--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰাগাৰৰ ভিতৰত মনে বিচৰা খাদ্য খাবলৈ পোৱা নাযায়৷ কিন্তু এতিয়া দেশৰ এখন ৰাজ্যত কাৰাগাৰৰ ভিতৰতে বহু বিধ খাদ্য পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ কেৱল সেয়াই নহয়, কাৰাবন্দীসকলৰ বাবে ৰখা হৈছে ৰূপচৰ্চাৰো ব্যৱস্থা৷ এইবাৰ মহাৰাষ্ট্ৰত বন্দীসকলৰ বাবে বিভিন্ন সুবিধা প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

কাৰাগাৰতে  ফুচকাৰ পৰা আইচক্ৰীমলৈকে একাধিক খাদ্যৰ ব্যৱস্থা কৰা হৈছে। কাৰাগাৰৰ ভিতৰত চুলিৰ ৰং কৰাৰ ব্যৱস্থাও কৰা হৈছে । কিন্তু প্ৰশ্ন উত্থাপিত হৈছে  দোষী সাব্যস্ত অপৰাধীসকলৰ বাবে ইমান সুবিধা কিয়? বন্দীসকলে কাৰাগাৰৰ ভিতৰত ক্ৰয় কৰিবলৈ ১৭৩ বিধ  সামগ্ৰী পোৱা যাব। এই সামগ্ৰীৰ তালিকাত  বহু খাদ্য আছে। তালিকাখনত অন্তৰ্ভুক্ত আছে ফুচকা, আচাৰ,  আইচক্ৰীম, পিনাট বাটাৰ ইত্যাদি। কাৰাগাৰৰ ভিতৰত কফি পাউডাৰ বা চেনী-মুক্ত মিঠায়ো পোৱা যাব। 

কেৱল খাদ্যই নহয়, কাৰাবন্দীৰ  দৈনন্দিন ব্যৱহাৰৰ আন বহু সামগ্ৰীও পোৱা যাব। বন্দীসকলে বাৰ্মুডা শ্বৰ্টৰ লগতে টি-চাৰ্টো কিনিব পাৰিব। ফেচ ৱাছ, চুলিৰ ৰঙো  উপলব্ধ হ'ব। ড্ৰাগৰ আসক্তি দূৰ কৰিবলৈ কাৰাগাৰত  নিকোটিন সমৃদ্ধ টেবলেট ক্ৰয় কৰিব পৰা যাব। মহাৰাষ্ট্ৰৰ কাৰাগাৰ বিভাগে ১৭৩ বিধ  সামগ্ৰীৰ এখন তালিকা প্ৰস্তুত কৰিছে।

কাৰাগাৰৰ এডিজিপি অমিতাভ গুপ্তাই কয়, "যদি বস্তু লাভ কৰাত অত্যাধিক নিষেধাজ্ঞা থাকে, তেন্তে বন্দীসকলৰ মানসিক অৱস্থাৰ অৱনতি হ'ব পাৰে। সেয়ে তেওঁলোকক কিছু সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা দিয়া হ’ব৷ ’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়