৰথিতযশা শিল্পীজনৰ সৈতে। আনকি লতাৰ অসুস্থ অৱস্থা থকা সময়তো ভিডিঅ' কলযোগে কথা পাতিছিল প্ৰতীতৰ কন্যাই। ৮ বছৰীয়া ছোৱালীজনীয়ে কিংবদন্তি শিল্পীগৰাকীলৈ লিখিছিল চিঠি। মন কৰিবলগীয়া যে, ৮জানুৱাৰীত কোকিলকন্ঠীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। নিউম’নিয়াৰ সংক্ৰমণ আৰু অন্যান্য বাৰ্ধক্যজনিত জটিলতাৰ বাবে যশস্বী শিল্পীগৰাকীক ৰখা হৈছিল আইচিইউত। ৩ সপ্তাহৰ যুঁজৰ অন্তত অৱশেষত দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে সুৰ কোকিলাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান