--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী বলীউডৰ অন্যতম সফল অভিনেতা। নৱাজুদ্দিনৰ প্ৰায় প্ৰতিখন চিনেমাই হিট আৰু ছুপাৰহিট হিচাপে বিবেচিত হৈছে, সেয়েহে দিনকদিনে জনপ্ৰিয় হৈ গৈ আছে নৱাজুদ্দিন ছিদ্দিকী। এইকেইদিন নৱাজুদ্দিন ছিদ্দিকী লাইমলাইটত আছে কিন্তু ইয়াৰ কাৰণ চিনেমা নহয়। নতুনকৈ কিনা ঘৰটোৰ বাবেহে চৰ্চিত হৈ পৰিছে অভিনেতাজন। মুম্বাইত কেইবা কোটিটকীয়া এটা বিলাসী এপাৰ্টমেণ্টৰ গৰাকী হ'ল নৱাজুদ্দিন। যি ঘৰে সকলোকে আকৰ্ষণ কৰিছে। নৱাজুদ্দিনে তেওঁৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিছে।এটা সময় আছিল যেতিয়া নৱাজুদ্দিনৰ আৰ্থিক অৱস্থা অতি বেয়া আছিল কিন্তু তেওঁ কঠোৰ পৰিশ্ৰম কৰা বন্ধ কৰা নাছিল আৰু আজিৰ সময়ত তেওঁৰ ধনৰ কোনো অভাৱ নাই। নৱাজুদ্দিন ছিদ্দিকীৰ এই বিলাসী ঘৰত শেহতীয়াকৈ দেখা গৈছিল বলীউডৰ বিখ্যাত অভিনেত্ৰী কংগনা ৰাণাৱটক। নৱাজুদ্দিনৰ নতুন ঘৰত এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল য'ত কংগনা ৰাণাৱট উপস্থিত আছিল। নৱাজুদ্দিনৰ ঘৰত কংগনা উপস্থিত থকাৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোবোৰত বগা শাৰী পৰিহিতা কংগনাক খুব সুন্দৰ দেখা গৈছে। নৱাজুদ্দিনে কেৱল কংগনাকে কিয় মাতিলে তেওঁৰ নতুন ঘৰলৈ? নৱাজুদ্দিন ছিদ্দিকীয়ে কংগনাক পাৰ্টিলৈ নিমন্ত্ৰণ জনাইছিল কাৰণ অভিনেতাজনৰ নতুন আহিবলগীয়া ছবি 'টিংকু ৱেডছ শ্বেৰু'ৰ প্ৰযোজক হৈছে কংগনা ৰাণাৱট। ইয়াৰ উপৰিও নৱাজে ছবিখনৰ নায়িকা অৱনীতকো পাৰ্টিলৈ মাতিছিল। নৱাজুদ্দিনৰ এই নতুন ঘৰটোৰ নাম নৱাব। দেউতাকৰ নামেৰে নিজৰ সপোনৰ ঘৰটোৰ নাম ৰাখিছে নৱাজুদ্দিনে। নৱাজুদ্দিনৰ নতুন বিলাসী ঘৰ 'নৱাব'ৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে এই ঘৰ দেখি বহুত সুখী হৈছে।এই ঘৰটো নিৰ্মাণ কৰিবলৈ তিনি বছৰ সময়ৰ প্ৰয়োজন হ'ল। মানুহে তেওঁৰ সংগ্ৰাম দেখিছে, শুনিছে, সেয়েহে তেওঁক আজি এই স্থানত উপনীত হোৱা দেখি, নৱাজৰ প্ৰতি জনসাধাৰণৰ সন্মান আৰু অধিক বৃদ্ধি পাইছে। আৰু পঢ়কঃ চৰাইৰ প্ৰতি স্নেহ! এতিয়ালৈকে ২.৫ লাখতকৈও অধিক বাহ নিৰ্মাণ এইজন লোকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ