--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাগাৰৰ ভিতৰত মনে বিচৰা খাদ্য খাবলৈ পোৱা নাযায়৷ কিন্তু এতিয়া দেশৰ এখন ৰাজ্যত কাৰাগাৰৰ ভিতৰতে বহু বিধ খাদ্য পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ কেৱল সেয়াই নহয়, কাৰাবন্দীসকলৰ বাবে ৰখা হৈছে ৰূপচৰ্চাৰো ব্যৱস্থা৷ এইবাৰ মহাৰাষ্ট্ৰত বন্দীসকলৰ বাবে বিভিন্ন সুবিধা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কাৰাগাৰতে  ফুচকাৰ পৰা আইচক্ৰীমলৈকে একাধিক খাদ্যৰ ব্যৱস্থা কৰা হৈছে। কাৰাগাৰৰ ভিতৰত চুলিৰ ৰং কৰাৰ ব্যৱস্থাও কৰা হৈছে । কিন্তু প্ৰশ্ন উত্থাপিত হৈছে  দোষী সাব্যস্ত অপৰাধীসকলৰ বাবে ইমান সুবিধা কিয়? বন্দীসকলে কাৰাগাৰৰ ভিতৰত ক্ৰয় কৰিবলৈ ১৭৩ বিধ  সামগ্ৰী পোৱা যাব। এই সামগ্ৰীৰ তালিকাত  বহু খাদ্য আছে। তালিকাখনত অন্তৰ্ভুক্ত আছে ফুচকা, আচাৰ,  আইচক্ৰীম, পিনাট বাটাৰ ইত্যাদি। কাৰাগাৰৰ ভিতৰত কফি পাউডাৰ বা চেনী-মুক্ত মিঠায়ো পোৱা যাব। 

কেৱল খাদ্যই নহয়, কাৰাবন্দীৰ  দৈনন্দিন ব্যৱহাৰৰ আন বহু সামগ্ৰীও পোৱা যাব। বন্দীসকলে বাৰ্মুডা শ্বৰ্টৰ লগতে টি-চাৰ্টো কিনিব পাৰিব। ফেচ ৱাছ, চুলিৰ ৰঙো  উপলব্ধ হ'ব। ড্ৰাগৰ আসক্তি দূৰ কৰিবলৈ কাৰাগাৰত  নিকোটিন সমৃদ্ধ টেবলেট ক্ৰয় কৰিব পৰা যাব। মহাৰাষ্ট্ৰৰ কাৰাগাৰ বিভাগে ১৭৩ বিধ  সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰিছে।

কাৰাগাৰৰ এডিজিপি অমিতাভ গুপ্তাই কয়, "যদি বস্তু লাভ কৰাত অত্যাধিক নিষেধাজ্ঞা থাকে, তেন্তে বন্দীসকলৰ মানসিক অৱস্থাৰ অৱনতি হ'ব পাৰে। সেয়ে তেওঁলোকক কিছু সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা দিয়া হ’ব৷ ’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক