--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৱাজুদ্দিন ছিদ্দিকী বলীউডৰ অন্যতম সফল অভিনেতা। নৱাজুদ্দিনৰ প্ৰায় প্ৰতিখন চিনেমাই হিট আৰু ছুপাৰহিট হিচাপে বিবেচিত হৈছে, সেয়েহে দিনকদিনে জনপ্ৰিয় হৈ গৈ আছে নৱাজুদ্দিন ছিদ্দিকী। এইকেইদিন নৱাজুদ্দিন ছিদ্দিকী লাইমলাইটত আছে কিন্তু ইয়াৰ কাৰণ চিনেমা নহয়। নতুনকৈ কিনা ঘৰটোৰ বাবেহে চৰ্চিত হৈ পৰিছে অভিনেতাজন। মুম্বাইত কেইবা কোটিটকীয়া এটা বিলাসী এপাৰ্টমেণ্টৰ গৰাকী হ'ল নৱাজুদ্দিন। যি ঘৰে সকলোকে আকৰ্ষণ কৰিছে। নৱাজুদ্দিনে তেওঁৰ জীৱনত যথেষ্ট সংগ্ৰাম কৰিছে।এটা সময় আছিল যেতিয়া নৱাজুদ্দিনৰ আৰ্থিক অৱস্থা অতি বেয়া আছিল কিন্তু তেওঁ কঠোৰ পৰিশ্ৰম কৰা বন্ধ কৰা নাছিল আৰু আজিৰ সময়ত তেওঁৰ ধনৰ কোনো অভাৱ নাই। নৱাজুদ্দিন ছিদ্দিকীৰ এই বিলাসী ঘৰত শেহতীয়াকৈ দেখা গৈছিল বলীউডৰ বিখ্যাত অভিনেত্ৰী কংগনা ৰাণাৱটক। নৱাজুদ্দিনৰ নতুন ঘৰত এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল য'ত কংগনা ৰাণাৱট উপস্থিত আছিল। নৱাজুদ্দিনৰ ঘৰত কংগনা উপস্থিত থকাৰ ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফটোবোৰত বগা শাৰী পৰিহিতা কংগনাক খুব সুন্দৰ দেখা গৈছে। নৱাজুদ্দিনে কেৱল কংগনাকে কিয় মাতিলে তেওঁৰ নতুন ঘৰলৈ? নৱাজুদ্দিন ছিদ্দিকীয়ে কংগনাক পাৰ্টিলৈ নিমন্ত্ৰণ জনাইছিল কাৰণ অভিনেতাজনৰ নতুন আহিবলগীয়া ছবি 'টিংকু ৱেডছ শ্বেৰু'ৰ প্ৰযোজক হৈছে কংগনা ৰাণাৱট। ইয়াৰ উপৰিও নৱাজে ছবিখনৰ নায়িকা অৱনীতকো পাৰ্টিলৈ মাতিছিল। নৱাজুদ্দিনৰ এই নতুন ঘৰটোৰ নাম নৱাব। দেউতাকৰ নামেৰে নিজৰ সপোনৰ ঘৰটোৰ নাম ৰাখিছে নৱাজুদ্দিনে। নৱাজুদ্দিনৰ নতুন বিলাসী ঘৰ 'নৱাব'ৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে এই ঘৰ দেখি বহুত সুখী হৈছে।এই ঘৰটো নিৰ্মাণ কৰিবলৈ তিনি বছৰ সময়ৰ প্ৰয়োজন হ'ল। মানুহে তেওঁৰ সংগ্ৰাম দেখিছে, শুনিছে, সেয়েহে তেওঁক আজি এই স্থানত উপনীত হোৱা দেখি, নৱাজৰ প্ৰতি জনসাধাৰণৰ সন্মান আৰু অধিক বৃদ্ধি পাইছে। আৰু পঢ়কঃ চৰাইৰ প্ৰতি স্নেহ! এতিয়ালৈকে ২.৫ লাখতকৈও অধিক বাহ নিৰ্মাণ এইজন লোকৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু