--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ 'ভাইজান' তেওঁ। ছলমানৰ ছবিৰ প্ৰথম প্ৰদৰ্শনীতে হাত চাপৰিৰ বন্যা বয়। ৰূপালী পৰ্দাৰ নৃত্য দেখি দৰ্শকৰ মাজৰ পৰা ভাহি আহে উছাহৰ সুঁহুৰি। কিন্তু সেই একেজন ছলমানে এসময়ত নাচিবলৈ কৰিছিল ভয়। অলপতে এই কথা সদৰী কৰিছে তেওঁৰে এসময়ৰ এগৰাকী নায়িকাই। শেহতীয়াকৈ, এটা ৰিয়েলিটি শ্ব’ৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ৯০ৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী আইশা জুলকা তথা মধুই। আয়োজক আদিত্য নাৰায়ণে তেওঁলোকক লৈ অতীতৰ নানা কথাৰ আলোচনা কৰিছিল। সেই অনুষ্ঠানটোতে আওতালৈ আহে ছলমানৰ প্ৰসংগ। আয়েশাই কয়, ‘ এতিয়া যিগৰাকী অভিনেতাৰ নৃত্যত আত্মহাৰা সহস্ৰ অনুৰাগী। সেইগৰাকী অভিনেতাই ৯০ৰ দশকত নৃত্যৰ দৃশ্য এৰাই চলিব বিচাৰিছিল।’ আয়েশাই বৰ্তমানৰ 'চুলবুল পাণ্ডে' দেখি আচৰিত হোৱা বুলিও কয়। স্মৰ্তব্য যে, আয়েশাৰ প্ৰথম ছবি 'কুৰবান'ত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে। অভিনেতাজনে তাতো নাচিব বিচৰা নাছিল নেকি? এই প্ৰসংগত আয়েশাই কয়, ‘ মোৰ এতিয়াও মনত আছে ছলমানে নাচিবলৈ খুব ভয় কৰিছিল। ছবিখনৰ এটা গীতৰ দৃশ্যটোত তেওঁ যাতে সহজে খোজকাঢ়িব পাৰে আৰু বেছিভাগ নৃত্যৰ ষ্টেপ কেৱল মোৰ বাবেহে থাকে সেইবুলি পোনপটীয়াকৈ ক’ৰিঅ'গ্ৰাফাৰক অনুৰোধ কৰিছিল।’ সেইবাবে এতিয়াৰ ছলমানৰ নৃত্যই ৯০ ৰ দশকৰ 'জো জিতা ৱহী ছিকন্দৰ', 'খিলাড়ী'ৰ দৰে হিট ছবিৰ নায়িকাক ইমান বিমুগ্ধ কৰে। আয়েশাই হাঁহি হাঁহি কয়, ‘ছলমানৰ এতিয়াৰ নৃত্য দেখিলে এনে ভাৱ হয় যেন তেওঁ তেতিয়া ভাওহে জুৰিছিল।’ আয়েশাৰ কথাই এতিয়া অনুৰাগীৰ মাজতো বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু