--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ 'ভাইজান' তেওঁ। ছলমানৰ ছবিৰ প্ৰথম প্ৰদৰ্শনীতে হাত চাপৰিৰ বন্যা বয়। ৰূপালী পৰ্দাৰ নৃত্য দেখি দৰ্শকৰ মাজৰ পৰা ভাহি আহে উছাহৰ সুঁহুৰি। কিন্তু সেই একেজন ছলমানে এসময়ত নাচিবলৈ কৰিছিল ভয়। অলপতে এই কথা সদৰী কৰিছে তেওঁৰে এসময়ৰ এগৰাকী নায়িকাই। শেহতীয়াকৈ, এটা ৰিয়েলিটি শ্ব’ৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছিল ৯০ৰ দশকৰ জনপ্ৰিয় অভিনেত্ৰী আইশা জুলকা তথা মধুই। আয়োজক আদিত্য নাৰায়ণে তেওঁলোকক লৈ অতীতৰ নানা কথাৰ আলোচনা কৰিছিল। সেই অনুষ্ঠানটোতে আওতালৈ আহে ছলমানৰ প্ৰসংগ। আয়েশাই কয়, ‘ এতিয়া যিগৰাকী অভিনেতাৰ নৃত্যত আত্মহাৰা সহস্ৰ অনুৰাগী। সেইগৰাকী অভিনেতাই ৯০ৰ দশকত নৃত্যৰ দৃশ্য এৰাই চলিব বিচাৰিছিল।’ আয়েশাই বৰ্তমানৰ 'চুলবুল পাণ্ডে' দেখি আচৰিত হোৱা বুলিও কয়। স্মৰ্তব্য যে, আয়েশাৰ প্ৰথম ছবি 'কুৰবান'ত নায়কৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমান খানে। অভিনেতাজনে তাতো নাচিব বিচৰা নাছিল নেকি? এই প্ৰসংগত আয়েশাই কয়, ‘ মোৰ এতিয়াও মনত আছে ছলমানে নাচিবলৈ খুব ভয় কৰিছিল। ছবিখনৰ এটা গীতৰ দৃশ্যটোত তেওঁ যাতে সহজে খোজকাঢ়িব পাৰে আৰু বেছিভাগ নৃত্যৰ ষ্টেপ কেৱল মোৰ বাবেহে থাকে সেইবুলি পোনপটীয়াকৈ ক’ৰিঅ'গ্ৰাফাৰক অনুৰোধ কৰিছিল।’ সেইবাবে এতিয়াৰ ছলমানৰ নৃত্যই ৯০ ৰ দশকৰ 'জো জিতা ৱহী ছিকন্দৰ', 'খিলাড়ী'ৰ দৰে হিট ছবিৰ নায়িকাক ইমান বিমুগ্ধ কৰে। আয়েশাই হাঁহি হাঁহি কয়, ‘ছলমানৰ এতিয়াৰ নৃত্য দেখিলে এনে ভাৱ হয় যেন তেওঁ তেতিয়া ভাওহে জুৰিছিল।’ আয়েশাৰ কথাই এতিয়া অনুৰাগীৰ মাজতো বিশেষ চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু